ETV Bharat / state

গীতে-কবিতাৰে জন্মস্থানত হীৰুদাক স্মৰণ - Poet Hiren Bhattacharya

Poet Hiren Bhattacharya birth anniversary:আজি 'সুগন্ধি পখিলা'ৰ কবি হীৰেন ভট্টাচাৰ্যৰ ৯২ সংখ্যক ওপজা দিন । ৰাজ্য়ৰ বিভিন্ন ঠাইৰ লগতে যোৰহাটতো পালন কৰা হয় এই বিশেষ দিনটো ।

Poet Hiren Bhattacharya birth anniversary
কবি হীৰেন ভট্টাচাৰ্যৰ ৯২ সংখ্যক ওপজা দিন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 28, 2024 at 7:02 PM IST

4 Min Read
Choose ETV Bharat

যোৰহাট, ২৮ জুলাই : 'সুগন্ধি পখিলা'ৰ কবি হীৰেন ভট্টাচাৰ্যৰ ৯২ সংখ্যক ওপজা দিনত গীতে কবিতাৰে যোৰহাটত স্মৰণ কৰা হয় । কেৱল শব্দৰ সাধনাৰ জৰিয়তে শত সহস্ৰ কাব্য প্ৰেমীৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা কবি হীৰেন ভট্টাচাৰ্যৰ ওপজা দিনটো দেওবাৰে যোৰহাটত হীৰেন ভট্টাচাৰ্য স্মৃতি ৰক্ষা সমিতি, যোৰহাট আৰু জ্যোতি চিনে ক্লাব, যোৰহাটৰ উদ্যোগত 'হীৰুদাৰ দিন' হিচাপে পালন কৰা হয় । বিশিষ্ট কবি তথা শব্দৰ সাধনাৰ জৰিয়তে ৰাইজৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা হীৰুদাৰ দিনৰ কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয় কবিগৰাকীৰ জন্মগৃহ যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ আৱাসিক চৌহদত ।

কবি হীৰেন ভট্টাচাৰ্যৰ ৯২ সংখ্যক ওপজা দিন (ETV Bharat Assam)

জন্মস্থানত গীতে কবিতাৰে স্মৰণ:

দেওবাৰে পুৱা কবি হীৰেন ভট্টাচাৰ্যৰ জন্মগৃহত বন্তি প্ৰজ্বলন কৰি বিশিষ্ট কবি গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । আনহাতে,আজি যোৰহাটৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত অনুষ্ঠিত হীৰুদাৰ দিনৰ বিশেষ অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে আৰক্ষী বিষয়া তথা সাহিত্য়িক ড৹নন্দ সিং বৰকলা । মুখ্য বক্তা হিচাপে নন্দ সিং বৰকলাই কয়," অসমীয়া কাব্য জগতৰ এক নক্ষত্ৰ হিচাপে আজিও আমাৰ মাজত জিলিকি আছে সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য । চিৰদিন মাটিৰ গোন্ধেৰে আমোল মোলাই আছিল কবি গৰাকীৰ শৰীৰ আৰু সেই গোন্ধ চিৰদিন আমাৰ মাজত থাকিব । কবি গৰাকীৰ বাবে সকলো সমস্যাৰ সমাধানৰ উৎকৃষ্ট মাধ্যম আছিল প্ৰেম । প্ৰেমৰ জৰিয়তে তেওঁ জগত জিনাৰ চেষ্টা কৰিছিল । আৰু সেই প্ৰেম আছিল সাহিত্য, সংস্কৃতি, মাটি, শস্যৰ প্ৰতি ।"

নন্দ সিং বৰকলাই পুনৰ কয়," কবি গৰাকীয়ে সমগ্ৰ পৃথিৱীখনক তেওঁৰ এখন ঘৰ হিচাপে বিবেচনা কৰিছে । কবি গৰাকীয়ে সংকেতৰ জৰিয়তে কবিতাৰ মাধ্যমেৰে মানুহৰ মনৰ কথা কোৱাৰ প্ৰয়াস কৰিছে । কবি গৰাকীয়ে সমাজৰ বিসংগতি দেখিছে । কিন্তু সেই বিসংগতি তেওঁ সংগতিৰে, সংস্কৃতিৰ জৰিয়তে সমাধান কৰিব বিচাৰিছে । হীৰুদাৰ আছিল শব্দ প্ৰয়োগৰ ক্ষেত্ৰত বিশেষ দখল । শব্দৰ প্ৰয়োগৰ ক্ষেত্ৰত তেওঁ আছিল সদা সচেতন । উৎকৃষ্ট শব্দৰ প্ৰয়োগৰ জৰিয়তে কবি গৰাকীয়ে সমাজৰ সকলো স্তৰৰ ৰাইজৰ কথা কৈছিল কবিতাৰ জৰিয়তে ।"

বিশিষ্ট অভিনেতা দীপক নাথ আৰু বিপুল কলিতাই আঁত ধৰা অনুষ্ঠানটোৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে গীতিকাৰ সন্ধ্যা দেৱীয়ে । বন্তি প্ৰজ্বলন কৰি সন্ধ্যা দেৱীয়ে কয়, "অৰঙে দৰঙে ঘূৰি শব্দৰ মেলা পাতিছিল সুগন্ধি পখিলাৰ কবি গৰাকীয়ে আৰু শব্দৰ জৰিয়তে জগত জিনিবলৈ সক্ষম হৈছিল । শব্দৰ মেলা পাতি সমাজৰ সকলো স্তৰৰ লোকৰ হৃদয়ত স্থান লাভ কৰিছিল সুগন্ধি পখিলাৰ কবি গৰাকীয়ে । "

বিশেষ সংকলন উন্মোচন:

আজিৰ অনুষ্ঠানটোত 'সুগন্ধি পখিলা'ৰ কবি গৰাকীৰ কবিতা পাঠ কৰে গিমেচি সংগীতা বৰা বৰুৱা, দীপাংকৰ দত্ত, গায়ত্ৰী দেৱী আৰু চন্দন ঠাকুৰে । অনুষ্ঠানটোৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় বিশিষ্ট সাংস্কৃতিক কৰ্মী তপন কুমাৰ চাংকাকতি ৰচিত এক বিশেষ সংকলন 'জিনিয়াছ পুৰাণ'। এই বিশেষ সংকলনত সন্নিবিষ্ট হৈছে ৰাজ্যৰ সমাজ জীৱন তথা গুৱাহাটী মহানগৰীৰ বিভিন্ন অভিজ্ঞতা ভিত্তিক আৰু কবি হীৰেন ভট্টাচাৰ্যৰ জীৱনৰ আধাৰত ৰচিত লিখনি । বিশেষ সংকলনখন উন্মোচন কৰে বিশিষ্ট শিশু সাহিত্যিক শান্তনু তামুলীয়ে । অনুষ্ঠানটোত উপস্থিত থাকে হেমন্ত কলিতা, ড৹ সৌমিত্ৰ পূজাৰীকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্য়ক্তি ।

লগতে পঢ়ক:নতুন শিক্ষানীতিৰে শিক্ষাৰ্থীসকলে বিজ্ঞান শিক্ষাৰ বিশেষ সহায় লাভ কৰিব :ৰাজ্যপাল - Seemanta Chetana Mancha Purvottar

প্ৰধানমন্ত্ৰী মোদীৰ 'মন কি বাত'ত চৰাইদেউ মৈদামৰ প্ৰসংগ - Mann Ki Baat