Bihar Election Results 2025

ETV Bharat / state

বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলালে দুখনকৈ ৰিজ’ৰ্টত, বিস্তৰ ক্ষতি

খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা ভৈয়ামলৈ নামি অহা বন্যহস্তীৰ জাকে উপদ্ৰৱ চলালে চন্দ্ৰপুৰৰ দুখনকৈ ৰিজ’ৰ্টত ৷

WILD ELEPHANT ATTACK
এখন ৰিজ’ৰ্টৰ সন্মুখভাগৰ দৃশ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 13, 2025 at 1:22 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাজ্যত প্ৰায়ে হাতী-মানুহৰ সংঘাত হৈ থাকে । ৰাজ্যৰ লগতে গুৱাহাটীতো বন্যহস্তীৰ সঘনাই হয় মুক্ত বিচৰণ । বিশেষকৈ গুৱাহাটীৰ সাতগাঁও, সেনা শিবিৰৰ ভিতৰ চৌহদ, বীৰকুছি, বোন্দা, ছয়মাইল আদি অঞ্চলত প্ৰায়ে বন্যহস্তীয়ে কৰে মুক্ত বিচৰণ ।

গুৱাহাটীৰ দাঁতি কাষৰীয়া আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত অহা বন্যহস্তীয়ে প্ৰায়ে কেতবোৰ অঞ্চলত উপদ্ৰৱ চলোৱাৰ লগতে সংঘাতৰ সৃষ্টি কৰে । শনিবাৰে নিশা চন্দ্ৰপুৰ অঞ্চলত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় । খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা ভৈয়ামলৈ নামি অহা বন্যহস্তীৰ জাকে ভাঙে চন্দ্ৰপুৰৰ দুখনকৈ ৰিজ’ৰ্ট ৷

চন্দ্ৰপুৰত প্ৰায়ে বন্যহস্তীয়ে উপদ্ৰৱ চলোৱাৰ অভিযোগ (ETV Bharat Assam)

বন্যহস্তীয়ে চন্দ্ৰপুৰৰ ঠাকুৰকুছিৰ খামব্ৰেঙা বিলৰ পাৰত থকা থলুৱা খাদ্যগৃহ আৰু ৰক ভেলী ৰিজ’ৰ্ট নামৰ দুখন ৰিজ’ৰ্টৰ বিস্তৰ ক্ষতিসাধন কৰে । কেৱল ৰিজ’ৰ্ট দুখনে নহয়, পথৰে গৈ থকা এখন ডাম্পাৰৰো ক্ষতি কৰে হাতীৰ জাকটোৱে । অৱশ্যে হাতীৰ জাকটোৰ পৰা কোনোমতে প্ৰাণৰক্ষা পৰে থলুৱা খাদ্যৰ গৃহ নামৰ ৰিজ’ৰ্টখনৰ স্বত্বাধিকাৰী দ্বীপ বংজাং ৷

জানিব পৰা মতে, দেওবাৰে নিশা আমচাং অভয়াৰণ্যৰ পৰা নামি অহা প্ৰায় ৪০/৫০ জনীয়া বনৰীয়া হাতীৰ এটা জাকে খাদ্যৰ সন্ধানত অঞ্চলটোত প্ৰৱেশ কৰি ৰিজ’ৰ্ট দুখনত উপদ্ৰৱ চলায় ৷ বন্যহস্তীৰ জাকটোৱে প্ৰথমে থলুৱা খাদ্যৰ গৃহ নামৰ ৰিজ’ৰ্টখন ঘেৰি ধৰে । সেই সময়ত ৰিজ’ৰ্টখনৰ স্বত্বাধিকাৰী দ্বীপ বংজাং নামৰ লোকজন শুই আছিল । হাতীৰ জাকটোৱে ৰিজ’ৰ্টখনৰ মূল গৃহটোৰ গ্ৰীলসমূহ ভঙাৰ শব্দ পোৱাৰ পিছত দ্বীপ বজাঙে চিঞৰি-বাখৰ কৰিবলৈ ধৰে আৰু ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ হাতীৰ জাকটোক খেদি লোকজনক উদ্ধাৰ কৰে ।

এই ঘটনাৰ পিছমূহুৰ্ততে ৰাজপথৰে গৈ থকা অৱস্থাত এখন ডাম্পাৰত আক্ৰমণ কৰাত বাহনখনৰ গ্লাছবোৰ ভাঙি যায় ৷ ঘটনাস্থলীৰ পৰা পলায়ন কৰি কথমপি প্ৰাণৰক্ষা কৰে বাহনখনৰ চালক আৰু হেণ্ডিমেনে ।

বন্যহস্তীৰ জাকটোৱে পুনৰ ৰক ভেলি নামৰ আন এখন ৰিজ’ৰ্টত আক্ৰমণ চলাই দুখনকৈ পকী দেৱালৰ লগতে ৰিজ’ৰ্টখনৰ সা-সামগ্ৰীৰ ক্ষতিসাধন কৰে ৷

মন কৰিবলগীয়া যে প্ৰতিদিনে আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ভৈয়ামলৈ নামি অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোত উপদ্ৰৱ চলাই আহিছে । এই ঘটনাক লৈ ৰিজ’ৰ্টখনৰ স্বত্বাধিকাৰ মন্তব্য এনেধৰণৰ, ‘‘ক্ষতি…ভালেখিনি ক্ষতি হ’ল ৷ আচলতে কি হৈছে তেওঁলোকে তেওঁলোকৰ জাগাত আহিবই ৷ এতিয়া মোৰ এই ৱালবোৰ ভাঙিলে ৷ খাদ্য-খানা বিচাৰি পালে, চাউল, নিমখ এইবোৰ ৷ বেলেগ তেওঁলোকে বিচাৰি নাহে ৷ খাব আহি কৰিডৰটো ক্লীয়াৰ নাপালে ভাঙি থৈ যায় ৷ আমি নাছিলো, ল’ৰা এজনে ফোন কৰিছিল বোলে হাতী আহিছিল ৷ প্ৰায় 30-40 টা মান হাতী হ’ব ৷ গোটেই নিশাটো আছে ৷ প্ৰায়ে এই অঞ্চলত এনেদৰে বন্যহস্তীয়ে উপদ্ৰৱ চলায় । পুৱা ইয়াত উপস্থিত হোৱাৰ পিছত ৰিজ’ৰ্টৰ পকী দেৱাল ভাঙি থকা প্রত্যক্ষ কৰোঁ । স্থানীয় লোকে বন বিভাগক খবৰ দিছে । আমাৰ ওচৰৰ ৰিজ’ৰ্টখনত থকা লোকসকল বন্যহস্তীৰ আক্ৰমণৰ পৰা দৈৱক্ৰমে ৰক্ষা পৰিছে । প্ৰায়ে চন্দ্ৰপুৰত বন্যহস্তীয়ে উপদ্ৰৱ চলায় ৷’’

লগতে পঢ়ক: জাতিংগালৈ অহা পৰিভ্ৰমী পক্ষীৰ সুৰক্ষাৰ বাবে সষ্টম ডিমা হাছাও প্ৰশাসন