ETV Bharat / state

ৰেডিঅ' আৰু আবেগ... এজন ব্যক্তিৰ জীৱন যাত্ৰাৰ সহযাত্ৰী এটা ৰেডিঅ'

৪০ টা বছৰে ৰেডিঅ'ৰ সৈতে জৰিয়তে জীৱন জীয়াই অহা এজন ব্যক্তি । দেখাত সাধাৰণ, কিন্তু চিন্তাধাৰাৰে অসাধাৰণ এই বিশেষ ব্যক্তিগৰাকী । এক প্ৰতিবেদন ।

A person who has been living connected with a radio for 40 years in Jorhat
ৰেডিঅ'টোৰ সৈতে চন্দ্ৰকান্ত কৰ্মকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 5, 2025 at 8:06 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: যোৰহাটৰ এগৰাকী বিশেষ ব্যক্তি । অকলশৰীয়া ব্যক্তিগৰাকীৰ সংগী এটা ৰেডিঅ' । পুৱা শুই উঠাৰ পৰা নিশা শোৱাপাটীলৈ যোৱালৈকে লগৰী হিচাপে থাকে তেওঁৰ ৰেডিঅ' । তেওঁৰ মতে ৰেডিঅ'টোত আছে বিশ্বকৰ্মা আৰু দেৱী সৰস্বতী । ৰেডিঅ'টোৱে দিছে তেওঁক জীৱনত কাম কৰাৰ শক্তি ।

যোৰহাটৰ সকলোৰে পৰিচিত এই ব্যক্তিগৰাকীৰ নাম চন্দ্ৰকান্ত কৰ্মকাৰ । চন্দ্ৰকান্ত কৰ্মকাৰৰ ঘৰ যোৰহাটৰ কাঁছগড়ালত । যোৰহাট নগৰৰ প্ৰায় সংখ্যক লোকে চন্দ্ৰকান্ত কৰ্মকাৰ নামৰ এই লোকজনক মৰমতে চন্দ্ৰ কাই বুলি মাতে । দেখাত সাধাৰণ যেন লাগিলেও এই লোকজনৰ চিন্তাধাৰা দেখিলে আপুনিও অভিভূত হ'ব ।

৪০ বছৰে ৰেডিঅ'টোকে সংগী কৰি জীৱন কটোৱা এজন ব্যক্তি (ETV Bharat Assam)

যোৱা ৪০ টা বছৰে ৰেডিঅ'টোক জীৱন লগৰীৰ দৰে ৰাখিছে এই বিশেষ ব্যক্তিগৰাকীয়ে । দিন হাজিৰা কৰা চন্দ্ৰ কাইৰ অনবৰতে কাষত থাকে ৰেডিঅ'টো । কেৱল ঘৰতেই নহয়, কামলৈ বুলি ওলাই যাওতেও চন্দ্ৰ কাইৰ কান্ধত ৰেডিঅ'টো দেখিবলৈ পাবই ।

পথত যদি ৰেডিঅ'ৰ মাত শুনিলেই চন্দ্ৰ কাই অহাৰ উমান পাই সকলোৱে । আঠ বেঠে সকলোৱে মাতি লৈ যায় চন্দ্ৰ কাইক । ৰেডিঅ' শুনি শুনি গৃহস্থই বুজাই দিয়া কামসমূহ সমাপন কৰি আকৌ ৰেডিঅ' শুনি শুনি ঘৰমুৱা হয় চন্দ্ৰ কাই । যোৰহাটৰ গড়মূৰ অঞ্চলৰ সকলোৰে বাবে বিশেষ চন্দ্ৰ কাইৰ ৰেডিঅ'ত বাজি উঠা লতা, উষা, ভুপেন দাৰ গীতে তিনি আলি ,চাৰি আলি ৰসাল কৰি তোলে ।

A person who has been living connected with a radio for 40 years in Jorhat
ৰেডিঅ' শুনি থকাৰ সময়ত চন্দ্ৰকান্ত কৰ্মকাৰ (ETV Bharat Assam)

কেৱল সিমানেই নহয়, চন্দ্ৰ কাইৰ জিভাত লাগি থাকে ৰেডিঅ'ৰ প্ৰতিটো অনুষ্ঠানৰ বিৱৰণ । চন্দ্ৰ কাইৰ মতে ৰেডিঅ'ত সম্প্ৰচাৰিত বিধানসমূহ মাক-দেউতাকে নিজৰ সন্তানক দিয়া উপদেশৰ দৰেই ।

A person who has been living connected with a radio for 40 years in Jorhat
ৰেডিঅ'টোৰ সৈতে চন্দ্ৰকান্ত কৰ্মকাৰ (ETV Bharat Assam)

লগতে তেওঁ কয়, "বৰ্তমান ৰেডিঅ'ৰ বেটাৰীৰ দাম বৃদ্ধি পাইছে, কিন্তু মই ৰেডিঅ'ৰ বাবে টকা-পইচা খৰচ কৰি যামেই । মোৰ ৰেডিঅ'টোৰ বাবে মোক সকলোৰে সন্মান কৰি কামো দিয়ে । মোৰ পৰা অনুপ্ৰাণিত হৈ বহু লোকে ৰেডিঅ' লৈছে । মোৰ ভ্ৰমণকালতো সহযাত্ৰী হিচাপে ৰেডিঅ' থাকেই আৰু ৪০বছৰ ধৰি মোৰ লগৰী হিচাপে ৰেডিঅ'টো আছে ।

A person who has been living connected with a radio for 40 years in Jorhat
বৰ্তমানলৈ তেওঁ সলনি কৰা ৰেডিঅ'ৰ বেটেৰী (ETV Bharat Assam)

মুঠৰ ওপৰত দিন হাজিৰা কৰা চন্দ্ৰকায়ে ৰেডিঅ'ৰ জড়িয়তে জীৱন জুৰায়, আৰু আঁতৰায় দুখ-ক্লেশ-অৱসাদ । যোৰহাট নগৰৰ অলিয়ে গলিয়ে ঘুৰি ফুৰা এইগৰাকী বিশেষ ব্যক্তিৰ ৰেডিঅ' আসক্তিয়ে সকলোকে বুজাই দিয়ে আকাশবাণীৰ আবেগ আৰু উদ্মাদনা ।

লগতে পঢ়ক: স্কটলেণ্ডৰ জীয়াৰীয়ে অসমৰ বোৱাৰী হৈ তাঁতশালত ৰচিছে সপোন - ASSAM ERI SILK

কংক্ৰিটৰ চহৰৰ মাজত থকা এখন বিশেষ উদ্যান- য‘ত পোৱা যায় এবিধ-দুবিধ নহয়, এশবিধতকৈ অধিক ঔষধি গছ - TRADITIONAL MEDICINAL PLANT GARDEN