ETV Bharat / state

অসম আৰক্ষীৰ অপাৰেশ্যন 'ঘোষ্ট ছীম'ত জালত পৰিল ৭ - ASSAM POLICE OPERATION GHOST SIM

অসম আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙৰ সংবাদমেল । চাইবাৰ অপৰাধীৰ বিৰুদ্ধে চলোৱা অভিযানৰ বিষয়ে ক'লে সিঙে ।

7 arrested in an operation conducted through Assam Police's operation Ghost Sim.
অসম আৰক্ষীৰ অপাৰেশ্যন ঘোষ্ট ছীমত জালত পৰিল ৭ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 17, 2025 at 8:42 PM IST

3 Min Read

গুৱাহাটী: ভুৱা ছীমকাৰ্ডেৰে চাইবাৰ ক্ৰাইম আৰু দেশবিৰোধী কাৰ্যকলাপত জড়িত এটা বৃহৎ চক্ৰ উৎখাত অসম আৰক্ষীৰ । ঘটনা সন্দৰ্ভত ৰাজস্থান, তেলেংগানা আৰু অসমৰ ধুবুৰীৰ পৰা ৭ জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৪ জনক আটক কৰিছে আৰক্ষীয়ে ।

শনিবাৰে উলুবাৰীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে কয়, "ভুৱা নামত ছীমকাৰ্ড উলিওৱা চক্ৰটোৱে চাইবাৰ অপৰাধ সংঘটিত কৰি আহিছে । আনকি হোৱাটছএপ খুলিবলৈ প্ৰয়োজন হোৱা অʼ টি পিও চক্ৰটোৱে পাকিস্তানলৈও প্ৰেৰণ কৰাৰ তথ্য পোৱা গৈছে ।"

অসম আৰক্ষীৰ অপাৰেশ্যন ঘোষ্ট ছীমত জালত পৰিল ৭ (ETV Bharat Assam)

এই সন্দৰ্ভত তদন্তত অধিক তথ্য ওলাব বুলি সদৰী কৰি সঞ্চালক প্ৰধান সিঙে কয়, "ভাৰতীয় সেনাৰ গজৰাজ মিলিটাৰী চোৰাংচোৱাৰ খবৰৰ আধাৰত বিশেষ শাখা আৰু বিশেষ টাক্স ফʼৰ্চে অপাৰেশ্যন ঘোষ্ট ছীম (GHOST SIM) নামেৰে ভুৱা ছীমকাৰ্ডৰ বেহা চলোৱা চক্ৰৰ বিৰুদ্ধে অভিযানৰ পৰিকল্পনা কৰে । ১৪ মে'ত, STF এ ৬১(২)/১৪৭/১৪৮/৬২ BNS, ধাৰা ১৮ UA(P) Act আৰু IT Act-ৰ ৬৬ ধাৰাৰ অধীনত ২/২০২৫ নম্বৰত এটি গোচৰ ৰুজু কৰি ১৬ মে'ত অপাৰেচন ঘোষ্ট ছিম অভিযান আৰম্ভ কৰে । এই অভিযানত ৰাজস্থান আৰু তেলেংগানালৈ একোটাকৈ দল প্ৰেৰণ কৰা হৈছিল ।"

তেওঁ লগতে কয়, "একেদৰে, অসমৰ ধুবুৰী আৰু মৰিগাঁৱলৈও একোটাকৈ দল প্ৰেৰণ কৰা হয় । এই দলসমূহৰ অভিযানত অৱশেষত ৰাজস্থানৰ পৰা ছাদ্দিক, আৰিফ খান, ছাজিদ নামৰ লোক কেইজনক গ্ৰেপ্তাৰ কৰা হয় । আনহাতে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা ৰাজস্থানৰ অকীক নামৰ এজন ব্যক্তিক আৰু নতুন দিল্লীৰ বিমানবন্দৰৰ পৰা ৰাজস্থানৰ আৰ্চাদ খানক গ্ৰেপ্তাৰ কৰা হয় ।"

সিঙে কয়, "ইপিনে, বিশেষ টাস্ক ফʼৰ্চে তেলেংগানাৰ পৰা মফিজুল ইছলাম আৰু ধুবুৰীৰ বিলাসীপাৰাৰ পৰা জাকাৰীয়া আহমেদক গ্ৰেপ্তাৰ কৰিছে । ঘটনা সন্দৰ্ভত অধিক সোধাপোছাৰ বাবে ধুবুৰীৰ পৰা আন ১৪ জন লোকক বিশেষ টাস্ক ফʼৰ্চে আটক কৰিছে । গ্ৰেপ্তাৰ হোৱা লোকসকলৰ পৰা টাস্ক ফʼৰ্চে ৯৪৮ খন ছীমকাৰ্ড জব্দ কৰিছে ।"

ছীমবিলাক কি কামত ব্যৱহাৰ কৰে এই চক্ৰটোৱে:

আৰক্ষী সঞ্চালক প্ৰধান সিঙে ৰাইজক আহ্বান জনাই কয়, "কোনো অচিনাকী লোকে ফোন কৰি অ' টি পি বিচাৰিলে বা কোনো তথ্য বিচাৰিলে কোনো তথ্য যাতে নিদিয়ে । কিয়নো এইবিলাক ছীমকাৰ্ডবোৰৰ অ' টি পি ব্যৱহাৰ কৰি বিদেশৰ পৰা চাইবাৰ অপৰাধ, দেশবিৰোধী কাৰ্যকলাপ, ভাৰতবিৰোধী কাৰ্যকলাপ চলোৱা হয় ।" সংবাদমেলত মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তও উপস্থিত থাকে ।

লগতে পঢ়ক: অখিল গগৈৰ কথাবোৰ কিবা নিগনি মৰা দৰৱ বিক্ৰী কৰা বেপাৰীৰ দৰে: প্ৰশান্ত ফুকন - MINISTER PRASHANTA PHUKAN

সৰ্বদলীয় প্ৰতিনিধি দলত থাকিবনে গৌৰৱ গগৈ ! ৰাহুল গান্ধীলৈ বিশেষ আহ্বান মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ - DIPLOMATIC OUTREACH OF INDIA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.