নগাঁও: পুনৰ আন এক বিপদৰ সন্মুখীন হ’ল ধিং বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম । যেন বিপদে লগেই নেৰা হৈছে বিধায়ক আমিনুল ইছলামক । এইবাৰ ৰাষ্ট্ৰীয় সুৰক্ষা আইন (এন এছ এ)ৰ গোচৰ সংযোজন হৈছে বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে । ভাৰত পাকিস্তানৰ যুদ্ধৰ উকমুকনি ঘটোৱা কাশ্মীৰৰ পহলগাম কাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰিছিল বিধায়ক আমিনুল ইছলামে । বিগত ২৩ এপ্ৰিলত পহলগামকাণ্ডক লৈ বহু বিস্ফোৰক আৰু বিতৰ্কিত মন্তব্য কৰাৰ পাছতেই ২৪ এপ্ৰিলত বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল নগাঁও আৰক্ষীয়ে ।
ন্যায়িক জিম্মাত নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কটোৱা বিধায়ক আমিনুল ইছলামৰ জামিনৰ বাবে বিধায়কগৰাকীৰ হৈ অধিবক্তাই জামিন আবেদন কৰে বুধবাৰে । বুধবাৰে আদালতে বিধায়ক আমিনুল ইছলামৰ জামিন মঞ্জুৰ কৰে ।
কিন্তু জামিন মঞ্জুৰ কৰাৰ পাছতেই পুনৰ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত তেওঁক পুনৰ আটক কৰা হয় । বিধায়ক আমিনুল ইছলামক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা বুলি ই টিভি ভাৰতক জানিবলৈ দিছে নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ।
ডেকাই ই টিভি ভাৰতৰ আগত কয়, ‘‘ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত পুনৰবাৰ বিধায়ক আমিনুল ইছলামক আটক কৰা হৈছে ৷’’ নগাঁও আৰক্ষীয়ে ৰুজু কৰা গোচৰৰ জামিন লাভৰ লগে লগে বিধায়ক আমিনুল ইছলামক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত সোধাপোছা কৰি থকা বুলিও জানিব পৰা গৈছে । আমিনুল ইছলামৰ কেতবোৰ মন্তব্যই উত্তেজনা বিয়পোৱাৰ আশংকা কৰিছে নগাঁও আৰক্ষীয়ে ।
উল্লেখ্য যে, নগাঁও সদৰ আৰক্ষী থানাত 347/25 নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ 152/196/197(1)/113(3)/352/353 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ পিছত ২৪ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল এই বহুবল্কী বিধায়কজনক । আদালতৰ নিৰ্দেশ অনুযায়ীয়েই পাঁচদিন নগাঁও আৰক্ষীৰ জিম্মাত ৰখাৰ পাছত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল তেওঁক ।