এনেকৈয়ে চলিছে বিভাগ: চাকৰি নিয়মীয়াও নহয়, খালীও হৈ আছে তিনি হাজাৰৰো অধিক পদ
কৃষিপ্ৰধান ৰাজ্যতেই পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত খালী হৈ আছে বহু পদ ।

Published : March 16, 2025 at 4:13 PM IST
গুৱাহাটী: চৰকাৰী বহু বিভাগত খালী পদ পূৰণ নকৰাৰ ফলত বিভাগীয় কাম-কাজত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাটো নতুন কথা নহয় । তেনে এটা গুৰুত্বপূৰ্ণ বিভাগ হৈছে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ । কৃষিপ্ৰধান ৰাজ্যখনত এই বিভাগটোৰ গুৰুত্ব অপৰিসীম । কিন্তু গুৰুত্বপূৰ্ণ এই পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত মুঠ ৫৯৪ টা খালী হৈ আছে । আনহাতে, বিভাগটোৰ উন্নয়ন খণ্ড পর্যায়ত ২৭১০ টা পদ খালী হৈ আছে ।
চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনত এই গুৰুত্বপূৰ্ণ তথ্য সদনত সদৰী কৰে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ মন্ত্ৰী দাসে সদনত দিয়া তথ্য অনুসতি খালী হৈ থকা এই পদসমূহ প্রয়োজন সাপেক্ষে পর্যায়ক্রমে পদোন্নতি অৰু নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা পূৰণ কৰা হ'ব । ইফালে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অধীনত সর্বমুঠ ৭,৫৮৭ সংখ্যক ঠিকাভিত্তিক কৰ্মচাৰী বিভিন্ন পৰ্যায়ত কৰ্মৰত হৈ আছে । ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ কোনো ব্যৱস্থা নাই বুলি সদনত মন্ত্রীগৰাকীয়ে সদৰী কৰে ।

সদনত দিয়া তথ্য অনুসৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অধীনত অসমত মুঠ ২১৯২ টা গাঁও পঞ্চায়তৰ কার্যালয় আছে । ইয়াৰে ১৯৩৪ টা কাৰ্যালয়ৰ আন্তঃগাঁথনি উন্নত আৰু ২৫৮ টা কাৰ্যালয়ৰ আন্তঃগাঁথনি দুর্বল । মন্ত্রীগৰাকীয়ে সদনত দিয়া তথ্য অনুসৰি চলিত বিত্তীয় বর্ষত এম জি এনৰেগা আঁচনিৰ নামত বর্তমানলৈকে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে মুঠ ২১০৭৪২.৩৯ লাখ টকা ব্যয় কৰিছে । ইয়াৰে ২০৫০৫৫.০০ লাখ টকা জবকাৰ্ডৰ মজুৰি আৰু সামগ্রী শিতানত আৰু ৫৬৮৭.৩৯ লাখ টকা ‘এডমিন’ শিতানত খৰচ কৰা হৈছে ।
চলিত বিত্তীয় বর্ষত কেন্দ্রীয় চৰকাৰৰ পৰা এম জি এনৰেগা আঁচনিৰ নামত সৰ্বমুঠ ২১১৩৮২.৭৫ লাখ টকা অসম চৰকাৰে লাভ কৰিছে । ইয়াৰ বিপৰীতে বর্তমানলৈকে ২১০৭৪২.৩৯ লাখ টকা এম জি এনৰেগা আঁচনিত ব্যয় কৰা হৈছে । তথ্য অনুসৰি অসমত ১০০ দিনৰ বা তাৰ ওপৰত কাম লাভ কৰা ১৮৯৬৪ টা জবকার্ডধাৰী পৰিয়াল আছে ।

২৮০৮৩২৯ জন শ্রমিকক কর্মসংস্থাপন :
পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অধীনৰ এম জি এনৰেগা আঁচনিখন চাহিদা ভিত্তিক এক নিয়োগ প্রদান কৰা আঁচনি । এই আঁচনিৰ জৰিয়তে জবকার্ডপ্রাপ্ত হিতাধিকাৰীসকলক তেওঁলোকৰ চাহিদা অনুসৰিহে কর্মসংস্থাপন দিয়াৰ ব্যৱস্থা আছে । বর্তমানলৈকে ৰাজ্যখনত ৩৮৫০৭৩৮ টা জবকার্ড প্রাপ্ত পৰিয়ালৰ মুঠ ২৮১১৯৪৭ গৰাকী শ্রমিকে কামৰ বাবে আবেদন জনাইছে আৰু ইয়াৰ বিপৰীতে ১৯৯০৯৫৬ টা পৰিয়ালৰ ২৮০৮৩২৯ জন শ্রমিকক কর্ম সংস্থাপন দিয়া হৈছে । ইয়াৰে ভিতৰত ১৮৯৬৪ সংখ্যক জবকার্ডধাৰী পৰিয়ালক ১০০ দিনৰ কাম প্রদান কৰা হৈছে ।

