বাক্সা: অসমৰ হৃদয়ত অৱস্থিত বাক্সা জিলা প্ৰাকৃতিক সৌন্দৰ্যৰ এক জীৱন্ত প্ৰতিবিম্ব। ইয়াৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ, সেউজীয়া ভূমি আৰু নিৰ্মল নদ-নদীসমূহে এই অঞ্চলটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে। প্ৰাকৃতিক দৃশ্য, ঐতিহ্যগত সংস্কৃতি আৰু আকৰ্ষণীয় দৃশ্যৰ এক অনন্য সংমিশ্ৰণে বাক্সাই পৰ্যটকৰ মন আকৰ্ষণ কৰে। বাক্সাই প্ৰকৃতিৰ ৰমণীয় দৃশ্যৰ এক পৰিপূৰ্ণ অভিজ্ঞতা প্ৰদান কৰে।
আজিৰ তাৰিখত পৰ্যটনৰ বাবে বাক্সা এক সম্ভাৱনাপূৰ্ণ ঠাই ৷ কোলাহলৰ পৰা নিলগত এক সতেজ পৰিৱেশৰ সন্ধানী মনৰ বাবে বাক্সা এক পচন্দৰ ঠাই ৷ কেইবাটাও মনোৰম পৰ্যটনস্থলীয়ে পৰ্যটকক হাত বাউল দি মাতে বাক্সালৈ । আজি তেনে এক ঠাইলৈ আমাৰ এই যাত্ৰাৰ ৷ আহক আমাৰ সংগী হওঁক ৷
বাক্সাৰ অপৰূপ সৌন্দৰ্যক দুগুণে চৰাইছে এতিয়া এখন সেউজীয়া ঘাঁহনিয়ে । য'ত বিলীন হ'বলৈ আহিছে বহু দূৰদূৰণিৰ লোক । মৰা পাগলাদিয়াৰ পৰশ পাই যেন সেউজীয়াৰ দলিচা মেলিছে বাক্সা জিলাৰ ধমধমাৰ ভেৰভেৰী গাঁৱত ।
বিশাল ঘাঁহনিডৰাত কোনোৱে বহিছে, কোনোৱে দৌৰিছে, কোনোৱে সেউজীয়াৰ মাজত কটোৱা এই স্মৃতি ধৰি ৰাখিবলৈ ফটো উঠিছে । সকলোৱে যেন যান্ত্ৰিক জীৱনৰ পৰা মুকলি হৈ প্ৰকৃতিয়ে গঢ়া এই সেউজীয়াৰ আঁচলত জিৰাব খুজিছে । বিগত প্ৰায় তিনিবছৰ ধৰি এই ঘাঁহনিডৰা এই সময়চোৱাতে লহপহকৈ বাঢ়ি অহা পৰিলক্ষিত হৈছে । পূৰ্বৰ তুলনাত বৰ্তমান যথেষ্ট বৃদ্ধি পাই এই অৱস্থা পাইছেহি ।
প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ আহিল স্থানীয় বিধায়ক ভূপেন বড়ো । মনোৰম ঠাইডৰাত কিছু সময় পাৰ কৰাৰ লগতে বিধায়কজনে উনুকীয়ালে ঠাইডৰাক সংৰক্ষণ কৰি পৰ্যটনক্ষেত্ৰলৈ বিকাশ কৰাৰ দিশটোও ৷ উপদ্ৰৱৰ ফলত যাতে ঘাঁহনিডৰাৰ সৌন্দৰ্য ম্লান নহয় তাৰ বাবে স্থানীয় ৰাইজক অধিক দায়বদ্ধ হোৱাৰ কথাও সোঁৱৰালে জনপ্ৰতিনিধিগৰাকীয়ে ৷
বড়োৱে ঘাঁহনিডৰা পৰিদৰ্শন কৰি কয়,"এনেকুৱা ধৰণৰ ঘাহঁনি পথাৰ সংৰক্ষণ কৰি পৰ্যটনস্থলীলৈ পৰিণত কৰিব পৰাৰ যথেষ্ট সম্ভাৱনা আছে আৰু বি টি চি চৰকাৰে অতি সোনকালে গুৰুত্ব আৰোপ কৰিব ।" বিধায়কগৰাকীয়ে লগতে কয়,"দুচকীয়া বাহন ঘাহঁনিৰ মাজে মাজে তীব্ৰ বেগত চলাই থকা ল’ৰা-ছোৱালীবোৰক জনাওঁ যে তেওঁলোকে এতিয়াৰে পৰা দুচকীয়া বাহন ঘাহঁনিৰ ওপৰত চলাব নোৱাৰিব ৷"
বিধায়কগৰাকীয়ে স্থানীয় পুলিচ প্ৰশাসন, এবছু আৰু স্থানীয় লোকক দায়িত্ব দিয়ে যাতে কোনো অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি নহয় । তাৰোপৰি বাইকসমূহ যাতে ঘাঁহনিৰ ওপৰত চলাবলৈ নিদিয়ে ৷ ইফালে যান্ত্ৰিক তথা ব্যস্ততাপূৰ্ণ জীৱনে সৃষ্টি কৰা অৱসাদ দূৰ কৰিবলৈ সকলোকে এই ঘাঁহনিডৰালৈ আহি কিছু সময় নিজক বিলীন কৰিবলৈ আহ্বান জনায় স্থানীয় লোকে ।