ETV Bharat / state

মাজুলীত স্থাপন হ'ব চিকিৎসা মহাবিদ্যালয়, মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি ৰাইজৰ - Lok Sabha Election 2024

Lok Sabha Election 2024: যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে মাজুলীত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ব । আছুৱে ইয়াক আদৰণি জনাইছে ।

Lok Sabha Election 2024
মাজুলী স্থাপন হ'ব চিকিৎসা মহাবিদ্যালয়
author img

By ETV Bharat Assamese Team

Published : April 2, 2024 at 4:57 PM IST

2 Min Read
Choose ETV Bharat
মাজুলী স্থাপন হ'ব চিকিৎসা মহাবিদ্যালয়

মাজুলী,২ এপ্ৰিল : স্বাধীনতাৰ ৭৫ বছৰৰ পিচতো পৃথিৱীত বৃহৎ নদীদ্বীপ তথা বৰ্তমানৰ অসমৰ অন্যতম গুৰুত্বপূৰ্ণ জিলা মাজুলীৰ স্বাস্থ্যসেৱা অতি দুৰ্বল । কোনো এখন চৰকাৰে জিলাখনৰ স্বাস্থ্য উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা নাই বুলি মাজুলীবাসীয়ে অভিযোগ কৰি আহিছে । সাধাৰণ ৰোগত আক্ৰান্ত হ'লেই মাজুলীৰ নাগৰিকে নদী পাৰ হৈ যোৰহাট জিলা বা আন ঠাইলৈ ভ্ৰমণ কৰিব লাগে । একপ্ৰকাৰ উন্নত চিকিৎসাৰ বাবে মাজুলীবাসীয়ে বহু দিনৰে পৰা জীয়াতু ভুগি আহিছে ।

কিন্তু নিৰ্বাচন আহিলেই প্ৰতিটো ৰাজনৈতিক দলে জিলাখনৰ স্বাস্থ্যসেৱাৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে । সমাগত লোকসভা নিৰ্বাচন আৰু এইবাৰো শাসক-বিৰোধীয়ে মাজুলীৰ জনসাধাৰণক স্বাস্থ্যসেৱা উন্নয়নৰ টোপ দিছে ! তাৰ অংশ হিচাপে সোমবাৰে মাজুলীত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও মাজুলীবাসীক এক গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিছে ।

যোৰহাট লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মাজুলীত নিমার্ণ হৈ থকা দুয়োখন দলং সম্পূৰ্ণ হ'লেই চিকিৎসা মহাবিদ্যালয়ো স্থাপন কৰিবলৈ চৰকাৰে চেষ্টা কৰিব । মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিচতে জিলাখনত ব্যাপক কৌতূহলে বিৰাজ কৰিছে ।

সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনেও মুখ্যমন্ত্ৰীৰ এই ঘোষণাক আদৰণি জনাইছে । অৱশ্যে মাজুলীত চিকিৎসা মহাবিদ্যালয়ো স্থাপন কৰাটো নিৰ্বাচনী ইচ্ছ্যু হৈ থাকিব নেকি তাৰো সন্দেহ কৰিছে আছুৱে । পূৰ্বৰ প্ৰতিশ্ৰুতিবোৰৰ দৰে যেন এয়াও কেৱল নিৰ্বাচনী প্ৰতিশ্ৰুতি হৈ নাথাকে সেই কথা মনত ৰাখিবলৈ চৰকাৰক আহ্বান জনাইছে আছুৱে ।

লগতে পঢ়ক :চাবোনৰে লেতেৰা ৰাজনীতি চাফা কৰিবলৈ ওলাইছে এইজন প্ৰাৰ্থী, পিচে ক’ত... - Lok Sabha Elections 2024