ETV Bharat / state

বয়সে আঁচুৰিলেও ঢোলৰ চাপৰ কেনেকৈ পাহৰিব, বিহুৰ বতৰত নাচিলে এপাক - RANGALI BIHU 2025

১৯৮৭ চনৰ ৰাছিয়া ফেৰৎ ঢুলীয়া-নাচনী । এতিয়া এক সফল দম্পত্তি, ককা-আইতা । বিহুৰ বতৰত ঢোলত চাপৰ মাৰি এপাক নাচিলে ভাৰত শইকীয়া আৰু ৰুলী বৰা ।

A couple from Kaliabor performing Bihu in Soviet Russia
১৯৮৭ চনৰ ৰাছিয়া ফেৰৎ ঢুলীয়া-নাচনী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 6, 2025 at 9:42 AM IST

Updated : April 6, 2025 at 11:59 AM IST

6 Min Read

কলিয়াবৰ: ১৯৮৭ চনতে ভাৰতক প্ৰতিনিধিত্ব কৰি তেতিয়াৰ ছোভিয়েট ৰাছিয়াত বিহু নাচ পৰিৱেশনেৰে কৃতিত্বৰ পৰিচয় দাঙি ধৰিছিল কলিয়াবৰ বিহু দলৰ বহুকেইজন সদস্য-সদস্যাই । তাৰ ভিতৰত কলিয়াবৰৰ পোৰাভেটি গাঁৱৰ এগৰাকী নাচনী আৰু তিনিগৰাকী বিহুৱাই স্থান লাভ কৰিছিল ।‌ ৰূপৰেখা বৰুৱা, বসন্ত মহন্ত, ভাৰত শইকীয়া আৰু মাধৱ শইকীয়া । পোৰাভেটি গাঁৱৰ ভাৰত শইকীয়াই সৰুৰে পৰা ঢোল বজাই পাছলৈ সেই সময়ৰ কলিয়াবৰৰ জাকত-জিলিকা বিহু দল শংকৰ-মাধৱ পুথিভঁৰালৰ অন‍্যতম সদস‍্য হৈ পৰিছিল ।

কলিয়াবৰৰ বিভিন্ন স্থানত মুকলি বিহু প্ৰতিযোগিতাৰ উজান উঠাৰ সময়তে অতি উন্নত মানদণ্ডৰ বিহু প্ৰতিযোগিতাসমূহত শ্ৰীশ্ৰী শংকৰ-মাধৱ পুথিভঁৰাল অন‍্যতম শ্ৰেষ্ঠ দল আছিল । স্বাভাৱিকতে ভাৰত শইকীয়া আছিল সেই দলটোৰ নিৰ্ভৰযোগ‍্য ঢুলীয়া । মহাবিদ্যালয়ত পঢ়ি থকা কালত ঢুলীয়া ৰূপে ভাৰত শইকীয়াই কলিয়াবৰ বিহু দলৰ অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ জগন্নাথ মহন্তৰ নেতৃত্বত অসম তথা ভাৰতৰ বিভিন্ন স্থানত বিহু প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিছিল ।

১৯৮৭ চনৰ ৰাছিয়া ফেৰৎ ঢুলীয়া-নাচনী (ETV Bharat Assam)

পৰৱৰ্তী সময়ত ১৯৮৭ চনৰ ভাৰত-ছোভিয়েট মৈত্ৰী চুক্তি অনুযায়ী সাংস্কৃতিক বিনিময় কাৰ্য‍সূচীত ভাৰতৰ তৰফৰ পৰা প্ৰেৰণ কৰা বিহু দলৰ সদস‍্য হোৱাৰ সুবিধা লাভ কৰিছিল । বিহু দলৰ লগত জড়িত হৈ ছোভিয়েট ৰাছিয়ালৈ যাবলৈ লাভ কৰা মধুৰ স্মৃতিৰ বিষয়ে ভাৰত শইকীয়াই কয়,"গাঁৱৰে শ্ৰীশ্ৰী শংকৰ-মাধৱ পুথিভঁৰালৰ যিটো বিহু দল আছিল, সেই দলটোতে কলিয়াবৰ তথা নগাঁৱৰ বহু স্থানত বিহু মাৰিছিলোঁ । কলিয়াবৰ বিহু দল নামৰ এটি বিহু দল জগন্নাথ মহন্তৰ নেতৃত্বত গঠন কৰা হৈছিল । তেতিয়া আমাৰ গাঁৱৰ চাৰিগৰাকীক বাচনি কৰি কলিয়াবৰ বিহু দলত অন্তৰ্ভুক্ত কৰিছিল ।"

তেওঁ লগতে কয়,"কলিয়াবৰ বিহু দলৰ জৰিয়তেই প্ৰথমে অসম, ভাৰতৰ বিভিন্ন স্থানত বিহু প্ৰদৰ্শন কৰিছিলোঁ । ত্ৰিপুৰা, পাটনা, কাশ্মীৰ, দিল্লীৰ লগতে ১৯৯৫ চনত মাদ্ৰাজত অনুষ্ঠিত ছাউথ এছিয়ান গেম্‌ছতো অসমৰ হৈ বিহু প্ৰদৰ্শন কৰিছিলোঁ । তাৰ মাজতে ১৯৮৭ চনত ৰাছিয়াতো বিহু প্ৰদৰ্শন কৰিবলৈ সুবিধা পালোঁ । ৩০ জুনৰ পৰা ১৬ জুলাই তাৰিখলৈকে হোৱা সাংস্কৃতিক কাৰ্যসূচীত ৰাছিয়াৰ মস্কোত মুখ্য অনুষ্ঠানত অংশগ্ৰহণ কৰি আমি প্ৰায় পোন্ধৰখনমান ৰাজ্যত বিহু পৰিৱেশন কৰিছিলোঁ ।"

অতীতৰ কথা সুঁৱৰি শইকীয়াই কয়,"১৯৯৫ চনৰ পৰা বিহুৰ অনুষ্ঠান কৰা নাই যদিও বিহুৰ বতৰত ঢোলটোত এচাপৰ মাৰিবলৈ মন যায় । মোৰ পৰিবাৰো এগৰাকী নাচনী আছিল । আমি একেলগে বিহু মাৰিছিলোঁ, ৰাছিয়ালৈও গৈছিল । লাহে-লাহে আমাৰ মাজত এক সম্পৰ্ক হ'ল আৰু সংসাৰখন আগবঢ়াই নিব পাৰিম বুলি বিশ্বাস হ'ল । শেষত তেওঁৰ সৈতেই সংসাৰ কৰিলোঁ । ছোৱালী-ল'ৰাৰ পিতৃ হ'লোঁ, জী-নাতিৰো মুখ দেখিলোঁ । তেওঁ কিন্তু এতিয়াও বিহুৰ লগত সক্ৰিয়ভাৱে জড়িত । জেং বিহু দল এটাত তেওঁ এতিয়াও নাচে, শিকাই-বুজাইও দিয়ে ।"

A couple from Kaliabor performing Bihu in Soviet Russia
ভাৰত শইকীয়া (ETV Bharat Assam)

উল্লেখ্য যে, ২০২০ চনত অসম চৰকাৰৰ কৃষি বিভাগৰ এগৰাকী কৰ্মচাৰীৰূপে অৱসৰ গ্ৰহণ কৰা ভাৰত শইকীয়াৰ পৰিবাৰ ১৯৮৭ চনৰ ৰাছিয়ালৈ যোৱা বিহু দলৰ এগৰাকী নাচনী আছিল । কলিয়াবৰৰে শাকমুঠি গাঁৱৰ ৰুলী বৰাই ১৯৮৩ চনতে কলিয়াবৰক প্ৰতিনিধিত্ব কৰি গুৱাহাটীত অনুষ্ঠিত সদৌ অসম চেমনীয়া বিহু কুঁৱৰীৰ সন্মান লাভ কৰিছিল । পৰৱৰ্তী সময়ত কলিয়াবৰ বিহু দলৰ হৈ অসম তথা ভাৰতৰ বিভিন্ন স্থানত বিহু প্ৰদৰ্শন কৰিছিল ।

সেই সুবাদতে ১৯৮৭ চনত ৰাছিয়াত অনুষ্ঠিত ভাৰত-ছোভিয়েট মৈত্ৰী চুক্তি অনুযায়ী সাংস্কৃতিক বিনিময় কাৰ্য‍্যসূচীত অসমৰ পৰা যোগদান কৰা বিশজনীয়া বিহু দলৰ এগৰাকী সদস্য হৈ ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে । এই বিৰল সময়খিনিত বিষয়ে বিবাহসূত্ৰে ৰুলী বৰাৰ পৰা শইকীয়া উপাধি লোৱা ৰুলী শইকীয়াই কয়,"চেমনীয়াৰ পৰাই আনুষ্ঠানিকভাৱে বিভিন্ন প্ৰতিযোগিতা আৰু অনুষ্ঠান বিহু পৰিৱেশন কৰি পাছলৈ কলিয়াবৰ বিহু দলৰ বিহু পৰিৱেশন কৰিবলৈ সুবিধা পাওঁ । কলিয়াবৰ বিহু দলৰ লগত অসম তথা ভাৰতৰ বিভিন্ন স্থানত বিহু নাচিছিলোঁ । তেতিয়াই ৰাছিয়াত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সুবিধা পাওঁ । ৰাছিয়াত অনুষ্ঠান কৰি ভাল লাগিছিল । এক বেলেগ অনুভৱ ।"

তেওঁ লগতে কয়,"সেই অনুষ্ঠান সামৰি আহি আমি দিল্লীতো বিহু নাচিছিলোঁ । যেতিয়া অসমলৈ উভতি আহোঁ, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ৰবীন্দ্ৰ ভৱনত আয়োজন কৰা এক অনুষ্ঠানত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাদেৱে আমাক অভিনন্দন জনাইছিল । যি এক অনন্য অভিজ্ঞতা আজিও সোঁৱৰি ভাল লাগে ।"

এসময়ৰ সহযোগী ঢুলীয়া ভাৰত শইকীয়াৰে সংসাৰ গঢ় দিয়া ৰুলী শইকীয়া কয়,"এই বিহুৰ লগত জড়িত হৈ থাকোতেই আমাৰ দলৰে ঢুলীয়া এজনৰ সৈতে মোৰ এক সম্পৰ্ক ঘটিছিল । সেই সম্পৰ্ক আজীৱন ৰখাৰ প্ৰতিশ্ৰুতিৰে আমাৰ বিয়া হ'ল । সংসাৰ আগ বাঢ়িল, দুই সন্তানৰ মাক হ'লোঁ । জীয়াৰীক বিয়া দিলোঁ, আইতাক হ'লোঁ, তথাপিও বিহু নাচি আছোঁ । আগতে ঢোলৰ তেলত, এতিয়া জেং বিহুৰ টকাৰ মাতত ।"

ৰুলী বৰা (ETV Bharat Assam)

অসমৰ বিভিন্ন স্থানত বিহু প্ৰদৰ্শনৰ লগতে নতুন দিল্লীত নেহৰু যুৱ কেন্দ্ৰ দ্বাৰা অনুষ্ঠিত সাংস্কৃতিক কাৰ্য‍্যসূচীত অংশগ্ৰহণ কৰি ৰাছিয়ালৈ বুলি যাত্ৰাৰ সুবিধা লাভ কৰা কলিয়াবৰ বিহু দলটোৰ অন‍্যতম সদস‍্য আছিল ভাৰত শইকীয়া আৰু ৰুলী বৰা । শিল্পী প্ৰতিনিধিৰূপে অসম চৰকাৰে ১০,০০০ টকা, এটা ভি. আই. পি. চু'টকেছ, দুখন বিহু চুৰীয়া, গামোছা, টঙালী, এটা ঢোল, টাইসহ এযোৰ চুট, এজোৰ জোতা অসম চৰকাৰৰ পৰা লাভ কৰিছিল ।

সেইদৰে নাচনীয়েও লাভ কৰিছিল প্ৰয়োজনীয় সামগ্ৰী, বিহুৰ সাজু । সেই সময়ত এক ডলাৰৰ ভাৰতীয় মূল‍্য আছিল ১৩.২৫ টকা । ৰাছিয়াৰ মস্কো মহানগৰৰ লেনিন ষ্টেডিয়ামত পোন্ধৰ দিনীয়া সাংস্কৃতিক অনুষ্ঠানত বিহু পৰিৱেশন কৰাৰ পিছত ৰে'লযোগে আন নখন নগৰত বিহু প্ৰদৰ্শন কৰাৰ বাবে ভ্ৰমণ কৰিছিল বিহু দলটো । এই বিহু দলটোত জগন্নাথ মহন্তৰ নেতৃত্বত কলিয়াবৰ বিহু দলৰ সদস্য আছিল এঘাৰগৰাকী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সোমনাথ বড়াৰ নেতৃত্বত ৯ গৰাকী, মুঠ ২০গৰাকী । মস্কোৰ ওপৰিও বিহু প্ৰদৰ্শন কৰা আন নগৰসমূহ হ'ল, তুলা, অৰেল, অচকল, ভাৰনেজ, টামভৱ, পেঞ্জা, তলজাতি, চাৰাতুভ, ভল্গাগ্ৰেড্ ।

লগতে পঢ়ক: বিহু বুলিলেনো ৰৈ থাকে কেনেকৈ, ভোজপুৰী সমাজৰ বিহু কৰ্মশালা - BOHAG BIHU 2025

জেং বিহু চাবলৈ অকলে নাযাবা আমাকো লগতে নিবা..., চলিছে জেং বিহুৰ আখৰা - BOHAG BIHU 2025

Last Updated : April 6, 2025 at 11:59 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.