চ’ৰান এহেম : কলংকৰ পৰা ‘‘অসম গৌৰৱ’’লৈকে এক প্ৰত্যাহ্বানৰ যাত্ৰা
কলিয়াবৰৰ নতুন দাংগা গাঁৱৰ ‘‘চ'ৰান এহেম’’লৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে ‘‘অসম গৌৰৱ বঁটা’’ ৷

Published : March 11, 2025 at 2:27 PM IST
|Updated : March 12, 2025 at 10:22 AM IST
কলিয়াবৰ : এসময়ত অসম গৌৰৱ এশিঙীয়া গঁড় হত্যাৰ সৈতে জড়িত বুলি পৰিচিত আছিল অসমৰ এখন গাঁও ৷ সেই গাঁৱৰ লোকসকলে গঁড়ৰ হত্যা আৰু চোৰাং চিকাৰত জড়িতসকলক আশ্ৰয় দিয়াৰ কথা সকলোৱে জানিছিল ৷
গাঁৱৰ কিছুলোকে নিজেও চোৰাং চিকাৰত জড়িত আছিল বুলিও দাবী কৰা হৈছিল ৷ ফলস্বৰূপে গাঁওখনত প্ৰায়েই চলিছিল বন বিভাগ আৰু আৰক্ষীৰ অভিযান ৷ গাঁওখনে লাভ কৰিছিল চোৰাংচিকাৰীৰ আশ্ৰয়স্থলৰ কুখ্যাতি ৷ কিন্তু এসময়ত এক অবাঞ্ছনীয় কলংকেৰে পৰিচিত এই গাঁওখনেই নিজৰ এক সুকীয়া পৰিচয় গঢ় দি আজি মচি পেলাইছে সেই দাগ ৷
অসমৰ অন্যতম ভূমিপুত্ৰ কাৰ্বিসকলৰ জনবসতি থকা গাঁওখনে যি আত্মপৰিচয় আৰু আত্মপ্ৰতিষ্ঠাৰ যুঁজ চলাইছিল আজি সেই যুঁজত তেওঁলোক উত্তীৰ্ণ ৷ আজি সেইখন গাঁৱেই অসমৰ গৌৰৱৰ প্ৰতীক ৷ যাক লৈ গৌৰৱ কৰে গাঁওবাসীৰ লগতে ৰাজ্যবাসীয়ে ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা এই গাঁওখনৰ পৰিচয় কাৰ্বি জনগোষ্ঠীয় খাদ্যসম্ভাৰৰ এক বিপণি ৷ নতুন দাংগা নামৰ এই গাঁওখনতে আছে "চ'ৰান এহেম" নামৰ থলুৱা খাদ্যৰ এই বিপণিখন ৷

উল্লেখ্য যে, অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসম চৰকাৰে ২০২১ বৰ্ষৰ পৰা প্ৰদান কৰি আহিছে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা অভিধাৰে তিনিটাকৈ অসামৰিক সন্মান । ২০২৪-২০২৫ বৰ্ষৰ এই সন্মান ঘোষণা কৰাৰ লগে-লগে কলিয়াবৰৰ এইখন বিশেষ গাঁৱত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয় ।
অসম চৰকাৰে আগবঢ়োৱা তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘‘অসম গৌৰৱ বঁটা’’ লাভ কৰিছে কলিয়াবৰৰ "চ'ৰান এহেম" নামৰ কলিয়াবৰৰ কাৰ্বি জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ বিপণিয়ে ।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে উজনি অসম অভিমুখী যাত্ৰাপথত কলিয়াবৰ সমজিলাৰ অন্তৰ্গত জখলাবন্ধা অতিক্ৰম কৰি বাওঁফালে কিছু দূৰ সোমালেই এক প্ৰাকৃতিক পৰিৱেশত অৱস্থিত ‘‘চ'ৰান এহেম’’ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ সীমাতে লাগি থকা এটা পাহাৰৰ টিলাৰ ওপৰত, মুকলি আকাশৰ তলত স্থাপন কৰা ব্যতিক্ৰমী খাদ্য সম্ভাৰৰ কেন্দ্ৰটোৱেই হৈছে ‘‘চ’ৰান এহেম’’ ।
আজি নিজৰ উৎকৃষ্ট খাদ্যৰ বাবে জনাজাত ‘‘চ’ৰান এহেম’’ নতুন দাংগাৰ পৰিচয়েই নহয় এক যুগান্তকাৰী পৰিৱৰ্তনৰ প্ৰতীক ৷ এসময়ত যিখন গাঁও চোৰাং চিকাৰীৰ দুৰ্গ হিচাপে পৰিচিত আছিল আজি সেইখন গাঁওলৈ সোঁত বয় দেশী-বিদেশী পৰ্যটকৰ ৷ তেওঁলোকক মাতি আনে ‘‘চ’ৰান এহেম’’ৰ সুস্বাদু ব্যঞ্জনৰ সুগন্ধই ৷
| লগতে পঢ়ক : অসমীয়া চিনেমাৰ গৌৰৱোজ্জ্বল ৯০ বছৰ: 'মন মন্দিৰ'ৰ পৰা কেনেকৈ আৰম্ভ হৈছিল ধীৰেণ কলিতাৰ যাত্ৰা |
এই চ’ৰান এহেমৰ আতিথ্য গ্ৰহণ কৰি অভিভূত হৈ পৰা কেইজনমান উল্লেখ্যযোগ্য অতিথিৰ তালিকাত আছে - ইংলেণ্ডৰ প্ৰাক্তন ক্ৰীকেটাৰ কেভিন পিটাৰছেন, ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেল লেনাইন, জনপ্ৰিয় গায়ক পাপন আদি ৷ লগতে দেশৰ বিভিন্ন ৰাজ্য আৰু অসমৰ বিভিন্ন ঠাইৰ পৰ্যটক, শিক্ষাৰ্থীসকল নতুন দাংগালৈ আহি ইয়াৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি পুলকিত হৈ পৰাৰ লগতে থলুৱা খাদ্যৰ সোৱাদ লৈ আপ্লুত হোৱা দেখা যায় ।
পিচে এই অসমৰ এসময়ৰ কুখ্যাত গাঁৱৰ পৰা আজি অসমৰ পৰ্যটনক এক নতুন মাত্ৰা দি অসম গৌৰৱ হৈ উঠা নতুন দাংগা গাঁও আৰু চ’ৰান এহেমক আজিৰ পৰ্যায়লৈ লৈ যোৱাৰ আঁৰতো আছে এক সংঘবদ্ধ আৰু নিৰন্তৰ প্ৰচেষ্টাৰ কাহিনী ৷
তাৰ বাবে আমি উভতি যাব লাগিব একবিংশ শতিকাৰ প্ৰথম দশকটোলৈ ৷ ইতিপূৰ্বেই আমি উল্লেখ কৰিছো নতুন দাংগা গাঁৱৰ অপযশ সংপৃক্ত অতীতৰ কথা ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড় তথা জীৱকূল সুৰক্ষাৰ বাবে গাঁওখন তথা গাঁওবাসীৰ মানসিকতাক সলনি কৰি তেওঁলোকক প্ৰকৃতি আৰু জীৱজন্তুৰ প্ৰতি সংবেদনশীল কৰি তোলাটো খুবেই জৰুৰী এই কথা উপলব্ধি কৰিছিল ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷
বন বিভাগেও এইক্ষেত্ৰত আগভাগলৈ ২০০৮ চনত পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি নামেৰে এক অনুষ্ঠান গঠন কৰে ৷ এই দিশত বিশেষ আগ-ভাগ লৈছিল তদানীন্তন বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ইক্ৰামুল মজিদেম ।
তদুপৰি কাজিৰঙা পৰ্যটনৰ ক্ষেত্ৰখন আৰু খলুৱা খাদ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ২০১০ চনত বন বিভাগে কাৰ্বি গাঁওবাসীৰ দ্বাৰা প্ৰস্তুত কৰা থলুৱা খাদ্যৰে অতিথিক আপ্যায়ন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি এখন খাদ্য বিপণি মুকলি কৰে । চৰেন এহেমৰ তত্বাৱধান কৰি আহিছে নতুন দাংগা ইক’ ডেভেল’পমেণ্ট সমিতিয়ে ৷

২০১৭ চনত ওৱৰ্ল্ড ৱাইল্ড লাইফ ফাউণ্ডেছন তথা বন বিভাগ আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ ঐকান্তিক প্ৰচেষ্টাত গাঁওখনত খাদ্যৰ বিপণিখনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰে। সেই সময়ৰ কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পংকজ চক্ৰৱৰ্তীৰ তৎপৰতাত নতুন দাংগাৰ মহিলাসকলৰ স্বাৱলম্বনৰ বাবে এক বিশেষ পদক্ষেপ লৈ ফুড ক্ৰাফট ইনষ্টিটিউট, নগাঁৱৰ দ্বাৰা খাদ্য সম্ভাৰ পৰিৱেশনৰ এক প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছিল ।
'কাচিংথুৰ' নামৰ এই অভিযানৰ ফলত সংযোগ আৰু সুৰক্ষাৰ যোগেদি বহনক্ষম জীৱিকাৰ উৎস ৰূপে পাৰিপাৰ্শ্বিক পৰ্যটকৰ চিন্তা এটাই থিতাপি লৈছিল । পৰৱৰ্তী সময়ত কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতুপন নেওগৰ বিশেষ প্ৰচেষ্টাত বিপণিখনে এক গতি লাভ কৰে । নতুন দাংগা গাঁওখনত থকা চ'ৰান এহেম খাদ্যৰ বিপণিখনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰ্শনাৰ্থীৰ লগতে আন বহু লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে আৰু সুকীয়া মর্যাদা লাভ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : অসম সৌৰভ বঁটা: অভিভূত বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড৹ পূৰৱী শইকীয়া লগতে পঢ়ক : অসম সৌৰভ বঁটা: ১১৬ শাৰীৰ আটাইতকৈ দীঘলীয়া গীতটি ৰচনা কৰা গীতিকাৰগৰাকী আজি অভিভূত |
কালক্ৰমত সামাজিক মাধ্যম তথা সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ-প্ৰসাৰ লাভ কৰাত চ'ৰান এহেমে সকলো স্তৰৰ খাদ্য ৰসিকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ল । ব্যস্ততা বহুগুণে বৃদ্ধি পায় । বৰ্তমানৰ এই পৰিৱেশ আৰু ‘‘অসম গৌৰৱ বঁটা’’ লাভ কৰালৈকে এই দীঘলীয়া যাত্ৰাৰ বা বিশেষ পদক্ষেপ গ্ৰহণ কৰা বনাঞ্চলিক বিষয়া ইক্ৰামুল মজিদ, কলিয়াবৰ মহকুমাৰ এসময়ৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পংকজ চক্ৰৱৰ্তী, বিতুপন নেওগ আৰু ডব্লিউ ডব্লিউ এফৰ প্ৰতিনিধি ড৹ প্ৰণৱজ্যোতি বৰাৰ পদক্ষেপক আজিও শলাগে গাঁওখনৰ বাসিন্দাই ।
পৰিষ্কাৰ-পৰিছন্নতা, সতেজ খাদ্য পৰিৱেশনত এই দলটোৱে সদা সতর্ক দৃষ্টি ৰাখে । তেল-মচলা নোহোৱাকৈ কাৰ্বি পৰম্পৰাৰে প্ৰস্তুত কৰা খৰিকাত দিয়া মাছ, চুঙাত দিয়া মাংস, চুঙা ভাত, চজিনা পাতৰ লগত খাৰ দিয়া দাইল, কচুৰ সৈতে তিল দি ৰন্ধা মাংসৰ আঞ্জা, পাতত দিয়া কণী, পাতত দিয়া মাছ, কেঁচা হালধিৰ চাটনি, পাহাৰীয়া কলডিলৰ চাটনি, শুকান মাছৰ চাটনি, বিভিন্ন শাকৰ ভাজি, চুঙাত দিয়া কচু পাতৰ পিটিকা আদি চ'ৰান এহেমৰ খাদ্যৰ জুতি ল'বলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে পৰ্যটকসকলৰ আগমন ঘটে ।

এই কাৰ্বি জনগোষ্ঠীয় খাদ্য বিপণিখনৰ লগত জড়িত হৈ আছে প্ৰায় ২১ জনীয়া স্থানীয় কাৰ্বি যুৱক-যুৱতীৰ এটা দল । মংগল সিং টেৰণ "চ'ৰান এহেম"ৰ মূল চালিকা শক্তি । তেওঁ ইক' ছচাইটিখনৰ মূৰব্বীও । লগত আছে জয়সিং টেৰণ, ৰোহিত টেৰণ, ওৱাইছন ৰংফাৰ, সূৰ্য কিলিং, জোনালী ৰংফাৰপি, বীণা ৰংফাৰপি, আইচা টিছপি, বাচাপি কিলিংপি, সংগীতা বে'পি, ৰাধামা টেৰাংপি, বীণা টিছপি, অঞ্জলি টেৰাংপি, মিনা কিলিংপি, মইনা টকবিপি আদি ।
তেওঁলোকৰ সুখৰ ক্ষণত মুখবোৰ জিলিকি উঠিছে, এক দীঘলীয়া কলংকৰ আন্ধাৰ যেন আঁতৰি পেলাইছে । নতুন দাংগা গাঁৱৰ লৈ সমগ্ৰ কলিয়াবৰে গৌৰৱ কৰিব, কাৰণ "চ'ৰান এহেম" কলিয়াবৰৰ প্ৰথম অসম গৌৰৱ ।
নতুন দাংগা গাঁৱৰ নতুন চিনাকিৰ ক্ষেত্ৰত যিসকল স্থানীয় লোক জড়িত আছে তাৰ ভিতৰত মংগল সিং টেৰণে কয়, ‘‘‘অসম গৌৰৱ বঁটা লাভ কৰি আমি সকলো সুখী । ২০০৮ চনৰ আগৰ আমাৰ গাঁওখন গঁড় হত্যাৰ লগত জড়িত হৈ পৰাত আমি পৰিচয় দিবলৈ কৈ কুণ্ঠাবোধ কৰিছিলো । পিছলৈ বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া ইক্ৰামুল মজিদৰ তৎপৰতাত নতুন দাংগা ইক' ডেভেলপমেণ্ট কমিটী গঠন হয় । তাৰ পৰাই নতুন দাংগাৰ পৰিৱেশ সলনি হয় । চ'ৰান এহেমে জন্ম পালে । এতিয়া ইংনাম আত্ম সহায়ক গোট এটাও গঠিত হৈছে ।”

গঁড়ৰ চোৰাং চিকাৰৰ লগত সাঙোৰ খোৱা এখন গাঁৱৰ সফলতাৰ বাটত জড়িত হৈ আছে বহু জনৰ ঐকান্তিক, আন্তৰিক প্ৰচেষ্টা আৰু জনমানসত বিশ্বাস ঘূৰাই আনিব পৰাকৈ প্ৰত্যাহ্বান নেওচিব পৰা সাহস ।
উল্লেখ্য যে, এইবেলি পোনপ্ৰথমবাৰৰ বাবে স্বেচ্ছাসেৱী অনুষ্ঠান নগাঁৱৰ হাতীবন্ধু আৰু তিনিচুকীয়াৰ বাৰেকুৰি গাঁৱৰ ইক' ডেভেলপমেণ্ট ছ'চাইটি আৰু চ'ৰান এহেমলৈ আগবঢ়োৱা হৈছে এই বঁটা ।

