ETV Bharat / state

মৰিও অমৰ হৈ থাকিল জুবিন, তেজপুৰত কাঞ্চনজঙ্ঘা স্পট আৰু জুবিন পইণ্ট

জুবিন গাৰ্গৰ 'কাঞ্চনজঙ্ঘা'ৰ দৃশ্যগ্ৰহণ কৰা গছজোপাৰ নাম হ'ব এতিয়াৰে পৰা 'কাঞ্চনজঙ্ঘা স্পট' ।

memory of Zubeen Garg
তেজপুৰত জুবিন গাৰ্গৰ স্মৃতিত কাঞ্চনজঙ্ঘা স্পট আৰু জুবিন পইণ্ট নামেৰে নামাকৰণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 23, 2025 at 8:34 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: জনতাৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ লগে লগেই এটা যুগৰ অৱসান ঘটিল । অসমৰ চুকে কোণে হাজাৰ হাজাৰ লোকে একত্ৰিত হৈ শিল্পীগৰাকীৰ নামত বিভিন্ন ধৰণৰ প্ৰতীকী সযতনে উৎসৰ্গা কৰিছে ।

সাংস্কৃতিক নগৰী তেজপুৰৰ লগত আছিল জুবিন গাৰ্গৰ বিশেষ সম্পৰ্ক । তেজপুৰলৈ আহিলেই বা তেজপুৰ হৈ ক'ৰাবলৈ যাবলৈ হ'লে আহোতে বা যাওতেই তেজপুৰত সোমাই ভিন্নজনক লগ কৰি যায় ।

বিগত ২০১৮ বৰ্ষৰ মাৰ্চ মাহত তেজপুৰ চহৰৰ নিলগত দ-বেচেৰীয়াৰৰ এক বিশেষ ঠাইত জুবিন গাৰ্গৰ চলচ্চিত্ৰ 'কাঞ্চনজঙ্ঘা'ৰ দৃশ্যগ্ৰহণ হৈছিল । সেই সময়ত জুবিনৰ এই অঞ্চলত বহু লোকৰ সৈতে সম্পর্ক হৈছিল ।

বেচেৰীয়াত এজোপা প্ৰকাণ্ড গছৰ কাষত সেই দৃশ্যগ্ৰহণ হৈছিল । জুবিন গাৰ্গৰ এই 'কাঞ্চনজঙ্ঘা'ৰ দৃশ্যগ্ৰহণ কৰা গছজোপাক সোমবাৰে স্থানীয় ৰাইজে মিলি 'কাঞ্চনজঙ্ঘা স্পট' নামেৰে নামকৰণ কৰিছে ।

memory of Zubeen Garg
কাঞ্চনজঙ্ঘা স্পট (ETV Bharat Assam)

অসম নাট্য সন্মিলনৰ উপ-সভাপতি তথা বেচেৰীয়া নিবাসী বিশিষ্ট নাট্যকাৰ মৃগেন চন্দ্ৰ বড়াই কয়, "তেজপুৰ দ-বেচেৰীয়াৰ এই অঞ্চলত গছজোপাৰ পৰা এখন দলঙলৈ এই কাঞ্চনজঙ্ঘাৰ দৃশ্যগ্রহণ হৈছিল । এই দৃশ্যগ্ৰহণৰ ঠাইখিনিত জুবিন গাৰ্গৰ মৃত্যুৰ দিনাৰে পৰা বন্তি জ্বলাই ইয়াক 'কাঞ্চনজঙ্ঘা স্পট' আৰু দলংখনৰ ঠাইক 'জুবিন পইণ্ট' নামেৰে নামাকৰণ কৰা হৈছে । কাৰণ ধূলিকণা গীতটিৰ দৃশ্যগ্ৰহণ এই ঠাইত হৈছিল আৰু স্থানীয় গাঁৱৰ যুৱক-যুৱতীয়ে এই গীতৰ দৃশ্যগ্ৰহণত অংশগ্ৰহণ কৰিছিল । জুবিনৰ সেই স্মৃতি সজীৱ কৰি ৰাখিবলৈ গাঁৱৰ সকলোৱে এই নামেৰে উৎসৰ্গা কৰে ।''

memory of Zubeen Garg
জুবিন পইণ্ট (ETV Bharat Assam)

তেজপুৰ আনোৱাৰ ছবি গৃহৰ স্বত্বাধিকাৰী, জুনেইদ হুছেইনে কয়, "আমি চিনেমাৰ লগত জড়িত, সেইবাবেই সেই সময়ত জুবিন দাৰ কাঞ্চনজঙ্ঘাৰ দৃশ্যগ্ৰহণৰ খবৰ পাই চাবলৈ গৈছিলো । তেতিয়া দাদাই সকলোৰে লগত ভালদৰে কথা পাতিছিল । যিকোনো লোকৰ মাজত সহজতে বিলীন হৈ গৈছিল । ছবিৰ দৃশ্যগ্ৰহণৰ বাবে কিছু সময় লাগিছিল । জুবিন দাৰ চিনেমাৰ পিছতে অসমীয়া চিনেমাই নতুন ৰূপ লৈছিল আৰু চিনেমা জগতখনক তেওঁ বহু আগবঢ়াই লৈ গৈছিল মোৰ দৃষ্টিত ।"

তেওঁ কয়, "কাঞ্চনজঙ্ঘাৰ দৃশ্যগ্ৰহণ কৰা ঠাইক এতিয়া জুবিন দাৰ প্ৰতি শ্ৰদ্ধা জনাই 'কাঞ্চনজঙ্ঘা স্পট' নামেৰে নামাকৰণ কৰাৰ বাবে সকলোৱে আনন্দ পাইছে ।"

লগতে পঢ়ক : অলৌকিক সংযোগ... ! ১২ বছৰ আগতে ফটো তোলা ঠাইতে অন্তিম শয়ন ! আঁৰৰ কাহিনী...

লগতে পঢ়ক : পঞ্চভূতত বিলীন মহানায়কৰ পাৰ্থিৱ শৰীৰ: মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা...