ETV Bharat / state

অসমত প্ৰথমবাৰৰ বাবে দুগ্ধ কাঠফুলাৰ খেতি কৰা যুৱকৰ সৈতে এখন্তেক

প্ৰথমবাৰৰ বাবে নতুন “দুগ্ধ কাঠফুলা” প্ৰজাতিৰ খেতিক ব্যৱসায়ীক ভিত্তিক কৰা এজন যুৱক ৷ চাইকেলৰ পৰা গাড়ীলৈ তেওঁৰ এক যাত্ৰা... আহকচোন এই যাত্ৰাৰ সমভাগী হওঁ আমিও...

a man from Jonai has become self reliant in mushroom cultivation
জোনাইৰ অনিল পেগু (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 15, 2025 at 11:05 AM IST

4 Min Read
Choose ETV Bharat

জোনাই : অসমৰ এজন বিশেষ যুৱক ৷ এই কাৰণেই বিশেষ এই যুৱকজন, কিয়নো অসমৰ ভিতৰতে তেওঁৱে প্ৰথমবাৰৰ বাবে নতুন “দুগ্ধ কাঠফুলা” প্ৰজাতিৰ খেতি ব্যৱসায়ীক ভিত্তিত কৰিছিল ৷ আমি উল্লেখ কৰা এই যুৱকজন হৈছে জোনাইৰ অনিল পেগু ৷

এসময়ত ঘৰে ঘৰে গৈ কাঠফুলা বিক্ৰী কৰা এই যুৱকজন বৰ্তমান এজন সফল ব্যৱসায়ী ৷ বিগত প্ৰায় ২০ বছৰে নিজে কাঠফুলাৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে আন বহু শিক্ষিত নিবনুৱা যুৱককো তেওঁ দেখুৱাইছে স্বাৱলম্বিতাৰ পথ ৷

সফল ব্যৱসায়ী (ETV Bharat)
  • অনিল পেগুৰ যাত্ৰা :-

সাধাৰণতে বহিঃৰাজ্যত দুটামান টকা বেছিকৈ ঘটাৰ স্বাৰ্থত অসমৰ বহু যুৱক-যুৱতীয়ে অসমৰ এৰি যায় ৷ আন বহু যুৱক-যুৱতীৰ দৰে জোনাইৰ লক্ষী নেপালী বস্তিৰ অনিল পেগুৱেও ধন ঘটাৰ স্বাৰ্থত ঘৰৰ পৰা ওলাই এদিন উপস্থিত হৈছিলগৈ বেংগালুৰুত ৷ তাৰ পাচতে তেওঁ বেংগালুৰুৰ ৰিলায়েন্স কোম্পানীত চাকৰি কৰিবলৈ ধৰে ৷

কিন্তু চাকৰি কৰি থকাৰ মাজতো তেওঁক অসমৰ কেঁচা মাটিৰ গোন্ধই বাৰুকৈয়ে আমনি কৰিবলৈ ধৰিলে ৷ অৱশেষত কেইবছৰ মান তাতে কাম কৰি তেওঁ পুনৰ ঘৰলৈ ঘূৰি অহাৰ সিদ্ধান্ত ল’লে ৷ কথা মতেই কাম; জোনাইৰ ঘৰলৈ ঘূৰি আহি পেগুৱে ঘৰৰ এচুকত আৰম্ভ কৰিলে কাঠফুলাৰ খেতি ৷

a man from Jonai has become self reliant in mushroom cultivation
জোনাইৰ অনিল পেগু (ETV Bharat)

সেই খেতি লাহে লাহে ডাঙৰ হ’ল, লগতে ব্যৱসায়ো বৃদ্ধি হ’বলৈ ধৰিলে আৰু আজি এই যুৱকজনে আন পাঁচজন যুৱককো কৰ্ম সংস্থাপন দিবলৈ সমর্থ হৈছে । প্ৰতিমাহে তেওঁ কেইবালাখ টকাৰ কাঠফুলা অৰুণাচল প্ৰদেশ আৰু অসমত বিক্ৰী কৰে বুলি অনিল পেগুৱে মন্তব্য কৰে ৷

লগতে পঢ়ক : কাঠফুলাৰ খেতিৰে স্বাৱলম্বী এগৰাকী নাৰীৰ কথাৰে...
  • অনিল পেগুৱে উল্লেখ কৰা মতে,

অনিল পেগুৰ পিতৃয়ে ভেন্সাৰ স্কুলত শিক্ষকতা কৰিছিল । জোনাইত তেওঁলোকৰ মাটি বুলিবলৈ এবিঘাহে আছিল । দৰমহা নোপোৱা শিক্ষকৰ সন্তান অনিল পেগুৱে নৱম শ্ৰেণীত পঢ়ি থকাৰ সময়তে কৃষি বিষয়া ইউচিফ আলীৰ পৰামৰ্শৰে কাঠফুলাৰ খেতি আৰম্ভ কৰিছিল । পঢ়ি থকাৰ সময়তে চাইকেল চলাই কাঠফুলা বিক্ৰীও কৰিছিল । কিন্তু সেই সময়ত কাঠফুলাৰ প্ৰতি বৰ-বেছি ৰাইজৰ জ্ঞান নাছিল । যাৰ বাবে তেওঁক বহুলোকে গালি-শপনিও পাৰিছিল ৷

পেগুৱে কয়, ‘‘গাঁৱত কৰি থকা কাম বাদ দি ২০০৫ চনত বেংগালুৰুত ৰিলায়েন্সৰ কোম্পানীত চাকৰি কৰিবলৈ গৈছিলো । প্ৰতিষ্ঠানটোত তিনি বছৰ কাম কৰাৰ পাছত ২০০৯ চনত জোনাইৰ ঘৰলৈ ঘূৰি আহো । ইয়াৰ পিছতে ঘৰতে ২০১০ চনৰ পৰা বহল ভিত্তিত কাঠফুলাৰ উৎপাদন কৰা আৰম্ভ কৰো ।’’

তেওঁ কয়, ‘‘মই উৎপাদনৰ কৰা কাঠফুলা অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাৰ লগতে অসমৰ বিভিন্ন ঠাইত বিক্ৰী কৰা হয় ৷ অৰুণাচল প্ৰদেশত থকা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানৰ সহযোগত কাঠফুলাৰ সফল ব্যৱসায়ী হিচাপে ৰাষ্ট্ৰীয় পুৰস্কাৰো বুটলিবলৈ সমর্থ হৈছো । সম্প্ৰতি মই দৈনিক ৫০ৰ পৰা ৮০ কিলোগ্ৰামকৈ কাঠফুলা বিক্ৰী কৰো । বৰ্তমান প্ৰতি কিলোগ্ৰাম কাঠফুলাৰ দৰ ২০০ টকা ৷’’

লগতে পঢ়ক : এদিন অসম এৰি গুচি গৈছিল বিৰিণাবাৰীৰ ৰণজিৎ কলিতাও... আৰু আজি ?
  • উঠি অহা নৱপ্ৰজন্মক অনিল পেগুৱে কয়-

‘‘বাহিৰৰ কোম্পানীৰ চাকৰি কৰিবলৈ যোৱাৰ সলনি নিজ মাতৃভূমিৰ মাটিতে বিভিন্ন পদ্ধতিৰে খেতি কৰিব পৰা যায় । অৱশ্যে এয়া সম্ভৱ হ'ব যিসকলে সঁচা অৰ্থত আত্মনির্ভৰশীল হ'বলৈ চেষ্টা কৰে ।’’

উল্লেখ্য যে, অনিল পেগুৱে বৰ্তমান প্ৰায় ৬,০০০ লোকক কাঠফুলাৰ প্ৰশিক্ষণো দি আহিছে । ইয়াৰোপৰিও অনিল পেগুৱে কাঠফুলাৰ পৰা আচাৰ, বিস্কুট আদি প্ৰস্তুত কৰিও বিক্ৰী কৰে ৷

পেগুৱে কয়, ‘‘বেংগালুৰুৰ ৰিলায়েন্সত চাকৰি কৰিবলৈ যোৱাৰ সময়ত আমাৰ বাঁহৰ ঘৰ এটা আৰু চাইকেল এখন আছিল । জোনাইৰ দৰমহা নোপোৱা ভেন্সাৰ বিদ্যালয়ৰ শিক্ষকৰ ঘৰখনৰ এতিয়া সেই সময়ৰ দৰে হৈ থকা নাই । কাঠফুলাৰ ব্যবসায়ৰে আত্মনির্ভৰশীল হোৱাৰ লগতে আমাৰ এতিয়া এটা পকী ঘৰ আৰু চাৰিচকীয়া গাড়ী এখনো আছে ।’’

লগতে পঢ়ক : আৱৰ্জনা পানীমেটেকাক সম্পদৰ ৰূপ দিছে এগৰাকী মহিলাই
লগতে পঢ়ক : কৃষিকৰ্মৰ জৰিয়তে কঢ়িয়াই আনিলে “অসম গৌৰৱ বঁটা”