ETV Bharat / state

চকুত চকুলো কাৰ্গিল যুদ্ধত দেশৰ বাবে যুঁজা এজন প্ৰাক্তন সেনাৰ; কিন্তু কিয় ?

তেওঁ হৈছে ভাৰতীয় সেনাৰ এজন প্ৰাক্তন চুবেদাৰ । কাৰ্গিল যুদ্ধত যুঁজিছিল তেওঁ । এতিয়াও দেশৰ হকে যুঁজিবলৈ আৰু শত্ৰুক মাৰিবলৈ প্ৰস্তুত ।

Jorhat ex army to join force
সেনাত থকাৰ সময়ৰ এখন ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 6:12 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : ভাৰতীয় সেনাক লৈ প্ৰত্যগৰাকী ভাৰতীয় আজি গৌৰৱান্বিত । দেশমাতৃক শত্ৰুৰ আক্ৰমণৰ পৰা বচাবলৈ ভাৰত-পাক সীমান্তত নিয়োজিত ভাৰতীয় সেনাই যোগ্য প্ৰত্যুত্তৰ দিছে পাক বাহিনীক ।

আনহাতে, ছুটীত ঘৰলৈ অহা প্ৰত্যকজন সেনা জোৱানে ছুটী আধাতে সামৰি দেশমাতৃক সেৱা কৰিবলৈ ইতিমধ্যে সীমান্তত উপস্থিত হৈছে । এইসকল সেনাৰ সৈতে সীমান্তলৈ গৈ শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ অফুৰন্ত হেঁপাহ সেনাৰ প্ৰাক্তন চুবেদাৰ যোৰহাটৰ জিতেন চন্দ্ৰ শইকীয়া ।

ইটিভি ভাৰতৰে হোৱা এক সাক্ষাৎকাৰত ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাক্তন সেনাৰ চুবেদাৰ জিতেন চন্দ্ৰ শইকীয়াই কয়, "পাক মদতপষ্ট সন্ত্ৰাসবাদীয়ে নিৰীহ লোকক হত্যা কৰিছিল । নিৰীহ লোকক হত্যা কৰা অপৰাধত ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰিছিল । ফলত দুয়োখন দেশৰ মাজত আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ আৰম্ভ হয় । ভাৰতীয় সেনাই যোগ্য প্ৰত্যত্তৰ দিয়ে ।"

চকুত চকুলো কাৰ্গিল যুদ্ধত দেশৰ বাবে যুঁজা এজন প্ৰাক্তন সেনাৰ (ETV Bharat Assam)

প্ৰাক্তন চুবেদাৰ জিতেন চন্দ্ৰ শইকীয়াই লগতে কয়, "মই ভাৰত-পাক সীমান্তৰ কাশ্মীৰ, বাৰামুলা, উৰি, পুঞ্চ আদি কৰি বিভিন্ন ঠাইত নিয়োজিত হৈ আছিলো । তেতিয়াৰে পৰাই পাক মদতপুষ্ট সন্ত্ৰাসবাদীয়ে অশান্তি সৃষ্টি কৰি আহিছে ।"

কাৰ্গিল যুদ্ধত অংশগ্ৰহণ কৰা চুবেদাৰ জিতেন চন্দ্ৰ শইকীয়াই কয়, "পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু ইয়াক সমৰ্থন কৰা পাক বিষয়াসকলক বিচাৰি বিচাৰি উলিয়াই সেইসকলক পুলিয়ে-পোখাই উভালি পেলাব লাগে । সুখ-শান্তিৰ এক পৰিৱেশ সৃষ্টি কৰক ।"

আনহাতে, পাকিস্তানৰ বৰ্বৰ আক্ৰমণত শোকত ভাগি পৰা প্ৰাক্তন সেনা জোৱানগৰাকীয়ে চকুত চকুলো নিগৰাই কয়, "মই সেনাত ৩০ বছৰ ধৰি আছিলোঁ । এতিয়াও মোৰ গাত যুঁজাৰু তেজ আছে । সেয়ে মোৰ সেনালৈ যাবলৈ ইচ্ছা হৈছে । ঘৰত এইবোৰ দেখি-শুনি আমনি লাগিছে । মই পাকিস্তানৰ ভিতৰলৈ সোমাই গৈ শত্ৰুক নিধন কৰিম ।"

Jorhat ex army to join force
পত্নী কন্যাৰ সৈতে প্ৰাক্তন সেনা জোৱান জিতেন চন্দ্ৰ শইকীয়া (ETV Bharat Assam)

ইয়াৰ উপৰি তেওঁ কয়, "ভাৰতে নিৰীহ জনতাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা নাই, সন্ত্ৰাসবাদীকহে আক্ৰমণৰ লক্ষ্য কৰি লৈছে । কিন্তু ইয়াৰ বিপৰীতে পাকিস্তানে নিৰীহ সাধাৰণ নাগৰিকক লক্ষ্য কৰি আক্ৰমণ কৰিছে । তেওঁলোকৰ সাধাৰণ নাগৰিকৰ কথা চিন্তা কৰিবলৈ সময় নাই । আমি সদায় নীতি-নিয়মৰ মাজত থাকিবলৈ বিচাৰোঁ যদিও পাকিস্তানে সেয়া হ'বলৈ দিয়া নাই ।"

Jorhat ex army to join force
সেনাত থকাৰ সময়ৰ এখন ফটো (ETV Bharat Assam)

লগতে তেওঁ কয় যে পাকিস্তানে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি বহু দুৰ্নীতিমূলক কাম কৰি আহিছে । উল্লেখ্য যে জিতেন চন্দ্ৰ শইকীয়াই ১৯৮৮ চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰি দুবছৰ এন এছ জিত কৰ্মৰত আছিল । তাৰ পিছত ১৯৯৯ চনত সংঘটিত কাৰ্গিল যুদ্ধত অংশগ্ৰহণ কৰি বহু শত্ৰুক নিধন কৰিছিল । ২০১৯ চনত তেওঁ সেনাবাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰে ।

উল্লেখ্য যে সেনাৰ প্ৰাক্তন চুবেদাৰ জিতেন চন্দ্ৰ শইকীয়াই ৰাষ্ট্ৰপতি প্ৰতিভা সিং পাটিলৰ দেহৰক্ষী হিচাপে কৰ্মৰত আছিল আৰু সেনাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ৰাষ্ট্ৰপতিৰ পৰা পুৰস্কাৰ লাভ কৰিছিল । এইগৰাকী প্ৰাক্তন সেনা জোৱানে সেনাত কৰ্মৰত হৈ থকা সময়ত কেইবাখনো ৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল ।

লগতে পঢ়ক :শত্ৰু পক্ষৰ যুঁজাৰু বিমানৰ আক্ৰমণৰ পৰা গুৱাহাটীক ৰক্ষা কৰাৰ বিশেষ পদক্ষেপ - MOCK DRILL IN GUWAHATI
লগতে পঢ়ক :১৩ মে'ত পুনৰ ৫০০ কোটি টকাৰ ঋণ : হিমন্ত বিশ্ব শর্মা চৰকাৰক ‘ধৰুৱা চৰকাৰ’ আখ্যা প্ৰদেশ কংগ্ৰেছৰ - ASSAM GOVT RBI LOAN