স্কটলেণ্ডৰ জীয়াৰীয়ে অসমৰ বোৱাৰী হৈ তাঁতশালত ৰচিছে সপোন
২০১৪ চনত বিবাহপাশত আবদ্ধ হৈ অসমলৈ আহি তাঁতশালৰ প্ৰতি আকৰ্ষিত হৈ বিভিন্ন ধৰণৰ কাপোৰ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মহিলাগৰাকী ।

Published : August 5, 2025 at 1:52 PM IST
বোকাখাত : স্কটলেণ্ডৰ জীয়াৰী তথা বৰ্তমান অসমৰ এগৰাকী বোৱাৰী এতিয়া ব্যস্ত তাঁতশালত । বস্ত্ৰ শিল্পৰ ওপৰত সম্পূৰ্ণভাৱে গৱেষণা কৰি বৰ্তমান অসমীয়া তাঁতশালত সপোন ৰচিছে তেওঁ । নাম তেওঁৰ আন্না লুইজ মেইনেল ।
বোকাখাতৰ গড়মূৰ গাঁও নিবাসী চম্পক ডেকাৰ লগত বিবাহপাশত আবদ্ধ হৈ নিজা বাসগৃহত তাঁতশালত নিজৰ লগতে গাঁৱৰ আন কেইবাগৰাকী মহিলা আৰু পুৰুষক সংস্থাপনৰ বাট মুকলি কৰি দিছে তেওঁ । আনহাতে, আন্না লুইজ মেইনেল হৈছে এগৰাকী উচ্চ শিক্ষিত হস্ততাঁত বস্ত্ৰশিল্পৰ আৰ্হি প্ৰস্তুতকাৰক ।
২০১৪ চনত বিবাহপাশত আবদ্ধ হৈ অসমলৈ আহি তাঁতশালৰ প্ৰতি আকৰ্ষিত হৈ বিশেষকৈ এড়ী চাদৰৰ লগতে বিভিন্ন ধৰণৰ কাপোৰ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে স্কটলেণ্ডৰ আন্না লুইজ মেইনেল নামৰ মহিলাগৰাকী ।
এই সন্দৰ্ভত তেওঁ কয়, "অসমীয়া মহিলাৰ বাবে মই ভাবোঁ, ইয়াত উত্তৰ-পূবত নিজৰ দুৱাৰমুখতে বহু কেঁচামাল আছে । গতিকে মই পৰামৰ্শ দিম যে ৰেচম খেতি কৰি, এড়ী পালন কৰি আৰু তাৰ পৰা সূতা কাটি, ৰং কৰা আৰু হস্ততাঁত বয়ন পৰম্পৰাটো আগবঢ়াই নিব লাগে । কাৰণ ইয়াৰ এক বিস্তৃত বজাৰ আছে আৰু তাত এই শিল্পৰ সঁচাকৈয়ে আদৰ বাঢ়িছে । মানুহে এড়ী ৰেচম বিচাৰিছে । তেওঁলোকে পাৱাৰলুমত বোৱা কাপোৰতকৈ বেছি হাতেৰে বোৱা কাপোৰ বিচাৰে ।"

তেওঁ লগতে কয়, "গতিকে মই মই অসমীয়া মহিলাসকলক এটা বাৰ্তা দিব বিচাৰোঁ, যিসকলে পাৰে তেওঁলোকক মই উৎসাহিত কৰিম । যদি ঘৰত সম্ভৱ হয় তেন্তে আপোনালোকে ঘৰতে এড়ী পালন কৰক । নিজে তাঁত বব নোৱাৰিলেও বব পৰা মানুহ বহুত আছে । আৰু সঁচাকৈয়ে ই উপাৰ্জন সৃষ্টিৰ বাবেও এটা ভাল কথা । ই কোনো বিনিয়োগ নকৰাকৈয়ে আয়ৰ সৃষ্টি কৰে। মাত্ৰ পলুবোৰৰ যত্ন ল’ব লাগিব, পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু নিয়মিতভাৱে খুৱাব লাগে ।"
অসমীয়া ভাষাও শিকিছে এইগৰাকী অসমৰ প্ৰতি অগাধ ভালপোৱা থকা বোৱাৰীয়ে । তেওঁ ভঙা ভঙা অসমীয়াত কয়, "মোৰ ইউনিভাৰ্ছিটীৰ ডিগ্ৰী টেক্সটাইল আছিল । ২০ বছৰ হ'ল এতিয়া মই টেক্সটাইল ডিজাইন কৰি আছোঁ । আগতে মই বাণিজ্যিক তাঁতশালত কাম কৰিছিলোঁ । এতিয়া হস্ততাঁত বা হাতেৰে বোৱা শাল ভাল লাগিছে ।"

আনহাতে, তেওঁৰ স্বামীৰ মন্তব্য, "মই ১৯৯৭ চনত ভাৰতীয়া নৌসেনাত যোগদান কৰিছিলোঁ । তেনেকৈয়ে অসমৰ পৰা দূৰৈত আছিলোঁ । নেভীৰ পৰা অৱসৰ লোৱাৰ পিছত, পৃথিৱীৰ বেলেগ বেলেগ ঠাইত য'ত তেলৰ খাদ আছে, সেইবিলাক বনাবৰ কাৰণে বা মেৰামতিৰ কামত মই পৃথিৱীৰ বেলেগ বেলেগ ঠাইলৈ গৈছিলোঁ ।"

ইফালে বিয়া সন্দৰ্ভত তেওঁ কয়, "২০১২ চনত মই ফ্ৰান্সলৈ গৈছিলোঁ । ফ্ৰান্সত ট্ৰেইনিং কৰি থকাৰ সময়তেই নিজৰ বন্ধু-বান্ধৱৰ মাজত চিনাকি ওলাল । লগতে তেওঁ স্পেইনত কাম কৰি থকাত ঠাইটুকুৰা চাবলৈ যোৱাৰ লগতে তেওঁকো লগ পাবলৈ গৈছিলোঁ । তেনেকৈয়ে ২০১২ চনত প্ৰথম লগ পোৱা হৈছিল । ২০১৪ চনত মেঘালয়লৈ আহিছিল এটা অনুষ্ঠানত । তেতিয়াৰে পৰাই আমাৰ সম্পৰ্ক ভাল হয় । মেঘালয়ত তেওঁ গৱেষণা কৰি থকাৰ সময়ত মই সহায় কৰি দিছিলোঁ । তেনেকৈয়ে আমাৰ সম্পৰ্কটো বিয়ালৈ ৰূপান্তৰ হয় । তাৰ পিছতেই আমি বোকাখাতত থাকিবলৈ আৰম্ভ কৰিলোঁ ।"

