ETV Bharat / state

'প্ৰফুল্ল' স্মৃতি; ইন্দিৰা গান্ধীক চাহ খুওৱাৰ অভিজ্ঞতা ৰোমন্থন এগৰাকী অশীতিপৰ বৃদ্ধৰ - MEMORY OF INDIRA GANDHI

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁ চাহ খুৱাইছিল । আজিও এই স্মৃতি লৈ জীয়াই আছে জাতিংগাৰ অশীতিপৰ প্ৰফুল্ল মালাকাৰ ।

Memory of Indira Gandhi
ইন্দিৰা গান্ধীক চাহ খুওৱাৰ অভিজ্ঞতা ৰোমন্থন এগৰাকী অশীতিপৰ বৃদ্ধৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 27, 2025 at 2:10 PM IST

4 Min Read

হাফলং : এগৰাকী ৮০ বছৰীয়া বৃদ্ধ ৷ বৰ্তমান জীৱনৰ শেষ প্ৰান্ত উপনীত হৈ অতীতৰ নানা স্মৃতিক ৰোমন্থন কৰি পাৰ হয় তেওঁৰ সময়খিনি ৷ অৱসৰ সময়ত জীৱনৰ প্ৰাপ্তি অপ্ৰাপ্তিৰো হিচাপ নিকাচ কৰে তেওঁৰ মনটোৱে ৷ কিন্তু জীৱনৰ তিতা মিঠা অভিজ্ঞতাৰে ৮০ টা বসন্ত গৰকা বৃদ্ধগৰাকীৰ মানসপটত ভাঁহি থকা এটা ঘটনাই আজিও প্ৰফুল্ল কৰি ৰাখে তেখেতক ৷ সেই প্ৰফুল্লিত কৰা স্মৃতিৰ টোপোলা লৈয়ে জীয়াই আছে জাতিংগাৰ প্ৰফুল্ল মালাকাৰ ৷ আজিও আমি সেই স্মৃতিৰ টোপোলাৰ ভাগ লোৱাৰ সুযোগ দিব খুজিছো আপোনাক ৷

'৭০ দশকৰ ঘটনা । তেতিয়া ভাৰতত আছিল জনতা দলৰ চৰকাৰ । সেই সময়ত প্ৰধানমন্ত্ৰীৰ আসন হেৰুৱাইছিল প্ৰয়াত ইন্দিৰা গান্ধীয়ে । দেশত চলিছিল জৰুৰী অৱস্থা । সেই সময়ত দলীয় কামত লামডিং-বদৰপুৰ মিটাৰগজ ৰে'লপথেৰে শিলচৰলৈ আহিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী ।

ইন্দিৰা গান্ধীক চাহ খুওৱাৰ অভিজ্ঞতা ৰোমন্থন এগৰাকী অশীতিপৰ বৃদ্ধৰ (ETV Bharat Assam)

যাত্ৰাপথত চাৰিটা ডবাৰ এখন বিশেষ ৰে'লগাড়ীৰে ব্ৰিটিছে তৈয়াৰ কৰা লামডিং-বদৰপুৰ মিটাৰগজ ৰে'লপথেৰে তেওঁ জাতিংগা ষ্টেচনত উপস্থিত হৈছিল । সেই সময়ত জাতিংগা ষ্টেচনত এখন চাহৰ দোকান আছিল প্ৰফুল্ল মালাকাৰ নামৰ এজন যুৱকৰ । আৰু তেতিয়াই প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক চাহ বনাই খুৱাইছিল তেওঁ । এতিয়াও সেই স্মৃতি কঢ়িয়াই লৈ জীয়াই আছে বৰ্তমান অশীতিপৰ প্ৰফুল্ল মালাকাৰ ।

বৰ্তমানত কেনেকৈ আছে প্ৰফুল্ল মালাকাৰ ?

অৱশ্যে সময়ৰ আঁচোৰ পৰিছে প্ৰফুল্ল মালাকাৰৰ গাত । বয়সৰ কাৰণে প্ৰফুল্ল মালাকাৰ এতিয়া অসুস্থ । তেওঁৰ বহু কথা এতিয়া স্মৃতিৰ অন্তৰালত । তেওঁৰ বয়স বৰ্তমান ৮০ । কিন্তু এই জাতিংগাতে প্ৰফুল্ল মালাকাৰক লৈ আছে নানা জনা-নজনা কাহিনী ।

Memory of Indira Gandhi
জাতিংগা ৰে'ল ষ্টেচন (ETV Bharat Assam)

ব্ৰিটিছে নিৰ্মাণ কৰা কোৱাৰ্টাৰত বহি প্ৰফুল্ল মালাকাৰে স্মৃতি ৰোমন্থন কৰি কয়, "তেতিয়া দেশত জনতা দলৰ চৰকাৰ আৰু প্ৰধানমন্ত্ৰীৰ আসন হেৰুৱাইছিল ইন্দিৰা গান্ধীয়ে । দেশৰ মানুহ তেওঁৰ ওপৰত ক্ষোভিত হৈ আছিল । দেশত তেতিয়া জৰুৰী অৱস্থা চলি আছিল । শিলচৰৰ উদ্দেশ্যে যোৱাৰ পথত প্ৰথমতে লামডিং-বদৰপুৰ মিটাৰগজ ৰে'লপথৰ জাতিংগা ষ্টেচনত ইন্দিৰা গান্ধীক লৈ চাৰি ডবাৰ ৰে'লগাড়ীখন আহি উপস্থিত হয় ।"

অতীত ৰোমন্থন প্ৰফুল্ল মালাকাৰৰ

নিজৰ সোণালী অতীত ৰোমন্থন কৰি প্ৰফুল্ল মালাকাৰে কয়, "তেতিয়া মোৰ বয়স ১৮ বছৰ । এই চাৰি ডবাৰ বিশেষ ৰে'লগাড়ীখনত এটা প্ৰথম শ্ৰেণীৰ ডবা আছিল । এই ডবাত ইন্দিৰা গান্ধীয়ে দলৰ কৰ্মকর্তাসকলৰ লগত কথা পাতিছিল ।"

তেওঁ কয়, "ৰে'লগাড়ীখনত ইন্দিৰা গান্ধীৰ লগত এগৰাকী মহিলাসহ মুঠ ২৪ গৰাকী লোক আছিল । সেই সময়ত ইন্দিৰা গান্ধীসহ এই ২৪ গৰাকী লোকক চাহ বনাই খুৱাইছিলোঁ ।"

ইন্দিৰা গান্ধীৰ সান্নিধ্য স্মৰণ

প্ৰফুল্ল মালাকাৰে কয়, "ইয়াৰ পিছতে ইন্দিৰা গান্ধীয়ে মোক তেওঁলোকৰ লগতে ৰে'লগাড়ীত যোৱাৰ কথা কয় আৰু মই চাহৰ কেটলিসহ অন্যান্য সামগ্ৰী লৈ ৰে'লগাড়ীত উঠি জাতিংগা ষ্টেচনৰ পৰা হাৰেংগাজাও ষ্টেচনলৈকে যাওঁ । তেতিয়া ইন্দিৰা গান্ধীয়ে মোক সুধিছিল, 'বচ্ছে তুমহাৰা ইসমে দিন গুজৰতা হ্যে?' তেতিয়া মই উত্তৰত কৈছিলোঁ- 'হা মাইজি গুজৰতা হ্যে ।' ইয়াৰ পিছতে ইন্দিৰা গান্ধীয়ে মোক কৈছিল জিও, জিও, জিও । ইয়াৰ পিছতেই ইন্দিৰা গান্ধী ৰে'লগাড়ীখনৰ প্ৰথম শ্ৰেণীৰ ডবাত সোমাই পৰে ।"

Memory of Indira Gandhi
জাতিংগা ৰে'ল ষ্টেচন (ETV Bharat Assam)

প্ৰফুল্ল মালাকাৰে কয়, "ইয়াৰ পিছত মই হাৰেংগাজাও ষ্টেচনত ৰে'লগাড়ীখনৰ পৰা নামি দেখোঁ হাৰেংগাজাও ষ্টেচনত মানুহে মানুহ । ইন্দিৰা গান্ধীৰ ওপৰত ক্ষোভ দেখুৱাই ৰে'লগাড়ীক লক্ষ্য কৰি সাধাৰণ মানুহে শিলগুটি নিক্ষেপ কৰিছে । অৱস্থা বেয়াৰ দিশত গতি কৰা দেখি ষ্টেচন মাষ্টৰে ঘণ্টা বজাই ৰে'লগাড়ীখন হাৰেংগাজাও ষ্টেচনৰ পৰা শিলচৰৰ উদ্দেশ্যে ৰাওনা কৰি দিয়ে । আৰু মই নিজকে বচাই ষ্টেচনৰ পৰা আঁতৰি গৈ এখন মালবাহী ৰে'লগাড়ীত উঠি জাতিংগালৈ উভতি আহোঁ ।"

ইয়াৰ পিছত সকলো ইতিহাস । আৰু এতিয়া এই অমূল্য স্মৃতি লৈ অশীতিপৰ প্ৰফুল্ল মালাকাৰে এতিয়াও জাতিংগাত দিন পাৰ কৰি আছে ।

লগতে পঢ়ক :ঠিকনা সলনি হ'ব স্বাধীনতা সংগ্ৰামৰ বহু সাক্ষ্য বহন কৰা এখন কাৰাগাৰৰ - NAGAON JAIL AND FREEDOM MOVEMENT
লগতে পঢ়ক :চাহাবৰ প্ৰেমত বাউলী চামেলিৰ কথাবোৰ সামৰি ৰখা বাংলোটো - 100 YEAR OLD BUNGALOW IN JORHAT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.