ETV Bharat / state

কঁকাল ভাঙিব নোৱাৰিলেও এপাক নাচিলে বিদেশী পৰ্যটকে - RONGALI BIHU ELEBRATIONS

কলিয়াবৰত বিদেশী পৰ্যটকৰ বিহু । অসমৰ বিহুৱাৰ সৈতে ৰঙালীৰ আনন্দত মতলীয়া নৰৱে, নিউজীলেণ্ড, ইংলেণ্ডৰ পৰ্যটক ।

Rongali Bihu elebrations
কঁকাল ভাঙিব নোৱাৰিলেও এপাক নাচিলে বিদেশী পৰ্যটকে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 18, 2025 at 12:41 PM IST

2 Min Read

কলিয়াবৰ: বিহু অসমীয়াৰ হেঁপাহৰ । পিছে বিহুক বিভিন্ন ধৰণৰ বিশেষণেৰে সম্বোধন কৰা হয় । বিহু কেৱল জাতীয় উৎসৱেই নহয়, ই প্ৰেম, ভাতৃত্ববোধ, সম্প্ৰীতিৰ নিদৰ্শন । বিহু বিনন্দীয়া । বিহুৰ প্ৰতি কেৱল অসমীয়াই আগ্ৰহী নহয় । ইয়াৰ বিনন্দীয়া ৰূপত আকৰ্ষিত হয় প্ৰতিটো ধৰ্ম, জাতি, বৰ্ণৰ নাগৰিক ।

অসমীয়া বুজি নোপোৱা বিদেশীসকলকো বিহুৱে আকৰ্ষণ কৰিব পাৰে । তাৰেই এক উৎকৃষ্ট উদাহৰণ দেখা গ'ল নগাঁৱৰ কলিয়াবৰত । বিহুনৃত্য দেখি আপ্লুত একাংশ বিদেশী পৰ্যটক । কঁকাল ভাঙিব নোৱাৰিলেও নাচনীৰ সৈতে এপাক নাচিলে বিদেশী মহিলাসকলে । ঢোলৰ ছেও কি নাজানিলেও কান্ধত ঢোলটো লৈ এবাৰ ঢুলীয়াৰ দৰেই বজাবলৈ চেষ্টা কৰিলে বিদেশী পৰ্যটকে ।

কঁকাল ভাঙিব নোৱাৰিলেও এপাক নাচিলে বিদেশী পৰ্যটকে (ETV Bharat)

আচলতে ৰঙালীৰ আনন্দত মতলীয়া ৰাজ্যবাসী । ঠায়ে ঠায়ে মুকলি বিহু আৰু মঞ্চ বিহুৰ আয়োজন কৰা হৈছে । তাৰ মাজতে নৰৱে, নিউজীলেণ্ড, ইংলেণ্ডৰ পৰা অহা ১৫ জনীয়া বিদেশী পৰ্যটকৰ এটা দল বৃহস্পতিবাৰে উপস্থিত হ'ল কলিয়াবৰৰ হাটবৰত । হাটবৰ কেন্দ্ৰীয় নাট্য সমাজে আয়োজন কৰা ৰঙালী বিহুৰ কাৰ্যসূচীত উপস্থিত হৈ অসমীয়াৰ প্ৰাণৰ ব'হাগৰ উল্লাসত সহযোগ কৰিলে বিদেশী পৰ্যটকৰ দলটোৱে । দলটোক আয়োজকে বিহুৱানেৰে সম্ভাষণ জনালে ।

Rongali Bihu elebrations
ৰঙালীৰ আনন্দত মতলীয়া বিদেশী পৰ্যটক (ETV Bharat)

ইফালে অসমীয়াৰ বিহু দেখি আনন্দিত হৈ পৰে বিদেশী পৰ্যটকসকল । বিহুৱাৰ সৈতে একেলগে নাচিলেও পৰ্যটকসকলে । এনেদৰে বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত হৈ পৰে বিদেশী পৰ্যটকসকল । এগৰাকী পৰ্যটকে ক'লে, "আমাৰ ইয়াত বহুত ভাল লাগিছে । মানুহবোৰ যথেষ্ট প্ৰতিভাসম্পন্ন, সুন্দৰ পোছাক, সকলোৱে ধুনীয়া ।" আন এগৰাকীয়ে কয়, "মই নিউজীলেণ্ডৰ পৰা আহিছো । আমাক দিয়া আতিথ্যৰ বাবে যথেষ্ট আনন্দিত হৈছো ।"

Rongali Bihu elebrations
বিহুৱানেৰে বিদেশী অতিথিক সম্বৰ্ধনা (ETV Bharat)

উল্লেখ্য যে মূলতঃ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ মানসেৰে অহা বিদেশী পৰ্যটকৰ দলটোৱে যোৱা গৰুবিহুৰ দিনা পুৱা কলিয়াবৰৰ কুঁৱৰীটোলৰ শ্ৰীশ্ৰী বগাজন সত্ৰত উপস্থিত হৈছিল । তাৰ পিছত বৃহস্পতিবাৰে দলটোৱে কলিয়াবৰত ৰঙালী বিহুৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :নাঙল বিহু; অসমৰ কৃষি সঁজুলিৰ প্ৰতি উৎসৰ্গিত এটা দিন - BOHAG BIHU 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.