টীয়ক : এসময়ৰ এগৰাকী ঢুলীয়া; যাৰ ঢোলৰ চাবত সকলো মন্ত্ৰমুগ্ধ হৈ পৰিছিল । তেওঁৰ ঢোলৰ যাদু চাবলৈ মঞ্চৰ সন্মুখত দৰ্শকে ভিৰ কৰিছিল । অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোলৰ যাদুৰেই তেওঁ সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল । যিগৰাকী শিল্পীক সুধাকণ্ঠৰ দৰে বৰেণ্য় শিল্পীয়ে আদৰ কৰিছিল, তেওঁৰ খবৰ ল'বলৈ আজি কাৰোৱেই আহৰি নাই । ৰজাঘৰৰ লগতে কোনো জাতীয় সংগঠন তথা অনুষ্ঠানেও তেওঁক আন সময়ৰ কথাতো বাদেই, ৰঙালী বিহুৰ সময়তো এখন ফুলাম গামোচাৰে বিহুৰ ওলগ জনাবলৈ আহৰি পোৱা নাই ।
জীৱনৰ ৮০টা বসন্তই গৰকাৰ পিচতো বিহুৰ সেই সোণোৱালী দিনবোৰলৈ মনত পেলাই জীয়াই থকাৰ সপোন দেখে এইগৰাকী ঢুলীয়া শিল্পীয়ে । জীৱনৰ সোণোৱালী সময়ত ঢোলটোকে আপোন কৰি অসমীয়া সংস্কৃতিক শুদ্ধ ৰূপত জীয়াই ৰাখিবলৈ চেষ্টা কৰা এইগৰাকী শিল্পীয়ে আজিলৈকে নাপালে শিল্পী পেন্সন । তেওঁ আন কোনো নহয়, আমি উল্লেখ কৰা শিল্পীগৰাকী হৈছে সম্ৰাট মঘাই ওজাৰ পালি বলাই ওজা ।
প্ৰতিজন অসমীয়া ব্যস্ত আপোন বিহুটিক আদৰাত । কিন্তু টীয়কৰ ঢোলৰ সম্ৰাট মঘাই ওজাৰ পালি বলাই ওজাই আজি বিহু বুলি ঢোলত এচাপৰ মৰাৰ মন কৰিছে যদিও শাৰীৰিক অসুস্থতাৰ বাবে মুখেৰেই বাজনা বজাইছে, গাই গ’ল ঢোলৰ জন্মৰ কথা ।
আজি আদৰ নাই বলাই ওজাৰ ঢোলৰ । ধূলি-মাকতিৰ মাজত বলাই ওজাৰ ঢোল, তালকে ধৰি বিভিন্ন মঞ্চত ৰাইজে দিয়া মৰম চেনেহৰ চিহ্নসমূহ । গোটেই জীৱনটো কান্ধত ঢোলটি লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ঢোল বজাই ফুৰা বলাই ওজাই আজি আত্মীয় কুটুম্বক পাহৰি পেলাইছে যদিও ক'ত ক'ত বিহু মাৰিছিল, ওজা বজাইছিল শলশলীয়াকৈ সকলো কৈ গৈছে ।
মজাই ওজাৰ বিখ্যাত পালি বলাই ওজাই কয়, "আজি বিহু বুলি ঢোলটো বজাবলৈ মন গৈছে । গাটো অলপ বেয়া, মনটো খেলি-মেলি লাগি থাকে । মঘাই ওজাৰ পালি আছিলো মই । বহুত ঢোল বজালো । মোক এটা ঢোল কিনি দিছিল মঘাই ওজাই ছয় টকাত । এতিয়া ক'ত পাব ?"
সুধাকণ্ঠ ভূপেন হাজৰিকাক লগ পোৱা দিনৰ কথা স্মৰণ কৰি শিল্পীগৰাকীয়ে কয়, "মোক লগ পালে সাবতি ধৰে, বৰ ভালপায় মোক । ৰাইজেও পাই, খালী চৰকাৰে এতিয়ালৈকে পেন্সনটো নিদিলে । আজি বিহুৰ দিনা সকলোৰে ভাল হওক মই তাকে আশীৰ্বাদ কৰিছো ।"