ETV Bharat / state

গুৱাহাটী এপলোত চিকিৎসাধীন জি বি এছত ৰোগত আক্ৰান্ত এগৰাকী কিশোৰী

শুকুৰবাৰে গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতালত জি বি এছত আক্ৰান্ত প্ৰথমগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ পিছত এইবাৰ এপলো হাস্পতালত আন এগৰাকী কিশোৰীৰ শৰীৰত ধৰা পৰিছে এই ৰোগ ।

GUILLAIN BARRE SYNDROME
গুৱাহাটী এপলোত চিকিৎসাধীন জি বি এছত ৰোগত আক্ৰান্ত এগৰাকী কিশোৰী (IANS)
author img

By ETV Bharat Assamese Team

Published : February 3, 2025 at 8:51 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: গুৱাহাটীত আকৌ এগৰাকী শেহতীয়াকৈ দেশজুৰি আতংকৰ সৃষ্টি কৰা সংক্ৰামক ৰোগ গুইলেইন-বেৰে চিণ্ড্ৰ'ম (জি বি এছ)ত ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত থকা এপলো হাস্পতালত চিকিৎসাধীন‌ হৈ আছে । এই ৰোগত আক্ৰান্ত ‌হোৱা ৰোগীগৰাকী কিশোৰী (১৭) । হাস্পতালৰ কৰ্তৃপক্ষই জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিমতে, বৰ্তমান কিশোৰীগৰাকী হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে ।

হাস্পতাল কৰ্তৃপক্ষই জনোৱা‌ মতে, যোৱা ১৯ জানুৱাৰীত কিশোৰীগৰাকী হাস্পতালত ভৰ্তি হৈছিল । কিশোৰীগৰাকী পেশীত দুৰ্বলতা অনুভৱ কৰি আছিল আৰু কথা ক'বলৈ অসুবিধা পাই আছিল । পিছত চিকিৎসকে প্ৰয়োজনীয় সকলো‌ পৰীক্ষা‌ কৰাৰ‌ অন্তত কিশোৰীগৰাকীৰ শৰীৰত জি বি এছ ৰোগ চিনাক্ত হয় । কিশোৰীগৰাকী লগে লগে আই চি ইউত ভৰ্তি কৰাৰ লগতে ভেন্টিলেটৰ পৰ্যন্ত দিবলগীয়া হয় ।‌ বৰ্তমান কিশোৰীগৰাকী পূৰ্বতকৈ সুস্থ হৈ উঠিছে যদিও চিকিৎসকে আই চি ইউত কিশোৰীগৰাকীক নিৰীক্ষণত ৰাখিছে ।‌

উল্লেখ্য যে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যুমুখত পৰিছে আফিয়া নামৰ এগৰাকী ১৭ বছৰীয়া কিশোৰী । আফিয়া আছিল গুৱাহাটী মহানগৰীৰ পাথৰ কুৱেৰীৰ বাসিন্দা । যোৱা ২১ জানুৱাৰীৰ পৰা কিশোৰীগৰাকী চিকিৎসাধীন হৈ আছিল মহানগৰীৰ প্ৰতীক্ষা হাস্পতালত । এই হাস্পতালত চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে নিশা ৯:৩০ বজাত মৃত্যুমুখত পৰে কিশোৰীগৰাকী ।

চিকিৎসকে জনোৱা অনুসৰি, জি বি এছ ভাইৰাজনিত স্নায়ৱি বিসংগতি জনিত ৰোগ । এই ৰোগৰ লক্ষণ হৈছে জ্বৰ, কাহ, চৰ্দি, বিষ আদি । জ্বৰ, কাহ, চৰ্দি, বিষ হৈ ভৰি জিনজিনায় । অৱস অৱস অনুভৱ হয় । ভৰিৰ পৰা ওপৰলৈ পেৰালাইচিচ হৈ আহি থাকে । হাওঁফাওঁৰ ওচৰত থকা পেশীত প্ৰভাৱ বিস্তাৰ কৰিলে শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সৃষ্টি হয় । এইবোৰ লক্ষণ দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে । মাজে মাজে এই ৰোগত আক্ৰান্ত ৰোগী পোৱা যায় । সময়মতে চিকিৎসা কৰিলে ৰোগী সুস্থ হয় । বিশেষ ভয়ৰ কাৰণ নাই কিন্তু সাৱধানতা অৱলম্বন কৰিব লাগে ।

লগতে পঢ়ক: সাৱধান নহ'লেই বিপদ ! জি বি এছ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত কিশোৰীৰ মৃত্য়ু