ETV Bharat / state

লামডিঙত পথ দুৰ্ঘটনাত নিহত আমেৰিকাৰ নাগৰিকৰ

বিদেশৰ পৰা বাইক চলাই ভাৰত ভ্ৰমণ কৰি আছিল নিহত আমেৰিকাৰ নাগৰিক এলেনা বেৰি থমচনে ৷

USA BIKER DIES IN LUMDING
আমেৰিকাৰ নাগৰিক এলেনা বেৰি থমচন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 21, 2024 at 8:40 PM IST

|

Updated : December 21, 2024 at 9:18 PM IST

2 Min Read
Choose ETV Bharat

হোজাই: হোজাই জিলাৰ লামডিঙত সোমবাৰে এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই পথ দুৰ্ঘটনাত এগৰাকী বিদেশী মহিলা পৰ্যটক নিহত হয় । নিহত বিদেশী পৰ্যটকগৰাকী এলেনা বেৰি থমচন বুলি চিনাক্ত কৰা হৈছে ৷ এলেনা বেৰি থমচন আমেৰিকাৰ নাগৰিক । এখন মালবাহী ট্ৰাকৰ খুন্দাত নিহত হয় বিদেশী পৰ্যটক মহিলাগৰাকী ৷ লামডিং-হাফলং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ব্লুহিল ধাবাৰ সন্মুখত সংঘটিত হৈছিল উক্ত পথ দুৰ্ঘটনাটো ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত স্থানীয় লোকে আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে ৷ লগে লগে ঘটনাস্থলীত লামডিং আৰক্ষীৰ লগতে মান্দাৰ দিচা আৰক্ষী উপস্থিত হৈ বিদেশী পৰ্যটকগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰে আৰু চিকিৎসাৰ বাবে তেওঁক লামডিং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু লামডিং অসামৰিক চিকিৎসালয়ত উপস্থিত হোৱাৰ পাছতেই চিকিৎসকে বিদেশী মহিলা পৰ্যটকগৰাকীক মৃত ঘোষণা কৰে ৷

USA BIKER DIES IN LUMDING
আমেৰিকাৰ নাগৰিক এলেনা বেৰি থমচন (ETV Bharat Assam)

লামডিং আৰক্ষী থানাৰ বিষয়াই জানিবলৈ দিয়া মতে, বিদেশী পৰ্যটকগৰাকীয়ে ৰয়েল এনফিল্ড হিমালয়ান বাইকেৰে লামডিঙৰ পৰা হাফলঙৰ অভিমুখে গৈ থকা সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় । জানিব পৰা মতে, অশোক লিলেন কোম্পানীৰ এখন মালবাহী ট্ৰাকে বাইকখনত খুন্দা মাৰে ৷ দুৰ্ঘটনাটো সংঘটিত কৰি উক্ত ট্ৰাকখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

USA BIKER DIES IN LUMDING
এলেনা বেৰি থমচনৰ দুৰ্ঘটনাগ্ৰস্ত বাইকখন (ETV Bharat Assam)

দুৰ্ঘটনাগ্ৰস্ত ৰয়েল এনফিল্ড হিমালয়ান বাইকখনৰ পঞ্জীয়ন নম্বৰ AS 11 N 0804 ৷ সম্প্ৰতি আৰক্ষীয়ে এই দুৰ্ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ ইয়াৰ লগতে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ লগতে চালকক বিচাৰি তদন্ত অব্যাহত ৰাখিছে ৷

USA BIKER DIES IN LUMDING
আমেৰিকাৰ নাগৰিক এলেনা বেৰি থমচন (ETV Bharat Assam)

অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে ৷

লগতে পঢ়ক: কেইদিনমান আগতে ভাল খবৰ পাইছিলহে ! মুহূৰ্ততে থানবান হৈ পৰিল এটা পৰিয়ালৰ সপোন

Last Updated : December 21, 2024 at 9:18 PM IST