যোৰহাট : কপৌফুল; অসমীয়া লোক সংস্কৃতিত সংপৃক্ত হৈ আছে কপৌফুলৰ নাম ৷ কপৌফুলৰ অবিহনে শোভা নাপায় নাচনীৰ খোপা ৷ সেয়ে ব’হাগ বিহুটিত লাহৰীৰ কলডিলীয়া খোপাটো শুৱনি কৰা কপৌফুল বিচাৰি হাবাথুৰি খাই বিহুবলীয়া নাচনীসকলে ।
ব’হাগত কপৌফুলে হৰি নিয়ে প্রতিগৰাকী নাচনী-ঢুলীয়াৰ মন-প্রাণ । নাচনীৰ খোপাত ঢুলীয়াই গুজি দিয়া কপৌপাহিয়ে কঢ়িয়াই আনে ব’হাগী প্ৰেমৰ বতৰা ।
- অসমৰ ক'ত আছে কপৌ ফুলৰ অৰণ্যখন ?
অসমীয়াৰ জনজীৱন চহকী কৰা এই কপৌপাহি সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে প্ৰায় ৩০ বছৰ ধৰি কাম কৰি আহিছে তিতাবৰ ৰঙাজানৰ মিঠু গগৈ নামৰ ব্যক্তিজনে । জাতীয় ফুলৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি কপৌফুলৰ সংৰক্ষণৰ বাবে দৈনিক অসাধ্য সাধন কৰিছে তিতাবৰ ৰঙাজানৰ মিঠু গগৈয়ে । তেওঁ ঘৰৰ বাৰীতে ৯ হাজাৰ জোপা কপৌফুল আৰু ৩২৫ টা বিভিন্ন প্ৰজাতিৰ অৰ্কিডেৰে গঢ়ি তুলিছে কপৌফুলৰ এখন অৰণ্য ।

পূব ভাৰতীয় অর্কিড কনজাৰভেশান চেন্টাৰ নাম দি তেওঁ বিজ্ঞানসম্মত আৰু প্ৰণালীবদ্ধভাৱে কৰিছে কপৌফুলৰ খেতি । এক নান্দনিক পৰিৱেশে বিৰাজ কৰি শোভা বঢ়াইছে মিঠু গগৈৰ ঘৰখনত থকা কপৌফুলৰ অৰণ্যখনে ।
লগতে পঢ়ক : ৪৫ বছৰেই ম'হৰ শিঙৰ পেঁপা প্ৰস্তুত কৰিও ভাগৰি নপৰা এগৰাকী শিল্পী লগতে পঢ়ক : গৰু বিহুৰ গধূলিলৈ যদি তৰা-পঘাৰ যোগাৰ হোৱা নাই, তেন্তে আহক এইখন বিশেষ গাঁৱলৈ |
ঘৰৰ চাৰিওফালে ফুলি আছে হাজাৰ হাজাৰ পাহ কপৌফুল । প্রাকৃতিকভাৱে থকা অর্কিডৰ দৰেই তেওঁ কপৌফুলকে ধৰি অন্য বহু প্ৰজাতিৰ অর্কিডো ৰাখিছে । কম ঠাইত কেনেকৈ এখন কপৌফুলৰ অৰণ্য গঢ়ি তুলিব পাৰি,তাৰ চেষ্টা অব্যাহত ৰাখিছে মিঠু গগৈয়ে । কপৌফুল আৰু অৰ্কিড বিক্ৰী কৰি প্ৰতি বছৰে মিঠু গগৈয়ে বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰি আহিছে ৷

- ৯ হাজাৰ জোপা কপৌফুল আৰু ৩২৫ টা বিভিন্ন প্ৰজাতিৰ কপৌফুলৰে সৌন্দৰ্যবৰ্ধন
নিচা হিচাপে প্ৰথমৱস্থাত কম মাটিত গঢ়ি তোলা কপৌফুলৰ অৰণ্যখনৰ গৰাকী মিঠু গগৈয়ে কয়, ‘‘বহু বছৰ আগৰ পৰাই কপৌফুলৰ এখন অৰণ্য গঢ়ি তোলাৰ প্ৰয়াসত ব্ৰতী হৈ আহিছিলো আৰু ২০১৩ বৰ্ষত বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধভাৱে কপৌফুলৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে কাম কৰি আহিছো ৷ বৰ্তমান মোৰ কপৌফুল অৰণ্যখনত ৩২৫ টা প্ৰজাতি লগতে ৯০০০হেজাৰতকৈ অধিক কপৌ ফুল আছে ।’’
- কপৌফুল সংৰক্ষণ আৰু সংবৰ্ধনৰে চৰ্চাত এজন ব্যক্তি
‘‘বৰ্তমান মই নিচা আৰু পেচা হিচাপে কপৌফুলৰ খেতি লগত জড়িত হৈছো ৷ লগতে অসম চৰকাৰ বহু অনুষ্ঠানলৈ মোৰ বাৰীৰ পৰা কপৌফুল নিয়া হয় ৷ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু লোকেও ক্ৰয় কৰে মোৰ পৰা কপৌফুল ৷ বিহুৰ জৰিয়তে বিশ্ব ৰেকৰ্ড কৰাৰ সময়ত নাচনী বাবে প্ৰয়োজন হোৱা ৫০০০ কপৌফুল মোৰ পৰাই নিছিল ।’’ এই মন্তব্য মিঠু গগৈৰ ৷

লগতে পঢ়ক : জেং বিহু চাবলৈ অকলে নাযাবা আমাকো লগতে নিবা..., চলিছে জেং বিহুৰ আখৰা লগতে পঢ়ক : বিহুৱে নঙলা খোলো খোলো... ! নাচনীৰ গচকত দূবৰি মৰিছে-বৰটি টানি ঢুলীয়াও ওলাইছে |
যি সময়ত নিবনুৱাসকলে কর্ম সংস্থাপন বিচাৰি ঘূৰি ফুৰিছে, সেই সময়তে কপৌফুল খেতিও জীৱিকাৰ উৎস যে হ'ব পাৰে সেই কথা প্রমাণ কৰিছে মিঠু গগৈয়ে । শিক্ষিত যুৱক-যুৱতীসকলে ব্যাৱসায়িক ভিত্তিত এনে খেতি কৰি উপকৃত হ'ব পাৰে বুলিও মন্তব্য কৰে মিঠু গগৈয়ে । লগতে ভৱিষ্যত প্ৰজন্মক কপৌফুলৰ সংৰক্ষণ আৰু সংবৰ্ধনত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় ৷
ইতিমধ্যে মিঠু গগৈয়ে গঢ়ি তোলা কপৌফুল অৰণ্যখনত কেইবাজনো লোকে পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে কৰ্ম সংস্থাপন লাভ কৰিছে । কপৌফুলৰ খেতিও যে ব্যৱসায়ৰ মাধ্যম হ'ব পাৰে সেই কথা ইতিমধ্যে প্ৰমাণ কৰি দেখুৱালে মিঠু গগৈয়ে ৷