ETV Bharat / state

দিনত প্ৰচাৰ ৰাতি বিহু: ভোটে-বিহুৱে সমানে চলাইছে বিহুৱতীয়ে - PANCHAYAT ELECTIONS 2025

পঞ্চায়ত নিৰ্বাচনৰ এগৰাকী প্ৰাৰ্থী । দিনত চলাইছে প্ৰচাৰ আৰু নিশা সতীৰ্থৰ সৈতে গাঁৱৰ ঘৰে ঘৰে গাইছে বিহু ।

Panchayat Elections 2025
জেংবিহুৰ দলপতিও অৱতীৰ্ণ হৈছে নিৰ্বাচনত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 18, 2025 at 2:06 PM IST

3 Min Read

মৰাণ: ৰাজ্যত এতিয়া ৰঙালীৰ উছাহ । বিভিন্ন প্ৰান্তত ৰঙালী বিহু উদযাপন কৰা হৈছে । তাৰ মাজতে পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যজুৰি প্ৰচাৰ আৰম্ভ হৈছে । বিহুৰ পাছতে অহা ২ মে'ত ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন ৷ বিহু বুলি আহৰি নাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰো ৷ সেই বুলিয়েই বিহুৰ মাদকতা এৰে কেনেকৈ ৷ ডিব্ৰুগড়ৰ এগৰাকী প্ৰাৰ্থীয়ে সেয়ে প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ গাইছে বিহু ৷

বিহুৱতীয়ে খেলিব নিৰ্বাচন

জেংবিহুৰ দলপতিও অৱতীৰ্ণ হৈছে নিৰ্বাচনত (ETV Bharat)

ডিব্ৰুগড়ৰ তিলৈনগৰৰ জ্যোতিৰ্ময় বোৱাৰী জেংবিহু দলটিয়ে বিগত ৫ টা বছৰে গাঁৱৰ ঘৰে ঘৰে জেং বিহু পৰিৱেশন কৰাৰ উপৰিও বিভিন্ন মঞ্চতো বিহু প্ৰদৰ্শন কৰি ৰাইজৰ সমাদৰ লাভ কৰিছে ৷ দলটোৰ দলপতি টুটুমণি ফুকন এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে । টিংখাং সমষ্টিৰ অন্তৰ্গত দিখাৰী-তিলৈ পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে বিজেপি দলৰ কৰ্মী টুটুমণিয়ে ৷ কিন্তু নিৰ্বাচন হ'লেও বিহু এৰে কেনেকৈ ? তাতে আকৌ তেওঁ জেংবিহু দলটোৰ দলপতি ৷ সেয়ে দিনত নিৰ্বাচনী প্ৰচাৰ চলাই নিশা সতীৰ্থৰ সৈতে গাঁৱৰ ঘৰে ঘৰে জুৰিছে বিহু ৷ নিৰ্বাচনক লৈ তেওঁ আশাবাদী । সতীৰ্থসকলেও বিচাৰে দলপতি নিৰ্বাচনত জয়ী হোৱা ।

বিহুৰ মাজতে চলিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ :

বোৱাৰী জেংবিহু দলটো গঠন হোৱা দিনৰ পৰাই দলপতি হৈ থকা টুটুমণি ফুকনে বৃহস্পতিবাৰে নিশা কয়, "আমাৰ দলটোৰ নাম হ'ল তিলৈনগৰৰ জ্যোতিৰ্ময় বোৱাৰী জেংবিহু দল । এইবাৰ বেছিদিন বিহু গাব নোৱাৰিম । পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড সদস্যৰ পদত প্ৰাৰ্থিত্ব আগবঢ়াইছো । টিংখাং সমষ্টিৰ অন্তৰ্গত দিখাৰী-তিলৈ পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছো । দিনত ঘৰে ঘৰে প্ৰচাৰ চলোৱাৰ লগতে নিশা বিহু গাইছো । নিৰ্বাচনৰ ইচ্ছ্যু বুলি একো কথা নাই, ৰাইজে দেখিছে বিজেপি চৰকাৰে কিমান উন্নয়ন কৰিছে । নাৰী সবলীকৰণৰ বাবে বিভিন্ন আঁচনি লৈছে । মই এইবাৰ জয়লাভ কৰিম বুলি আশাবাদী ৷ কাৰণ ৰাইজে মোক আগবঢ়াই দিছে ।"

দলপতিৰ জয়ৰ কামনা সতীৰ্থৰ :

পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰ তুংগত উঠিছে সমষ্টিয়ে সমষ্টিয়ে । শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ নেতা-কৰ্মী নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে । তেনে সময়তে এগৰাকী প্ৰাৰ্থীৰ বিহুৰ প্ৰতি থকা আদৰৰ বাবে সতীৰ্থইও শলাগ লৈছে । তিলৈ নগৰৰ জ্যোতিৰ্ময় বোৱাৰী জেংবিহু দলৰ এগৰাকী সদস্যই কয়, "বিগত ৫ বছৰে আমি গৃহস্থৰ চোতালে চোতালে বিহু গাই আহিছো । আমাৰ দলটোৰ দলপতি এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী । আমি তেওঁ জয়লাভ কৰাটো বিচাৰো । আমাৰ লগৰ এগৰাকী মহিলা যাতে আগবাঢ়ি যায় তাৰে কামনা কৰিছো ।"

লগতে পঢ়ক :পঞ্চায়ত নিৰ্বাচন : কিদৰে চলিছে শাসক-বিৰোধীৰ তৎপৰতা, কি কয় বিনীতা-মাজনীহঁতে... - ASSAM PANCHAYAT ELECTION 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.