ETV Bharat / state

প্ৰাতঃভ্ৰমণেই শেষ যাত্ৰা হ'ল শ্ৰীনিবাসৰ - MURDER IN NAGAON

প্ৰাতঃভ্ৰমণৰ বাবে ওলাই গৈছিল শ্ৰীনিবাস । কিন্তু ঘটি গ'ল ভয়ংকৰ ঘটনা । পৰিয়ালত কান্দোনৰ ৰোল ।

A person was killed in an attack by a man with a mental disorder in Nagaon
প্ৰাতঃভ্ৰমণেই শেষ যাত্ৰা হ'ল শ্ৰীনিবাসৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 24, 2025 at 2:21 PM IST

3 Min Read

নগাঁও: ৰাজপথত মানসিক বিকাৰগ্রস্ত লোক দেখিলে সাৱধান হওঁক আপুনিও । কাৰণ যিকোনো মুহূৰ্তত উত্তেজিত হৈ আপোনাৰ সৈতেও সংঘটিত কৰি পেলাব পাৰে ভয়ংকৰ ঘটনা । নগাঁৱত সংঘটিত এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । বৃহস্পতিবাৰে পুৱাই নগাঁও চহৰৰ ধিং গেটৰ উৰণসেতুৰ তলত এজন মানসিক বিকাৰগ্রস্ত লোকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে নগাঁও চহৰৰে লাচিত নগৰৰ বাসিন্দা শ্ৰীনিবাস সূত্ৰধৰে । নগাঁও চহৰৰ ধিং গেটৰ উৰণীয়া সেতুৰ তলত বৃহস্পতিবাৰে পুৱাই সংঘটিত হয় এই মৰ্মান্তিক হত্যাকাণ্ড ।

জানিব পৰা মতে, শ্ৰীনিবাস সূত্ৰধৰে প্ৰতিদিনাৰ দৰে বৃহস্পতিবাৰে প্ৰাতঃভ্ৰমণৰ বাবে ওলাই গৈছিল ঘৰৰ পৰা । কিন্তু তেওঁৰ এই প্ৰাতঃভ্ৰমণেই যে শেষ যাত্ৰা হ’ব সেয়া হয়তো কোনেও ভবা নাছিল । কোনেও নভবা ঘটনাটোৱেই ঘটি গ'ল বৃহস্পতিবাৰে পুৱা । ঘৰৰ পৰা ওলাই যোৱাৰ কিছু সময় পাছতেই ধিং উৰণসেতুৰ তলত উদ্ধাৰ হয় প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱা শ্ৰীনিবাসৰ মৃতদেহ । স্থানীয় লোকে মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়াত উচ্চপদস্থ আৰক্ষী বিষয়াসহ ঘটনাস্থলীত উপস্থিত হয় নগাঁও আৰক্ষীৰ এটা দল ।

প্ৰাতঃভ্ৰমণেই শেষ যাত্ৰা হ'ল শ্ৰীনিবাসৰ (ETV Bharat Assam)

আৰক্ষীৰ দলটো উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা এটা প্ৰকাণ্ড শিল উদ্ধাৰ কৰিবলৈ সক্ষম হয় । মৃতদেহৰ মূৰত আঘাতৰ চিন স্পষ্ট হোৱাৰ কথা উল্লেখ কৰে নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰাই । ইপনে, নগাঁও আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি অৰ্জুন বৰা নামৰ এজনক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ তথ্য অনুসৰি, অৰ্জুন বৰা এজন মানসিক বিকাৰগ্রস্ত ব্যক্তি ।

এই সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "প্ৰাথমিক অনুসন্ধানত তেওঁক আমি সন্দেহ কৰিছো আৰু তেওঁক ইতিমধ্যে কৰায়ত্ত কৰা হৈছে । ক্ৰাইম চিনত যিটো মৃতদেহ পৰি আছে তাত কিছুমান পাথৰ পাইছো । যিটোৰে তেওঁ আক্ৰমণ কৰিছে বুলি সন্দেহ কৰিছো । মূৰত আঘাত দেখা গৈছে । অভিযুক্ত মানসিকভাৱে বিকাৰগ্ৰস্ত, তেওঁৰ নাম অৰ্জুন বৰা । তেওঁ প্ৰায় উৰণসেতুৰ তলতে থাকে । প্ৰত্যক্ষদৰ্শীয়ে আগতেও তেওঁ ব'ল্ডাৰ বা শিল লৈ দুই-এজন লোকক খেদি যোৱা বুলি কৈছে । গতিকে তেওঁক আটক কৰা হৈছে ।"

মৃতদেহটোৰ সন্দৰ্ভত তেওঁ জনাই, "মৃতদেহটো চিনাক্ত কৰা হৈছে । তেওঁ শ্ৰীনিৱাস সূত্ৰধৰ । বয়স প্ৰায় ৪৫ বছৰ । তেখেতৰ লাচিত নগৰত ঘৰ । তেওঁ প্ৰায় ইয়াত মৰ্ণিং ৱাক কৰিবলৈ আহে । আজিও প্ৰায় পুৱা ৪:১৫ মানত তেওঁ আহে আৰু তেনে সময়তে ঘটনাটো সংঘটিত হৈছিল ।" অধিক তথ্যৰ বাবে ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ কথাও তেওঁ উল্লেখ কৰে ।

উক্ত ঘটনাই নগাঁৱৰ জনসাধাৰণৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । মানসিক বিকাৰগ্রস্ত ব্যক্তিৰ আক্ৰমণৰ ফলত এজন নিৰীহ ব্যক্তিৰ অকাল মৃত্যুৱে সমাজত এইধৰণৰ মানসিক বিকাৰগ্ৰস্ত ব্যক্তিৰ চিকিৎসা আৰু পৰিচৰ্যাৰ প্ৰয়োজনীয়তাৰ প্ৰশ্নও উত্থাপন কৰিছে । নগাঁও চহৰত সংঘটিত হোৱা এই মৰ্মান্তিক ঘটনাৰ পাছত জনসাধাৰণৰ মাজত সাৱধানতাৰ প্ৰয়োজনীয়তাৰ প্ৰসংগও চৰ্চালৈ আহিছে ।

লগতে পঢ়ক: ৱেভছ ছামিট 2025 ত 'ৰিজ’নেট' ই ডি এম চেলেঞ্জৰ শীৰ্ষ দহত অসমৰ পৰা তিনিজন - RESONATE EDM CHALLENGE AT WAVES

পাকিস্তানৰ নিৰ্দেশত চলা ভাৰতীয়সকল আমাৰ আৰু ডাঙৰ শত্ৰু: কাক উদ্দেশ্যি ক'লে মুখ্যমন্ত্ৰীয়ে - ASSAM CM ON PAHALGAM ATTACK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.