ETV Bharat / state

আন্তঃৰাজ্যিক সীমা বিবাদত জৰ্জৰিত অসম; চুবুৰীয়া চাৰি ৰাজ্যৰ দখলত অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি

অৰুণাচল প্ৰদেশে দখল কৰিছে অসমৰ ১৬১৪৪.০১১৭ হেক্টৰ ভূমি । নাগালেণ্ডে দখল কৰি আছে অসমৰ ৫৯৪৯০.২১ হেক্টৰ ভূমি ।

Inter state border dispute
আন্তঃৰাজ্যিক সীমা বিবাদত জৰ্জৰিত অসম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 5, 2025 at 4:54 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী: আন্তঃৰাজ্যিক সীমা বিবাদ দূৰ কৰাৰ বাবে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ পাছতো চুবুৰীয়া ৰাজ্যৰ দখলত আছে অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি । এই তথ্য অসম চৰকাৰৰ ।

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সপ্তম দিনা সদনত চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি দখল কৰা আৰু সীমা বিবাদৰ প্ৰসংগত বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰশ্ন উত্থাপন কৰে ।

Inter state border dispute
আন্তঃৰাজ্যিক সীমা বিবাদত জৰ্জৰিত অসম (ETV Bharat Assam)

বিধায়কগৰাকীৰ তৰাযুক্ত এই প্ৰশ্নৰ উত্তৰ দিয়ে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্রী অতুল বৰাই । মন্ত্রী অতুল বৰাই সদনত দিয়া তথ্য অনুসৰি চুবুৰীয়া ৰাজ্য মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মিজোৰ‍ামে অসমৰ মুঠ ৮২৭৫১.৮৬১৮ হেক্টৰ ভূমি দখল কৰি আছে ।

অৰুণাচল প্ৰদেশৰ দখলত অসমৰ কিমান ভূমি :

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে দখল কৰি আছে অসমৰ মুঠ ১৬১৪৪.০১১৭ হেক্টৰ ভূমি । ইয়াৰ শোণিতপুৰ জিলাৰ ১১০ হেক্টৰ, বিশ্বনাথ জিলাৰ ৪৭৫৬ হেক্টৰ, লখিমপুৰ জিলাৰ ২৪৩৫ হেক্টৰ, ধেমাজি জিলাৰ ৯৯২ হেক্টৰ, তিনিচুকীয়া জিলাৰ ৭২৩৯ হেক্টৰ, ডিব্ৰুগড় জিলাৰ ১০ হেক্টৰ আৰু চৰাইদেউ জিলাৰ ৬০২.০১১৭ হেক্টৰ ভুমি অৰুণাচল প্ৰদেশৰ দখলত আছে ।

Inter state border dispute
আন্তঃৰাজ্যিক সীমা বিবাদত জৰ্জৰিত অসম (ETV Bharat Assam)

নাগালেণ্ডৰ দখলত অসমৰ ভূমি

নাগালেণ্ডে দখল কৰি আছে অসমৰ মুঠ ৫৯৪৯০.২১ হেক্টৰ ভূমি । ইয়াৰ ভিতৰত যোৰহাৰ ১৪০৭৯.১৪ হেক্টৰ, শিৱসাগৰৰ ৮৮২৯ হেক্টৰ, গোলাঘাটৰ ৩৬২৯৪.০৭ হেক্টৰ আৰু চৰাইদেউ জিলাৰ ২৮৮ হেক্টৰ ভূমি নাগালেণ্ডে দখল কৰি আছে ।

অসমৰ কিমান ভূমি মেঘালয়ৰ দখলত আছে

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দখলত আছে অসমৰ মুঠ ৩৪৪১.৮৬০১ হেক্টৰ ভূমি । ইয়াৰ ভিতৰত গোৱালপাৰা জিলাৰ ৩৩.৮১৫৬ হেক্টৰ, কাছাৰ জিলাৰ ৬০২.০১১৭ হেক্টৰ, কামৰূপ জিলাৰ ৮০২.৬৮২৩ হেক্টৰ, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৩.৩৫০৫ হেক্টৰ আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ২০০০ হেক্টৰ ভূমি মেঘালয়ৰ দখলত আছে ।

Inter state border dispute
আন্তঃৰাজ্যিক সীমা বিবাদত জৰ্জৰিত অসম (ETV Bharat Assam)

মিজোৰামৰ দখলত অসমৰ ভূমি

মিজোৰামে দখল কৰি আছে অসমৰ মুঠ ৩৬৭৫.৭৮ হেক্টৰ ভূমি । ইয়াৰ ভিতৰত হাইলাকান্দিৰ ১০২৩.৫০ হেক্টৰ, শ্ৰীভূমি জিলাৰ ৩৭৭.৫৮ হেক্টৰ আৰু কাছাৰ জিলাৰ ২২৭৪.৭০ হেক্টৰ ভূমি মিজোৰামে দখল কৰি আছে ।

আন্তঃৰাজ্যিক সীমা বিবাদ মীমাংসাৰ চৰকাৰী পদক্ষেপ

সদনত দিয়া তথ্য অনুসৰি, সীমান্তৰ ৰাজ্যসমূহৰ লগত হৈ থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ লগতে বেদখল কৰি থকা অঞ্চলসমূহ বেদখলমুক্ত কৰিবলৈ অসম চৰকাৰে চুবুৰীয়া ৰাজ্যসমূহৰ লগত আলোচনাৰ মাধ্যমেৰে বহুখিনি আগবাঢ়িছে । অসমৰ সৈতে চুবুৰীয়া ৰাজ্যৰ সীমা বিবাদৰ ক্ষেত্ৰত অসম চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ উপদেশ মৰ্মে মেঘালয় চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত দ্বি-পাক্ষিক বুজাবুজি চুক্তিৰ জৰিয়তে সীমা বিবাদ নিষ্পত্তি কৰিবলৈ ব্যৱস্থা হাতত লৈছে ।

Inter state border dispute
আন্তঃৰাজ্যিক সীমা বিবাদত জৰ্জৰিত অসম (ETV Bharat Assam)

বৰ্তমান অসম আৰু মেঘালয়ৰ মাজত ১২ টা এলেকাৰ সীমা বিবাদ আছে । সেই এলেকা কেইটা হৈছে - তাৰাবাৰী, গিজাং, হাহিম, লাম্পি, বৰদূৱাৰ, বকলাপাৰা, নংৱা মউতামুৰ (গড়ভঙা), খানাপাৰা-পিলিংকাটা, দেশডুমৰীয়া, ব্লক-১ আৰু ব্লক-২, পিচিয়াৰ-খান্দুলী আৰু ৰাতাচেৰা ।

এই ১২ টা এলেকাৰ প্ৰথম পৰ্যায়ত ৬ টা অঞ্চলৰ (তাৱাবাৰী, হাঁহিম, গিজাং, বকলাপাৰা, খানাপাৰা-পিলিংকাটা, ৰাতাচেৰা) বাবে ৩ খনকৈ আঞ্চলিক কমিটী গঠন কৰি দুয়োখন ৰাজ্যৰে পাৰস্পৰিক আঞ্চলিক কমিটীবোৰে সীমান্ত এলেকাসমূহ যুটীয়াভাৱে পৰিদৰ্শন আৰু স্থানীয় লোকৰ সৈতে আলোচনা কৰি কমিটীবোৰৰ পাৰস্পৰিক মত বিনিময়েৰে নিজ নিজ চৰকাৰক প্ৰতিবেদন দাখিল কৰাৰ পিছত দুয়োখন চৰকাৰৰ যুটীয়া সিদ্ধান্ত মর্মে আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ ব্যৱস্থা লৈছে ।

Inter state border dispute
আন্তঃৰাজ্যিক সীমা বিবাদত জৰ্জৰিত অসম (ETV Bharat Assam)

সেইমৰ্মে মেঘালয়ে দাবী কৰা ১২ টা অঞ্চলৰ ভিতৰত প্ৰথম পৰ্যায়ত ৬ টা অঞ্চল ক্ৰমে তাৰাবাৰী, গিজাং, হাঁহিম, বকলাপাৰা, খানাপাৰা পিলিংকাটা আৰু ৰাতাচেৰা অঞ্চলৰ ওপৰত ২০২২ চনৰ ২৯ মাৰ্চত কেন্দ্রীয় গৃহমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয় । বাকী থকা ৬ টা বিবদমান অঞ্চল লাম্পি দেশডুমৰীয়া, বৰদূৱাৰ,নংৱা-মউতামুৰ (গড়ভঙা), ব্লক-১ আৰু ব্লক-২ আৰু পিচিয়াৰ-খান্দুলীৰ বাবেও তিনিখন আঞ্চলিক কমিটী গঠন কৰা হৈছে আৰু পাৰস্পৰিকভাৱে আলোচনা কৰি সীমা সমস্যা সমাধান কৰিবলৈ বৈঠক অনুষ্ঠিত কৰি থকা হৈছে ।

সেইদৰে অসম আৰু অৰুণাচল প্ৰদেশৰ সীমাৰ বিবাদ নিষ্পত্তি কৰিবলৈ দুয়োখন ৰাজ্যৰ চৰকাৰে ১২ খনকৈ আঞ্চলিক কমিটী গঠন কৰিছে । দুয়োখন ৰাজ্যৰে পাৰস্পৰিক আঞ্চলিক কমিটীবোৰে সীমান্ত এলেকাসমূহ যুটীয়াভাৱে পৰিদৰ্শন আৰু স্থানীয় লোকৰ লগত আলোচনাৰ লগতে কমিটীবোৰৰ পাৰস্পৰিক মত বিনিময়ৰ দ্বাৰা আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ ব্যৱস্থা লৈছে । সেইমৰ্মে অৰুণাচল প্রদেশে দাবী কৰা ১২৩ খন গাঁৱৰ ওপৰত ২০২৩ চনৰ ২০ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত বুজাবুজিৰ চুক্তি কৰা হয় ।

Inter state border dispute
আন্তঃৰাজ্যিক সীমা বিবাদত জৰ্জৰিত অসম (ETV Bharat Assam)

বুজাবুজি চুক্তিত উল্লেখ কৰা মৰ্মে অসম-অৰুণাচল প্ৰদেশৰ সীমাৰ অৰুণাচল প্রদেশে দাবী কৰা মুঠ ১২৩ খন গাঁৱৰ ভিতৰত এতিয়ালৈকে ৭১খন গাঁৱৰ সীমা বিবাদ নিষ্পত্তি কৰা হৈছে আৰু বাকী থকা ৫২ খন গাঁৱৰ সীমা নিৰ্দ্ধাৰণৰ প্ৰক্ৰিয়া চলি আছে । সীমা বিবাদ নিষ্পত্তি কৰা গাঁৱৰ ভিতৰত শোণিতপুৰ জিলাৰ অন্তৰ্গত দুখন গাঁও ক্ৰমে কামেংবাৰী আৰু ভালুকপুঙত সীমা জৰীপৰ কাম ইতিমধ্যে সমাপ্ত হৈছে । বাকী থকা গাঁও সমূহৰ ভূমি জৰীপৰ কাম 'ছাৰ্ভে অৱ ইণ্ডিয়া'ৰ দ্বাৰা হাতত লোৱা হৈছে ।

আনহাতে, অসম আৰু মিজোৰাম ৰাজ্যৰ ক্ষেত্ৰত সীমা সমস্যা নিষ্পত্তি কৰিবলৈ দুয়োখন ৰাজ্যৰ মাজত বিভিন্ন পৰ্যায়ত আলোচনা চলি আছে । অসম আৰু নাগালেণ্ড ৰাজ্যৰ ক্ষেত্ৰত সীমা সমস্যা নিষ্পত্তি কৰিবলৈ উচ্চতম ন্যায়ালয়ত বৰ্তমান গোচৰ চলি আছে । তদুপৰি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীদ্বয়ৰ মাজত সৌহাৰ্দমূলক আলোচনা চলি আছে ।

Inter state border dispute
আন্তঃৰাজ্যিক সীমা বিবাদত জৰ্জৰিত অসম (ETV Bharat Assam)

অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত

ভাৰত-বাংলাদেশ সীমান্তৰ মুঠ ২৬৭.৫ কিলোমিটাৰ অসমৰ ধুবৰী, দক্ষিণ শালমাৰা মানকাচৰ, কাছাৰ আৰু শ্রীভূমি জিলাৰ লগত সংলগ্ন হৈ আছে । সেইদৰে ভাৰত-ভূটান সীমান্তৰ মুঠ ২৬৫.৮ কিলোমিটাৰ অংশ অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ লগত সংলগ্ন হৈ আছে ।

সদনত দিয়া তথ্য অনুসৰি, ভাৰত-বাংলাদেশ সীমান্তৰ ধুবুৰী আৰু শ্রীভূমিত জলবন্দৰ আছে আৰু সূতাৰকান্দি (শ্রীভূমি) আৰু মানকাচৰত স্থলবন্দৰ আছে । আনহাতে, ভাৰত-ভূটান সীমান্তত দৰংগাত স্থলবন্দৰ আছে । সেইদৰে ভাৰত-ভূটান সীমান্তৰ বাক্সা জিলাৰ বাঁশবাৰীত সীমান্ত বজাৰ আছে ।

লগতে পঢ়ক:অসমৰ ভূমিলৈ নগাৰ গুলীচালনা; আতংকিত সীমান্তবৰ্তী অসমীয়া - NAGA FIRING ON ASSAMESE LAND

আন্তঃৰাজ্যিক সীমা বিবাদ: আশা-প্ৰত্যাশাৰ মাজত ঘটনাবহুল এটা বছৰ - BORDER DISPUTE