ETV Bharat / state

মুখত ক'লা কাপোৰ বান্ধি কোনে হত্যা কৰিলে পথ নিৰ্মাণ কৰা শ্ৰমিকক ? - LABOURER MURDER

ডিমা হাছাওত চাঞ্চল্যকৰ ঘটনা । পথ নিৰ্মাণৰ কামত নিয়োজিত এগৰাকী শ্ৰমিকক হত্যা দুৰ্বৃত্তৰ ।

A labourer engaged in road construction work killed in Dima Hasao
মুখত ক'লা কাপোৰ বান্ধি কোনে হত্যা কৰিলে পথ নিৰ্মাণ কৰা শ্ৰমিকক ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 23, 2025 at 10:53 AM IST

2 Min Read

হাফলং: ডিমা হাছাও জিলাত পথ নিৰ্মাণৰ কামত নিয়োজিত এগৰাকী শ্ৰমিকক হত্যা । অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ মাইবং আৰু গুণজোঙৰ মাজতে নাগাডিছাত পথ নিৰ্মাণৰ কামত নিয়োজিত শ্ৰমিকৰ কেম্পত বৃহস্পতিবাৰ নিশা ছয়-সাতজনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ চলায় । মুখত ক'লা কাপোৰ বান্ধি নিশা প্ৰায় ১০.৩০ বজাত শ্ৰমিকসকলৰ কেম্পত হাতত লাঠি লৈ দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰি তিনি গৰাকী শ্ৰমিকক প্ৰহাৰ আৰম্ভ কৰে ।

এই ঘটনা সংঘটিত হোৱাৰ সময়ত কেম্পত মুঠ ৬ জন শ্ৰমিক আছিল ৷ দুৰ্বৃত্তৰ আক্ৰমণৰ মাজতে সুযোগ বুজি তিনিজন শ্ৰমিক কেম্পৰ পৰা পলায়ন কৰে । কিন্তু বাকী তিনিগৰাকী শ্ৰমিকক লাঠিৰে বিষমভাবে কোবোৱাৰ পাছত দুৰ্বৃত্তৰ দলটো কেম্পৰ পৰা ওলাই যায় বুলি জানিবলৈ দিয়ে কেম্পত থকা বাকী শ্ৰমিকসকলে । এই ঘটনাৰ পিছতেই গুৰুতৰ আহত অৱস্থাত তিনিগৰাকী শ্ৰমিকক হাফলং অসামৰিক চিকিৎসালয়লৈ নিয়া হয় ৷ কিন্তু চিকিৎসালয়ত ৰাম বৈষ্ণৱ নামৰ এগৰাকী শ্ৰমিকৰ মৃত্যু ঘটে ৷ আনহাতে সংকটজনক অৱস্থাত থকা আন এজন শ্ৰমিক পৰমেশ্বৰ বৈষ্ণৱক উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

মুখত ক'লা কাপোৰ বান্ধি কোনে হত্যা কৰিলে পথ নিৰ্মাণ কৰা শ্ৰমিকক ? (ETV Bharat Assam)

উল্লেখ্য যে, বদৰপুৰৰ ৰেহান মজুমদাৰ নামৰ এগৰাকী ঠিকাদাৰৰ অধীনত ডিমা হাছাও জিলাৰ মাইবং আৰু গুণজোঙৰ মাজতে নাগাডিছাত পথ নিৰ্মাণৰ কামত নিয়োজিত আছিল কাছাৰ জিলাৰ কলাইনৰ বাসিন্দা ৰাম বৈষ্ণৱ । অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদে কয়, "বৃহস্পতিবাৰ নিশা নাগাদিছা গাঁৱত পথ নিৰ্মাণ কামত নিয়োজিত শ্ৰমিকৰ কেম্পত গাঁৱৰ কিছুমান যুৱক সোমাই শ্ৰমিক সকলক প্ৰহাৰ কৰে । এই ঘটনাত গুৰুতৰভাৱে আহত তিনি গৰাকী শ্ৰমিকক হাফলং অসামৰিক চিকিৎসালয়ত অনাৰ পিচতে ৰাম বৈষ্ণৱ নামৰ শ্ৰমিকগৰাকীৰ মৃত্যু ঘটে ।"

তেওঁ লগতে কয়, "পৰমেশ্বৰ বৈষ্ণৱ নামৰ এগৰাকী শ্ৰমিকক সংকটজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।"

লগতে পঢ়ক: দুই কিশোৰীৰ মৃতদেহ উদ্ধাৰস্থলীত শীৰ্ষ আৰক্ষী বিষয়া, ফৰেনছিকৰ দল - MINOR GIRLS MISSING CASE

যেন চিনেমাৰহে শ্বুটিং ! উদ্ভণ্ডালি কৰা ৩ যুৱকক আটক কৰিলে আৰক্ষীয়ে - YOUTHS DETAINED IN GUWAHATI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.