ETV Bharat / state

ভূ-গৰ্ভৰ পানীৰ আৰ্ছেনিক ৰোধৰ বাবে ব্ৰিষ্টল বিশ্ববিদ্যালয়ত অসমীয়া বৈজ্ঞানিকৰ গৱেষণা

অসমকে ধৰি এছিয়াৰ বিভিন্ন প্ৰান্তৰ পানীৰ আৰ্ছেনিকক লৈ চিন্তিত ব্ৰিষ্টল বিশ্ববিদ্যালয়ত কৰ্মৰত এগৰাকী অসম সন্তানৰ । ভূ-গৰ্ভৰ পানীৰ আৰ্ছেনিক ৰোধৰ বাবে গৱেষণা অসমীয়া বিজ্ঞানীগৰাকীৰ ।

ASSAMESE SCIENTIST RESEARCH ON ARSENIC
ভূ-গৰ্ভৰ পানীৰ আৰ্ছেনিক ৰোধৰ বাবে ব্ৰিষ্টল বিশ্ববিদ্যালয়ত অসমীয়া বৈজ্ঞানিকৰ গৱেষণা (ASSAMESE SCIENTIST RESEARCH ON ARSENIC)
author img

By ETV Bharat Assamese Team

Published : February 4, 2025 at 7:32 PM IST

4 Min Read
Choose ETV Bharat

নগাঁও : অসমকে ধৰি এছিয়াৰ বিভিন্ন প্ৰান্তৰ ভূ-গৰ্ভৰ পানীৰ আৰ্ছেনিকক লৈ গৱেষণা কৰাৰ এক পদক্ষেপ হাতত লৈছে এগৰাকী প্ৰবাসী অসমীয়া বৈজ্ঞানিকে । নাম তেওঁৰ ড৹ জগন্নাথ বিশ্বকৰ্মা । অসম, পশ্চিমবংগ তথা এছিয়াৰ বিভিন্ন প্ৰান্তত দেখা দিয়া পানীৰ আৰ্ছেনিকৰ ভয়াৱহতাক লৈ চিন্তিত অসম সন্তান জগন্নাথ বিশ্বকৰ্মা । অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভূগৰ্ভৰ পানীত থকা অতিমাত্ৰা আৰ্ছেনিকৰ পৰিমাণৰ তথ্যও সংগ্ৰহ কৰি ভূ-গৰ্ভৰ পানীৰ আৰ্ছেনিক ৰোধ কৰাৰ বাবে গৱেষণা আৰম্ভ কৰিছে সম্প্ৰতি ইংলেণ্ডৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ত পৃথিৱী বিজ্ঞান বিভাগৰ জলসম্পদ আৰু পৰিৱেশ বিজ্ঞানীৰূপে কৰ্মৰত অসম সন্তান জগন্নাথ বিশ্বকৰ্মাই ।

আৰ্ছেনিকৰ অৱস্থিতি আৰু ভয়াৱহতা:

ভূ-গৰ্ভৰ পানীৰ আৰ্ছেনিক ৰোধৰ বাবে গৱেষণা আৰম্ভ কৰা ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ অসমীয়া বিজ্ঞানী ড৹ জগন্নাথ বিশ্বকৰ্মাই ইটিভি ভাৰতৰ নগাঁৱৰ সাংবাদিকক টেলিফোনিক সাক্ষাৎকাৰত জনোৱা মতে, জলশক্তি মন্ত্রণালয়ে ৰাজ্যসভাত প্রস্তুত কৰা এক প্রতিবেদন অনুসৰি ভাৰতৰ মুঠ ২৫ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত প্রদেশৰ মুঠ ২৩০খন জিলাত আৰ্ছেনিকৰ মাত্রা অধিক । ভূগর্ভস্থ পনীৰ গুণাগুণ সন্দৰ্ভত চৰকাৰৰ শেহতীয়া প্রতিবেদন অনুসৰি, অসমৰ প্রায় ১৯ ৰ পৰা ২১খন জিলা আৰ্ছেনিক প্রদূষিত স্থান হিচাপে চিনাক্ত হৈছে । পানীৰ আৰ্ছেনিকৰ নিৰ্দ্ধাৰিত নিৰাপদ সীমা প্রতি লিটাৰত ০.০১ মিলিগ্রাম বুলি অসমীয়া বিজ্ঞানীগৰাকীয়ে জানিবলৈ দি অসমৰ প্ৰায় ২১ খন জিলাৰ ভূ-গৰ্ভৰ পানীত আৰ্ছেনিকৰ পৰিমাণ নিৰ্দ্ধাৰিত নিৰাপদ সীমা অতিক্ৰম কৰা বুলিও জানিবলৈ দিয়ে ।

বিশেষকৈ কাছাৰ, দৰং, গোলাঘাট, যোৰহাট, লখিমপুৰ, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰৰ বিভিন্ন অঞ্চলত বিশ্ব স্বাস্থ্য সংস্থাই নির্দ্ধাৰণ কৰা সীমাতকৈ আৰ্ছেনিকৰ পৰিমাণ অধিক বুলিও ইটিভি ভাৰতক জানিবলৈ দিয়ে বিজ্ঞানী জগন্নাথ বিশ্বকৰ্মাই । এই সন্দৰ্ভত বিজ্ঞানীগৰাকীয়ে ইটিভি ভাৰতক কয়, "আমাৰ নিজৰ প্ৰাৰম্ভিক অধ্যয়ন অনুসৰি নগাঁও আৰু দৰঙৰ কিছু অংশত কেইবাটাও কুঁৱা আৰু টিউববেল আছে, য'ত আৰ্ছেনিকৰ পৰিমাণ অধিক । একে সময়তে এই সকলোবোৰ স্থানতে আইৰনৰ মাত্রাও বেছি । গতিকে খোৱাপানীৰ উৎসসমূহ মুখ্যতঃ ভূগর্ভস্থ পানী বর্তমান প্ৰদূষিত হৈ পৰিছে ।"

ড৹ জগন্নাথ বিশ্বকৰ্মাৰ গৱেষণা:

অসম তথা দেশৰ বিভিন্ন প্ৰান্তত ক্ৰমাৎ ভয়াৱহ ৰূপ লোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভূ গৰ্ভৰ পানীৰ আৰ্ছেনিকৰ ওপৰত গৱেষণা কৰাত মনোনিৱেশ কৰা বুলি উল্লেখ কৰি ইটিভি ভাৰতক জানিবলৈ দিয়ে, "মোৰ গবেষণাৰ বিষয়বস্তু অসমকে ধৰি দক্ষিণ-পূব এছিয়াৰ কেইবাটাও অঞ্চলৰ বাবে বিশেষভাৱে প্রাসংগিক । মোৰ গবেষণাই মূলতঃ মাটি, পানী আৰু মাটি-পানীৰ সংযোগস্থলত হৈ থকা বিভিন্ন জৈৱ ভূ-ৰাসায়নিক প্রক্রিয়াবোৰ বুজি পোৱা সন্দর্ভত গুৰুত্ব আৰোপ কৰা । যাৰ ফলত পানীৰ গুণাগুণ আৰু কৃষি ব্যৱস্থাৰ বিষয়ে বিজ্ঞানসম্মতভাবে জানিব পৰা যায় ।"

বিজ্ঞানী ড৹ জগন্নাথ বিশ্বকৰ্মাৰ বিষয়ে:

নাম জগন্নাথ বিশ্বকৰ্মা । অসমৰ নগাঁও জিলাত জন্মগ্রহণ জগন্নাথ বিশ্বকৰ্মাই প্রাথমিক আৰু মাধ্যমিক শিক্ষা অসমীয়া মাধ্যমত সম্পূর্ণ কৰি নগাঁও মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈছিল । নগাঁও মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র ড৹ বিশ্বকর্মাই পৰৱৰ্তী সময়ত চেন্নাইৰ পৰা জৈৱ প্রযুক্তি বিষষত বি টেক ডিগ্রী লাভ কৰে । পৰৱৰ্তী সময়ত ছুইজাৰলেণ্ডৰ বিশ্ববিখ্যাত ই টি এইচ জুৰিখৰপৰা তেওঁ পৰিৱেশ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্রী লাভ কৰে । জলবিজ্ঞানৰ বিশ্বৰ অন্যতম আগশাৰীৰ গৱেষণা প্রতিষ্ঠান ছুইজাৰলেণ্ডৰ ইৱাগতৰ বিখ্যাত বিজ্ঞানী তথা প্রতিষ্ঠানৰ সঞ্চালক জেনেট হেৰিঙৰ লগত কাম কৰি তেওঁ বিজ্ঞানৰ বহু দিশ অধ্যয়ন কৰে ।

ছুইজাৰলেণ্ডত ১১ বছৰ কাটোৱাৰ পাছত তেওঁ ইংলেণ্ডত অধ্যাপনা আৰম্ভ কৰে । সম্প্ৰতি ইংলেণ্ডৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ পৃথিৱী বিজ্ঞান বিভাগৰ জলসম্পদ আৰু পৰিৱেশ বিজ্ঞানীৰূপে কৰ্মৰত ড৹ জগন্নাথ বিশ্বকৰ্মাই ভূ-গৰ্ভৰ পানীৰ আৰ্ছেনিকৰ ওপৰত আৰম্ভ কৰা গৱেষণা নগাঁও তথা অসমৰ বাবেই গৌৰৱ তথা প্ৰশংসনীয় বুলি মতপোষণ কৰে নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডঃ শৰৎ বৰকটকীৰ লগতে বিভিন্নজনে ।

লগতে পঢ়ক: সহজ হৈ পৰিল অসমীয়া ডিটিপি; কৈ যোৱা কথা স্বয়ংক্ৰিয়ভাৱে টাইপ কৰিব ‘Aakhor AI’ এ