ডিব্ৰুগড় : ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দিন পাৰ কৰা ৱাৰিছ পঞ্জাব দে'ৰ মুৰব্বী অমৃতপাল সিঙৰ ৭ সহযোগীক পঞ্জাবলৈ নিয়াৰ পথ প্ৰশস্ত হৈছে । ২০২৩ চনৰ এপ্ৰিলত পঞ্জাবৰ পৰা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ অনা অমৃতপাল সিঙসহ ৭ সহযোগীৰ বুধবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ ম্যাদ শেষ হয় ।
পঞ্জাব চৰকাৰে ডিব্ৰুগড় কাৰাগাৰত বৰ্তমান বন্দী হৈ থকা অমৃতপাল সিঙৰ সাতজন সহযোগীৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (NSA) ম্যাদ বৃদ্ধি নকৰাৰ সিদ্ধান্ত লোৱাত ইয়াৰ মুৰব্বী অমৃতপাল সিঙৰ ৭ সহযোগীৰ পঞ্জাবলৈ যোৱাৰ পথ প্ৰশস্ত হৈছে । ডিব্ৰুগড়ত কেইবাদিনো ধৰি বাহৰ পাতি থকা পঞ্জাবৰ ২৫ জনীয়া আৰক্ষীৰ দলে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৱাৰিছ পঞ্জাব দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ ৭ সহযোগীক পঞ্জাবলৈ প্ৰত্যাৱৰ্তনৰ বাবে তৎপৰ হৈছে ।
৭ খালিস্তানীক পঞ্জাবলৈ স্থানান্তৰ কৰিবলৈ ২৫ জনীয়া পঞ্জাব আৰক্ষীৰ দলে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ লগতে আদালতৰ ন্যায়িক কাম-কাজ প্ৰায় সম্পন্ন কৰিছে । তাৰ পিছত বুধবাৰে ৱাৰিছ পঞ্জাব দে'ৰ মুৰব্বী অমৃতপাল সিঙৰ ৭ সহযোগীক নিজৰ জিম্মাত লয় পঞ্জাব আৰক্ষীয়ে ।
ইতিমধ্যে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই গুৰমিত সিং, ভগৱন্ত সিং, দলজিৎ সিং কালসী আৰু বসন্ত সিঙক মঙলবাৰে পঞ্জাব আৰক্ষীক গতাই দিয়ে। ইয়াৰ পাছতে বুধবাৰে কুলৱন্ত সিং, হৰজিৎ সিং আৰু গুৰিন্দৰ পাল সিঙৰ NSA-ৰ ম্যাদ শেষ হোৱাত জে'ল কৰ্তৃপক্ষই তিনিওজনকে পঞ্জাব আৰক্ষীক গতাই দিয়ে বুলি জানিব পৰা গৈছে ৷
পঞ্জাব আৰক্ষীয়ে তেওঁলোকক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাই ডিব্ৰুগড়ৰ ন্যায়িক আদালতত হাজিৰ কৰাই ট্ৰেঞ্জিট ৰিমাণ্ডৰ বাবে আবেদন জনাইছে । বৰ্তমান ৭ খালিস্তানীক ডিব্ৰুগড় সদৰ আৰক্ষী থানাত ৰাখা হৈছে । অৱশ্যে এইসকল খালিস্তানীক কেতিয়া পঞ্জাবলৈ নিয়া হ'ব তাৰ কোনো নিশ্চিত তথ্য লাভ কৰা নাই যদিও দুই-এদিনতে পঞ্জাবৰ ২৫ জনীয়া আৰক্ষীৰ দলটোৱে ৭ খালিস্তানীক পঞ্জাবলৈ নিয়াৰ সকলো ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে ।
এই সন্দৰ্ভত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষকে কয়, "তেওঁলোকক আজি আমাৰ ইয়াৰ কেজুৱেলটিলৈ ৰুটিন একজামিনেচনৰ কাৰণে লৈ অহা হ'ল । এইটো এটা অফিচিয়েল ফৰ্মেলিটি, সেইখিনি কৰি থকা হৈছে । মুঠ সাতজন ।"