যোৰহাট : যোৰহাট নগৰৰ সোমাজত থকা অসম চৰকাৰ অধীনৰ এটি চৰকাৰী কাৰ্যালয়ে দৃষ্টি কাঢ়িছে সকলোৰে । কাৰণ এই চৰকাৰী কাৰ্যালয়টোত প্ৰকৃতি সংৰক্ষণৰ পৰা পুথিভঁৰাললৈকে সকলো আছে ।
এনে দৃশ্য তথা প্ৰকৃতি সংৰক্ষণৰ আদৰ্শ দেখুওৱা কাৰ্যালয়টো হৈছে যোৰহাট জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয় । কাৰ্যালয় চৌহদত গঢ়ি তোলা হৈছে ''মিনি ফৰেষ্ট'' । আছে পুথিভঁৰাল আৰু বিভিন্ন মডেল ।
চৰকাৰী কাৰ্যালয়ৰ চৌহদত গঢ়ি তোলা হৈছে অৰণ্য
চালে চকু ৰোৱা এই কাৰ্যালয়টো সন্দৰ্ভত জিলা পশু চিকিৎসা বিষয়া ডাঃ ৰিপুঞ্জয় চক্ৰৱৰ্তীয়ে কয়, "মই এই কাৰ্যালয়টোত যোগদান কৰাৰ সময়ত হাবি-জংঘলেৰে পৰিপূৰ্ণ আছিল । কাৰ্যালয়ৰ সন্মুখত থকা মাটিখিনিও বেলেগে ল'ব বিচাৰিছিল । কিন্তু মই কাৰ্যালয়ৰ সন্মুখত থকা মাটিখিনিত এখন মিনি ফৰেষ্ট বনালো ।"
তেওঁ কয়, "নগৰৰ সোঁমাজত থকা মিনি ফৰেষ্টখনত বাস কৰা চৰাই-চিৰকটিৰ বাবে ঘৰ বনাইছো । ইয়াত থকা চৰাইবোৰৰ বাবে দৈনিক খাদ্য দিয়াৰ লগতে পানীৰ ব্যৱস্থাও কৰা হৈছে । বৰ্তমান মিনি ফৰেষ্টখনৰ গছবোৰ লাহে লাহে ডাঙৰ হৈ আহিছে । কঁঠাল, আম, আমলখি, মধুৰিআমৰ লগতে বিভিন্ন প্ৰজাতিৰ গছ উপলব্ধ এই মিনি ফৰেষ্টখনত ।''

এটা অনন্য পৰিৱেশৰ চৰকাৰী কাৰ্যালয়
আনহাতে, কাৰ্যালয়টোৰ সন্মুখত চিকিৎসাশাস্ত্ৰ উত্তীৰ্ণ হোৱাৰ পিছত শপত গ্ৰহণৰ বাবে বিশেষ লেখাৰে পৰিপূৰ্ণ এক কাৰ্যপন্থা আছে । লগতে কাৰ্যালয়টোৰ বাৰান্দাত এখন ব্লেক বোৰ্ডত ''আজিৰ শব্দ'' বুলি এটা শব্দ লিখা থাকে আৰু প্ৰত্যক দিনাই উক্ত শব্দ সলনি হৈ থাকে । এনেবোৰ ব্যৱস্থাৰ জৰিয়তে বিষয়া-কমচাৰীসকলৰ মানসিক উৎকৰ্ষ সাধনৰ লগতে বিভিন্ন ক্ষেত্ৰত সহায় কৰিব বুলি জিলা পশু চিকিৎসা বিষয়াগৰাকীয়ে উল্লেখ কৰে ।
পশু চিকিৎসা বিষয়াগৰাকীয়ে লগতে কয়, "জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ত গঢ়ি তোলা হৈছে এটা লাইব্ৰেৰী । এই লাইব্ৰেৰীত গ্ৰন্থদান কৰিম বুলি ভবাসকলে গ্ৰন্থদানো কৰিব পাৰে আৰু পঢ়িবৰ বাবে কিতাপো লৈ যাব পাৰে । লগতে বিজ্ঞানসন্মতভাৱে ফাৰ্ম নিৰ্মাণ কৰিবৰ বাবে কেনেদৰে ঘৰ সাজিব পাৰে তাৰো প্ৰতীকী ৰূপত উপস্থাপন কৰা হৈছে । ইয়াৰ উপৰি পশুপালন কেনেদৰে কৰিব পাৰে তাৰ বিষয়বস্তু সমৃদ্ধ গ্ৰন্থও উপলব্ধ কৰোৱা হৈছে ।

উল্লেখ্য যে, এই কাৰ্যালয়টোত যোৰহাট জিলাৰ বনাঞ্চলত পোৱা বিভিন্ন জীৱ-জন্তুৰ ছবি অংকন কৰি দেৱালত আঁৰি থোৱা হৈছে । চৰকাৰী কাৰ্যালয়ত গ্ৰহণ কৰা এনেধৰণৰ চিন্তাই প্ৰতিগৰাকী লোককে নিশ্চিতভাৱে আকৰ্ষিত তথা অনুপ্ৰাণিত কৰি তুলিব ।