ETV Bharat / state

পঞ্চায়ত নিৰ্বাচনে গৃহহীন কৰিছে এটা পৰিয়ালক ! - PANCHAYAT ELECTION 2025

পঞ্চায়ত নিৰ্বাচনৰ বাবে এটা পৰিয়াল গৃহহীন হোৱা খবৰে সৃষ্টি কৰিছে চাঞ্চল্যৰ । ঘটনাক লৈ ডিব্ৰুগড়ৰ মধুপুৰ দেউৰী গাঁৱৰ অভিযোগ-প্ৰতিঅভিযোগ ।

A family has been rendered homeless in the panchayat election
পঞ্চায়ত নিৰ্বাচনে গৃহহীন কৰিছে এটা পৰিয়ালক ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 18, 2025 at 8:47 PM IST

4 Min Read

ডিব্ৰুগড়: ৰাজ্যত অনুষ্ঠিত হৈ গ'ল পঞ্চায়ত নিৰ্বাচন আৰু ফলাফল ঘোষণা কাৰ্যসূচী । পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুই-এটা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল যদিও ফলাফল ঘোষণাৰ পিছতে ডিব্ৰুগড় সমষ্টিৰ মধুপুৰ দেউৰী গাঁৱত সংঘটিত হোৱা আন এক ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ।

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছতেই এটা পৰিয়াল গৃহহীন হোৱা খবৰে চাঞ্চল্য সৃষ্টি কৰিছে । বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীক সমৰ্থন নকৰা বাবেই দেউৰী পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া ভাস্কৰ দেউৰীয়ে এটা পৰিয়ালক গৃহহীন কৰাৰ অভিযোগ উত্থাপিত হৈছে । পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছত গৃহহাৰা হ'ল দেউৰী পৰিষদৰ কাৰ্যবাহী বিষয়া ভাস্কৰ দেউৰীৰ এগৰাকী আত্মীয় ।

পঞ্চায়ত নিৰ্বাচনে গৃহহীন কৰিছে এটা পৰিয়ালক ! (ETV Bharat Assam)

অভিযোগ অনুসৰি পঞ্চায়ত নিৰ্বাচনত দেউৰী পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া ভাস্কৰ দেউৰীৰ মনৰ পচন্দ প্ৰাৰ্থীক সহযোগিতা নকৰাৰ বাবেই এই ঘটনা সংঘটিত হয় বুলি অভিযোগ উত্থাপিত হৈছে । মধুপুৰ দেউৰী গাঁৱৰ ইন্দ্ৰকান্ত দেউৰী(কৃষ্ণ)ৰ পত্নী মণিকা দেউৰীয়ে ভাস্কৰ দেউৰীৰ পিতৃৰ ভূমিত বাস কৰিছিল ।

পকী খুঁটাৰে ঘৰ নিৰ্মাণ কৰি আটক ধুনীয়াকৈ পৰিয়ালটো বাস কৰি আহিছিল । কিন্তু পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে সকলো খেলি মেলি হৈ গ'ল । বিগত পঞ্চায়ত নিৰ্বাচনত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া ভাস্কৰ দেউৰীৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীক সহযোগিতা নকৰাৰ বাবেই পৰিয়ালক উক্ত স্থানৰ পৰা ঘৰ ভাঙি লৈ যাবলৈ বাধ্য কৰোৱাৰ অভিযোগ ।

ভাস্কৰ দেউৰীয়ে পৰিয়ালটোক ভয়-ভাবুকি দিয়াত নিজৰ আপোন ঘৰখন ৰাইজৰ সহযোগত ভাঙি পেলালে পৰিয়ালটোৱে । এই কথা ৰাজহুৱা হোৱা পাছতে এতিয়া ভাস্কৰ দেউৰীৰ ওপৰত মধুপুৰ দেউৰী গাঁৱৰ অধিকাংশ ৰাইজ খৰ্গহস্ত হৈ পৰিছে । ভোটৰ বাবেই পৰিয়ালটোক গৃহহাৰা কৰা বুলি উত্থাপন অভিযোগৰ বাবে ক্ষোভিত হৈছে অঞ্চলটোৰ ৰাইজ ।

আনহাতে দেউৰী স্বায়ত্ত পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া ভাস্কৰ দেউৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ কৰিছে ভাস্কৰ দেউৰীৰ পৰিয়ালে । ভাস্কৰ দেউৰীক ৰাজনৈতিকভাৱে ধ্বংস কৰাৰ বাবে প্ৰৰোচনাত পৰি পৰিয়ালটোৱে ঘৰ ভাঙি সামাজিক মাধ্যমত ভিডিঅ' দিয়াৰ দাবী পৰিয়ালটোৰ । ঘটনাক লৈ মধুপুৰ দেউৰী গাঁৱত অভিযোগ- প্ৰতিঅভিযোগ উত্থাপিত হোৱাৰ লগতে সমগ্ৰ ঘটনাক লৈ দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ ভিতৰতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।

আমি বেলেগ ৰাজনৈতিক দলত যোৱাৰ বাবে আমাক ঘৰ ভাঙি দিবলৈ বাধ্য কৰালে:

ঘটনা সামাজিক মাধ্যমত প্ৰকাশ পোৱা পাছতে সংবাদ মাধ্যমত গৃহহীন হোৱা মণিকা দেউৰীয়ে কয়,"পঞ্চায়ত নিৰ্বাচনত ভাস্কৰ দেউৰীৰ সমৰ্থিত প্ৰাৰ্থীৰ লগত নোযোৱা বাবেই ঘৰটো ভাঙি লৈ যাবলৈ কয় । ভাস্কৰ দেউৰীৰ পৰিয়ালৰ লগত মাটিখিনি সলনি কৰা ১০ বছৰ হ'ল যদিও ৩ বছৰ ধৰি আমি ঘৰ বনাই আছিলোঁ । ঘৰ বনাবলৈ দেউৰী স্বায়ত্ত পৰিষদৰ পৰা ধন লাভ কৰিছিলোঁ ।"

তেওঁ লগতে কয়,"ভাস্কৰ দেউৰীয়ে ইয়াৰ পৰা ঘৰটো উঠাই নিবলৈ নিজেই কৈ গৈছে । তেওঁৰ লগত আলোচনা কৰিবলৈ আমি বহুত বাৰ চেষ্টা কৰিছিলোঁ যদিও তেওঁ আমাৰ কাষ নাচাপিলে । তেওঁলোকে নিজেই ঘৰ বনাবলৈ ব্যৱস্থা কৰি দিছিল যদিও আমি বেলেগ ৰাজনৈতিক দলত যোৱা বাবে আমাক ঘৰ ভাঙি দিবলৈ বাধ্য কৰালে ।"

অভিযোগ নস্যাৎ কৰিলে ভাস্কৰ দেউৰীৰ পৰিয়ালে:

সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে ভাস্কৰ দেউৰীক সকলোৱে একেমুখে ধিক্কাৰ দিছে । কিন্তু এই অভিযোগ নস্যাৎ কৰিলে ভাস্কৰ দেউৰীৰ পৰিয়ালে । দেওবাৰে বিয়লি ভাস্কৰ দেউৰীৰ মাতৃ ৰেনুকা দেউৰীয়ে কয়,"ইন্দ্ৰকান্ত দেউৰী(কৃষ্ণ)য়ে আমাৰ পৰা ঘৰৰ ভেঁটি বিচৰাত আমি মাটি দিছিলোঁ । পৰিষদৰ পৰা ঘৰ লাভ কৰাত আমাৰ মাটিত ঘৰ বনাইছিল । কাৰোবাৰ প্ৰৱঞ্চনাত পৰি ঘৰটো ভাঙি লৈ গৈছে । ভাস্কৰ দেউৰীয়ে ঘৰ ভাঙি নিবলৈ কোৱা নাই, তেওঁলোকে নিজে ইচ্ছা কৰি ভাঙি লৈ গৈছে ।"

ৰেনুকা দেউৰীয়ে লগতে কয়,"নিজৰ ইচ্ছামতে ঘৰ ভাঙি নি, ঘৰৰ ভাঙি নিয়া ভিডিঅ' সামাজিক মাধ্যমত দি অপপ্ৰচাৰ কৰি আমাক মানসিক অত্যাচাৰ চলাইছে । আমাৰ ইয়াত থাকিবলৈ আমি জোৰ দিছিলোঁ যদিও আমাৰ কথা নামানিলে ।" মিছা কথা প্ৰচাৰ কৰি থাকিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিম বুলি উল্লেখ কৰে ভাস্কৰ দেউৰীৰ বৃদ্ধা মাতৃয়ে ।

লগতে পঢ়ক: আই এছ আইৰ নিমন্ত্ৰণত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ: মুখ্যমন্ত্ৰী - GAURAV GOGOI ISI CONNECTION

প্ৰেমে নাপালে পূৰ্ণতা, অচিনা দেশলৈ প্ৰেমিক-প্ৰেমিকা - LOVERS LOST THEIR LIFE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.