মাজুলী: সত্ৰপীঠ মাজুলীৰ আছে এক সুকীয়া ঐতিহ্য । দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই মাজুলী । মাজুলীৰ কলা-সংস্কৃতি, মাজুলীৰ পৰিৱেশ, মাজুলীবাসীৰ আচাৰ-ব্যৱহাৰে দেশী-বিদেশী পৰ্যটকসকলক হাত বাউলী মাতে । প্ৰতি বছৰে মাজুলীৰ কলা-সংস্কৃতি, মাজুলীৰ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বিভিন্ন সামগ্ৰী দৰ্শন কৰিবলৈ প্ৰতি বছৰে আগমন ঘটে হাজাৰ হাজাৰ লোকৰ ।
এই মাজুলীতেই জিলিকি ৰয় শিল্প-সাধনাৰ একোখন জীয়া ছবি ৷ পুৰণি হ’লেও এলাগী নহয় শিল্পী সত্বাৰ সোণোৱালী অতীত । সময় সলনি হ’লেও শিল্পীৰ অস্তিত্ব সংস্কৃতিৰ মাপকাঠি সলনি নহয় ৷ মাথোঁ সময়-কাল-স্থান ভেদে পৰিৱৰ্তনৰ ধাৰাৰে লয় নৱ ৰূপ । য'ত প্ৰতিফলিত হয় এখন সমাজৰ কলা-সংস্কৃতি আৰু শিল্প সাধনাৰ অনন্য নিদৰ্শন ৷
৪০০ বছৰ পূৰ্বে আহোম যুগীয়া পৰম্পৰাত আভিজাত্যৰ প্ৰতীকৰূপে শিল্পকলাই যি স্থান লাভ কৰিছিল, বিভিন্ন প্ৰত্যাহ্বানৰ মাজত আজিও একে মৰ্যাদা-গৌৰৱ বহন কৰি আহিছে মাজুলীৰ সত্ৰত লালিত-পালিত এপদ কুটীৰ শিল্পই । মাজুলীৰ ঐতিহাসিক আউনীআটি সত্ৰৰ শিল্পীসকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠে এই শিল্পবিধ ।

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৃত ঐতিহ্য বহন কৰা শিল্পবিধ হৈছে বেতৰ বিচনী । হেঙুল হাইতালেৰে সুশোভিত, মখমল কাপোৰেৰে কাৰুকাৰ্যখচিত মনোমোহা বেতৰ বিচনী সত্ৰৰ ঐতিহ্য, আভিজাত্যৰ প্ৰতীক । আহোম ৰজাসলকৰ লগতে প্ৰয়াত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে বৃটিছ চাহাবক উপহাৰ দিছিল এই বিচনীখন ।

দেশী-বিদেশী পৰ্যটকৰো বিশেষ আৰ্কষণ এই শিল্পবিধ । উৎকট গৰমত শীতল বা ল'বৰ বাবে ব্যৱহাৰ কৰিব পাৰে এই বিচনী । শ শ বছৰ আয়ুষ এই বিচনীখনৰ । ঐতিহাসিক আউনীআটী সত্ৰৰ বহু কেইগৰাকী বৈষ্ণৱ এই কুটিৰ শিল্পটোৰ লগত জড়িত । ইয়াৰ বৰ্তমানৰ মূল্য ১০০০ ৰ পৰা ১৫০০ টকা ।
এই বিচনী সৌন্দৰ্যৰো প্ৰতীক । সভা-সমিতি, ৰাজনৈতিক নেতা, বিশিষ্ট, সন্মানীয় ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় এই বিচনীৰে । বিবাহ অনুষ্ঠানৰ লগতে সন্মানীয় আৰু গাম্ভীৰ্যতাৰ চিনস্বৰূপ এই বেতৰ বিচনী সাধাৰণতে সন্মানীয় অভ্যাগতক সন্মান প্ৰদৰ্শনৰ বাবে বহুলভাবে ব্যৱহৃত হৈ অহা এই শিল্পবিধ বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আজিৰ তাৰিখত ।

মাজুলীৰ আউনীআটি সত্ৰৰ উপৰিও কমলাবাৰী সত্ৰতো নিৰ্মাণ কৰা হয় এই শিল্পবিধ । মাজুলীৰ আউনীআটি সত্ৰৰ এগৰাকী বৈষ্ণৱে জনোৱা মতে সত্ৰৰ প্ৰতিষ্ঠাকালৰ পৰাই এই বিচনীখন তৈয়াৰ কৰি অহা হৈছে । বিভিন্ন সময়ত কৰ্মশালাৰ জৰিয়তে নতুন নতুন লোকক এই শিল্প শিকাই থকা হৈছে । সত্ৰ দৰ্শনৰ বাবে অহা বিভিন্নজন লোকে এই শিল্পৰ প্ৰতি আকৰ্ষিত হৈ নিজৰ ঠাইলৈ এই বিচনী ক্ৰয় কৰি লৈ যায় ।
এগৰাকী শিল্পী তথা আউনীআটি সত্ৰৰ বৈষ্ণৱে কয়, "বিচনীখন তৈয়াৰ কৰোতে যিমান সময় তথা খৰচ হয় সেই হিচাপত চাবলৈ গলে প্ৰায় ৩০০০ ৰ ওচৰত ল'ব লাগে । কিন্তু শিল্পটো জীয়াই ৰখাৰ স্বাৰ্থত এটা নিৰ্দিষ্ট মূল্যত এই বিচনীখন বিক্ৰী কৰা হয় । এই শিল্পবিধ তৈয়াৰ কৰোতে বেত, ভেলভেটৰ কাপোৰ, চুমকি, কংৰা, ৰঙা কাপোৰ, তামোল গছৰ গুৰি, হেঙুল হাইতাল ব্যৱহাৰ হয় ।"
হেঙুল হাইতালৰ বিষয়ে কিছু কথা:
প্ৰাচীন কালৰে পৰা অসমত তৈয়াৰ কৰা বিভিন্ন সামগ্ৰীত ব্যৱহাৰ কৰা দুবিধ প্ৰাকৃতিক ৰঞ্জক পদাৰ্থ হ'ল এই হেঙুল আৰু হাইতাল । হেঙুলৰ ৰং ৰঙা আৰু হাইতালৰ ৰং হালধীয়া । সত্ৰীয়া সংস্কৃতিত এই দুয়ো ৰঞ্জকৰ গুৰুত্ব যথেষ্ট । মাজুলীৰ ঐতিহাসিক আউনিআটি সত্ৰত নিৰ্মাণ কৰা ৪০০ বছৰীয়া বিচনীখনত ব্যৱহাৰ হয় এই দুই ৰঞ্জক পদাৰ্থ ।
সত্ৰৰ এগৰাকী বৈষ্ণৱে কয়, "হেঙুল তৈয়াৰ কৰিবলৈ পাৰা, গন্ধক আৰু সীহ সমপৰিমাণত লৈ শিলৰ পতাত পিহি গুড়ি কৰি লোৱা হয় । ইয়াৰ পিছত পানীত কেইবাদিনো ডুবাই ৰখা হয় । পানীত অধিক সময় ডুবাই ৰখাৰ বাবে এই পদাৰ্থবিধৰ পৰা বিষাক্ত গুণ নাইকিয়া হৈ পৰে । যিমানেই এই পদাৰ্থ কেইবিধ পতাত পিহা হয় সিমানেই ইয়াৰ ৰং উজ্জ্বল হয় । এনেদৰে কৰাৰ পিছত ব্যৱহাৰৰ উপযোগী কৰা হয় এই হেঙুল ৰঞ্জকবিধ ।"
তেওঁ লগতে কয়, "ঠিক সেইদৰে হাইতাল এবিধ হালধীয়া ৰঞ্জক পদাৰ্থ । হাইতাল প্ৰস্তুত কৰিবলৈ হালধীয়া আৰ্চেনিক লৈ শিলৰ পতাত পিহি গুড়ি কৰি লোৱা হয় । ইয়াৰ পিছত একক হাইতালৰ সৈতে আধা পৰিমাণৰ গম আঠা মিহলাই ব্যৱহাৰৰ উপযোগী কৰে । সত্ৰখনৰ বৈষ্ণৱগৰাকীয়ে জনোৱা মতে আজিৰ তাৰিখত হেঙুল হাইতালৰ দাম প্ৰতি কেজিত প্ৰায় ২৫০০০ টকা ।"
মাজুলীৰ ঐতিহাসিক আউনীআটি সত্ৰত সত্ৰ প্ৰতিষ্ঠা কালৰ পৰাই হেঙুল হাইতাল প্ৰস্তুত কৰি অহা হৈছে । আজিৰ তাৰিখতো সত্ৰখনত হেঙুল হাইতাল প্ৰস্তুত কৰা হয় । ৪০০ বছৰীয়া বিচনীখনত ব্যৱহাৰ কৰাৰ লগতে সত্ৰৰ সিংহাসন, প্ৰতিমা, মুখা আদিত এই দুয়োবিধ ৰঞ্জক পদাৰ্থ ব্যৱহাৰ কৰা হয় ।