লেঙেৰীলৈ আহকচোন এবাৰ... চাই যাওক গুলপীয়া পাতৰ আঁহতজোপা
পথেৰে যোৱা প্ৰতিগৰাকী ব্যক্তিয়ে এবাৰ হ'লেও ৰৈ গছজোপালৈ চাইছে । মোবাইলেৰে ফটোও তুলিছে ।

Published : April 17, 2025 at 4:47 PM IST
ডিব্ৰুগড় : এতিয়া ব'হাগৰ বতৰ । এই সময়ত প্ৰকৃতিয়ে নিজৰ ৰূপ সলাইছে । বসন্তৰ আগমনৰ লগে লগে গছ-লতাক ন-ৰূপত দেখা গৈছে । প্ৰতিজোপা গছে ঠন ধৰি উঠিছে । তেনে সময়তে ডিব্ৰুগড়ৰ লেঙেৰীত এজোপা আঁহত গছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । গছজোপাৰ কাষেৰে পাৰ হৈ যোৱা প্ৰতিগৰাকী লোকে এবাৰ হ'লেও ৰৈছে আৰু গছজোপাৰ নতুন ৰূপ উপভোগ কৰিছে । বিভিন্নজনৰ বাবে গছজোপা ছেলফি জ'নত পৰিণত হৈছে । নিজৰ নিজৰ মোবাইলত আঁহতজোপাৰ ফটো তুলিছে । কিন্তু আন গছতকৈ কি পৃথক এই আঁহতজোপা ?
আচলতে মৰাণ-নাহৰকটীয়া পথৰ কাষতে থকা আঁহতজোপা ন-কুঁহিপাতেৰে আৱৰি ধৰিছে । ফলত গছজোপাৰ ৰং গুলপীয়া হৈ পৰিছে । সচৰাচৰ আঁহত গছৰ কুঁহিপাতৰ ৰং গুলপীয়া বা আংশিক ৰঙা হয় ।
কিন্তু আন আঁহত গছৰ কুঁহিপাতৰ মাজত দুই এখিলা সেউজীয়া পুৰঠ পাতো থাকে । অৱশ্যে এই আঁহত গছজোপা সম্পূৰ্ণৰূপে কুঁহিপাতে আৱৰি ধৰিছে । যাৰ বাবে গছজোপা সম্পূৰ্ণৰূপে গুলপীয়া হৈ পৰিছে । গছজোপাৰ এনে দৃশ্যই সকলোকে আকৰ্ষণ কৰিছে । যিয়ে এই পথেৰে পাৰ হৈ গৈছে, এবাৰ ৰৈ গছজোপাৰ সৌন্দৰ্য উপভোগ কৰিছে । কেৱল স্থানীয় লোকেই নহয় গছজোপাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ওচৰৰ গাঁওবোৰৰ পৰাও বিভিন্নজন আহিছে ।

ছেলফি জ'নত পৰিণত
পথটোৰে পাৰ হৈ যোৱা বিভিন্নজনে মোবাইলত গছজোপাৰ ফটো সাঁচি ৰাখিছে । গছজোপাৰ সৈতে ছেলফিও তুলিছে । অঞ্চলটোৰ লোকসকলৰ মোবাইলে মোবাইলে এতিয়া এই গছজোপা ভাইৰেল হৈ পৰিছে ।

গছজোপা সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়, "আজি কিছুদিনৰ পৰা এই গছজোপা নতুন কুঁহিপাতেৰে ভৰি পৰিছে । বিগত বছৰৰ দৰে এইবাৰো গছজোপাক লৈ ৰাইজৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । একপি ফটো ল'বলৈ বিভিন্ন প্ৰান্তৰৰ ৰাইজে গছজোপাৰ তলত ভিৰ কৰিছে । বসন্ত অহাৰ লগে লগে একেসময়ত গোটেইখিনি পাত ওলাই দেখিবলৈ খুব ধুনীয়া পৰিৱেশ সৃষ্টি কৰিছে । মই জনা মতে ১৯৮৮ চনত অন্তৰ মাঝি নামৰ এজন মজদুৰ লোকে এই গছজোপা ৰোপণ কৰিছিল । আন আঁহত গছৰ দৰে ইয়াৰ পাতৰ ৰং একে নহয় । সেয়ে ৰাইজৰ মাজত আকৰ্ষণ বৃদ্ধি পাইছে ।"

