ETV Bharat / state

প্ৰতিবাদ কৰি চাকৰি হেৰুৱালে পলিটেকনিকৰ ৬৪ গৰাকী সহকাৰী অধ্যাপকে

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হাতযোৰ কৰি সহকাৰী অধ্যাপকৰ ক্ৰন্দন ।

Assam Polytechnic Institute
সদৌ অসম পলিটেকনিক প্ৰতিষ্ঠানৰ সহকাৰী অধ্যাপক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 11, 2025 at 9:31 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটোৱেই কাল হ'ল পলিটেকনিকৰ সহকাৰী অধ্যাপকৰ । প্ৰতিবাদ কৰা বাবেই চাকৰি হেৰুৱালে ৬৪ গৰাকী সহকাৰী অধ্যাপকে । চাকৰিৰ পৰা ৬৪ গৰাকী সহকাৰী অধ্যাপকক শিক্ষা বিভাগে বৰ্খাস্ত কৰাৰ পিছত এতিয়া কান্দোনত ভাগি পৰিছে বঞ্চিতসকল ।

নাৰ্যপ্ৰাপ্তিৰ দাবীত ইমান দিনে ধাৰাবাহিক প্ৰতিবাদত বহা সদৌ অসম পলিটেকনিক প্ৰতিষ্ঠানৰ ৬৪ গৰাকী সহকাৰী অধ্যাপকে হেৰুৱালে চাকৰি । মন কৰিবলগীয়া কথা এই যে প্ৰাপ্য অধিকাৰৰ দাবীত যোৱা ২৩ দিন ধৰি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছিল অসম পলিটেকনিক প্ৰতিষ্ঠানৰ ৬৪ গৰাকী সহকাৰী অধ্যাপকে । কিন্তু চাকৰিৰ পৰা বৰ্খাস্ত কৰাত এতিয়া কান্দোনত ভাগি পৰিছে প্ৰতিবাদী সহকাৰী অধ্যাপকসকল ।

সদৌ অসম পলিটেকনিক প্ৰতিষ্ঠানৰ সহকাৰী অধ্যাপক (ETV Bharat Assam)

চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত প্ৰতিবাদী সহকাৰী অধ্যাপকে কয়, "গণতান্ত্ৰিক দেশত প্ৰতিবাদ কৰাৰ অধিকাৰ নাই নেকি ? প্ৰতিবাদ কৰাৰ বাবে চৰকাৰে আমাক চাকৰিৰ পৰা বৰ্খাস্ত কৰাটো কিমান সমীচিন ?" তেওঁলোকে পুনৰ কয়, "সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ২০১৭ চনত ঠিকাভিত্তিক চাকৰিত নিযুক্তি দিছিল ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ্মৰত পলিটেকনিক প্ৰতিষ্ঠানৰ ৬৪ সহকাৰী অধ্যাপকক । যোৱা ৮/৯ বছৰ ধৰি আমাৰ চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰক দাবী জনোৱাৰ পিছতো আমাৰ চাকৰি নিয়মীয়া নোহোৱাত উপায়ন্তৰ হৈ চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হও ।"

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হাতযোৰ কৰি এগৰাকী সহকাৰী অধ্যাপকে কয়, "আপুনিয়েই আমাৰ শেষ ভৰসা । আমাক ন্য়ায় দিয়ক ।" উল্লেখ্য় যে প্ৰাপ্য অধিকাৰৰ দাবীত যোৱা ২৩ দিন ধৰি প্ৰতিবাদ চলি থকাৰ মাজতে হঠাৎ তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাত এতিয়া মূৰৰ ওপৰত সৰগ ভাগি পৰিছে ৬৪ সহকাৰী অধ্যাপকৰ ।

লগতে পঢ়ক:এন এইচ এমৰ ২৪ হাজাৰ চিকিৎসক-স্বাস্থ্যকৰ্মীয়ে স্তব্ধ কৰিলে স্বাস্থ্যখণ্ড - NHM EMPLOYEES STRIKE

পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন-অস্থায়ী মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ ৭২ ঘণ্টীয়া ধর্মঘট - POWER WORKERS PROTEST