ETV Bharat / state

কাজিৰঙাক ৰঙা তেজেৰে জীয়াই ৰখা সেইসকল বনকৰ্মীক কিমানে জানে ?

বিশ্বত নিজৰ অস্তিত্ব বজাই ৰাখিব পৰাকৈ কাাজিৰঙাক সুৰক্ষা প্ৰদান কৰি আহিছে বনকৰ্মীয়ে । কিন্তু কৰ্তব্যৰ সময়ত প্ৰাণ হেৰুওৱা বনকৰ্মীসকলৰ বিষয়ে আমি কিমান জ্ঞাত ?

58 forest workers have died while on duty from 1968 to 2024 in Kaziranga National Park
১৯৬৮ চনৰ পৰা ২০২৪ চনলৈ কিমানগৰাকী বনকৰ্মীয়ে হেৰুৱালে প্ৰাণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 13, 2025 at 5:16 PM IST

7 Min Read
Choose ETV Bharat

তেজপুৰ: বিশ্ববাসীৰ ওচৰত অসমক এক সুকীয়া পৰিচয় দিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ আছে বহু বনকৰ্মী । নিষ্ঠাৰে কৰ্তব্য় পালন কৰি আপুৰুগীয়া এশিঙীয়া গঁড়কে আদি কৰি বিভিন্ন জীৱ-জন্তুৰ ঢাল হৈ ঠিয় দি আহিছে এই বনকৰ্মীসকল । এই বনকৰ্মীসকলৰ ভিতৰত আকৌ বহুতে নিষ্ঠাৰে কৰ্তব্য পালন কৰি থকাৰ মাজতে বিভিন্ন কাৰণত হেৰুৱাইছে প্ৰাণ ।

১৯৬৮ চনৰ পৰা ২০২৪ চনলৈ কিমানগৰাকী বনকৰ্মীয়ে প্ৰাণ হেৰুৱালে:

58 forest workers have died while on duty from 1968 to 2024 in Kaziranga National Park
কাজিৰঙাৰ তথ্য (ETV Bharat Assam)

ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা এক তথ্য অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৯৬৮-২০২৪ লৈ ৫৮ গৰাকী বনকৰ্মীৰ কৰ্তব্য পালন কৰি থকাৰ সময়তে মৃত্যু হৈছে । এই বনকৰ্মীসকলৰ মৃত্যুৰ কাৰণসমূহ এনেধৰণৰ:

  • চোৰাং চিকাৰীৰ হাতত মৃত্যু হোৱা বনকৰ্মী
  • গঁড়ৰ আক্ৰমণত নিহত বনকৰ্মী
  • পানীত ডুবি মৃত্যু হোৱা বনকৰ্মী
  • বন্যহস্তীৰ আক্ৰমণ তথা কৰ্তৃপক্ষৰ হাতীৰ দ্বাৰা মৃত্যু হোৱা বনকৰ্মী
  • পথ দুৰ্ঘটনাত নিহত বনকৰ্মী
  • বনৰীয়া ম'হৰ আক্ৰমণত নিহত বনকৰ্মী

চোৰাং চিকাৰীয়ে প্ৰাণ লৈছে বনকৰ্মীৰ:

58 forest workers have died while on duty from 1968 to 2024 in Kaziranga National Park
কাজিৰঙাৰ তথ্য (ETV Bharat Assam)

এটা এনে সময় আছিল, যেতিয়া চোৰাং চিকাৰীয়ে কাজিৰঙাক এফালৰ পৰা চাফা কৰা নাছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে যেন এক এৰাব নোৱৰা নাম সাঙোৰ খাইছিল চোৰাং চিকাৰী । চোৰাং চিকাৰীৰ বিৰুদ্ধেও যুঁজ দি আহিছে বনকৰ্মীসকলে । তেনে পৰিপ্ৰেক্ষিতত ১৯৬৮ চনৰ ফ্ৰেব্ৰুৱাৰীত বলোৰাম দত্ত আৰু ১৯৮৫ চনত মতিৰাম বৰুৱাই চোৰাং চিকাৰীৰ হাতত প্ৰাণ হেৰুৱাইছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ গুলীত প্ৰাণ হেৰুওৱা প্ৰথমজন বনকৰ্মীয়েই আছিল বলোৰাম দত্ত ।

58 forest workers have died while on duty from 1968 to 2024 in Kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য (KNP)

গঁড়ৰ আক্ৰমণত নিহত বনকৰ্মী:

গঁড়ৰ আক্ৰমণত সৰ্বাধিক লোকৰ প্ৰাণ হেৰুৱাইছে বুলি এক তথ্য প্ৰকাশ পাইছে । তথ্য অনুসৰি যদি চোৱা যায় ১৯৯২ চনৰ ধৰ্মকান্ত কলিতাৰ পৰা ২০২৪ চনৰ এপ্ৰিল মাহত অপূৰ্ব মমিনলৈকে ১৫ টাতকৈ অধিক নথিভুক্ত গোচৰ আছে ।

58 forest workers have died while on duty from 1968 to 2024 in Kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য (KNP)

পানীত ডুবি মৃত্যু হোৱা বনকৰ্মী:

বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ব্ৰহ্মপুত্ৰৰ বাৰ্ষিক বানপানীয়ে কাজিৰঙাৰ পৰিৱেশৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’লেও কৰ্মচাৰীৰ বাবে দীৰ্ঘদিনীয়া বিপদৰ সৃষ্টি কৰে । কাৰণ ২০০১ চনত প্ৰদীপ দত্তৰ পৰা ২০২৫ চনৰ মাৰ্চ মাহত জিৰচন ইংটিলৈকে ১৫ টাতকৈও অধিক বানপানীৰ কবলত ডুব যোৱাৰ ঘটনা ৰাষ্ট্ৰীয় উদ্যানৰ তথ্যত সন্নিবিষ্ট হৈছে ।

58 forest workers have died while on duty from 1968 to 2024 in Kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য (KNP)

বন্যহস্তীৰ আক্ৰমণ তথা কৰ্তৃপক্ষৰ হাতীৰ দ্বাৰা মৃত্যু হোৱা বনকৰ্মী:

আনহাতে বনৰীয়া হাতীৰ উপৰিও বন বিভাগৰ হাতীয়েও প্ৰাণ লৈছে বনকৰ্মীৰ । হাতীৰ পিঠিৰ পৰা পৰা তথা বনহস্তীৰ আক্ৰমণ, কৰ্তৃপক্ষৰ হাতীৰ আক্ৰমণৰ ফলতো প্ৰাণ হেৰুৱাইছে । বিগত ২০২৪ চনত শোণিতপুৰ জিলাৰ ধীৰাজুলি অঞ্চলত বনৰীয়া হাতীয়ে একেদিনাই ২ বন কৰ্মীক হত্যা কৰে । বনৰীয়া হাতী এখন গাঁওৰ পৰা খেদিবলৈ চেষ্টা চলাই থকা অৱস্থাত বনৰক্ষী কোলেশ্বৰ বড়ো (৫২)আৰু বীৰেন ৰাভা( ৫৭)দুই গৰাকীৰ মৃত্যু হয় । এই ঘটনা শোণিতপুৰ জিলাৰ ভিতৰত এক সিঁহৰণকাৰী ঘটনা সংঘটিত বুলি তেতিয়াৰ তদানীন্তন আঞ্চলিক বন বিষয়া নিপেন কলিতাই সদৰী কৰে ।

58 forest workers have died while on duty from 1968 to 2024 in Kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী (KNP)

পথ দুৰ্ঘটনাত নিহত বনকৰ্মী

পথ দুৰ্ঘটনা আৰু আন্তঃগাঁথনিৰ বিপদ আন এক সুকীয়া কাৰণ । কাজিৰঙাৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথ-৩৭, বৰ্তমান ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু আভ্যন্তৰীণভাৱে পাৰ হৈ যোৱা ঘাইপথটো আন এক নীৰৱ হত্যাকাৰী হৈ পৰিছে । চালক কনবাপ দত্তৰ ২০০৬ ৰ পৰা আৰম্ভ কৰি ২০১০ আৰু ২০২০ চনলৈকে একাধিক প্ৰহৰী আৰু অসম বন্যপ্ৰাণী সুৰক্ষা বাহিনী এ এফ পি এফৰ কনিষ্টবললৈকে কৰ্তব্যৰত অৱস্থাত পথ দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যু হয় ।

ইয়াৰ উপৰি অন্যান্য বৃত্তিগত বিপদ যেনে অত্যাধিক গৰম, বিভিন্ন আঘাত আৰু কৰ্তব্যৰত অৱস্থাত শ্বাস-প্ৰশ্বাসজনিত কাৰণ আদিৰ বাবেও প্ৰাণ হেৰুৱাইছে বহু কেইজন বনকৰ্মীয়ে ।

58 forest workers have died while on duty from 1968 to 2024 in Kaziranga National Park
পৰ্যটকক হাতী চাফাৰী কৰোৱাত ব্যস্ত বনকৰ্মী (KNP)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সোণালী ঘোষে জনায়,"১৯৬০ চনৰ আৰম্ভণিৰ বিভাগীয় তথ্যত চোৰাং চিকাৰীয়ে হত্যা কৰা বনৰক্ষী বলোৰাম দত্তৰ নাম সন্নিবিষ্ট আছে । তাৰ পিছত ১৯৮৫ চনত মতিৰাম বৰুৱা চোৰাংচিকাৰীৰ হাতত নিহত হৈছিল আৰু একেদৰে বনৰক্ষী থানেশ্বৰ দাসক কৰ্তব্যৰত অৱস্থাত চোৰাং চিকাৰীয়ে হত্যা কৰিছিল ।"

তেওঁ লগতে কয়,"বিশ্বৰ সৰ্বাধিক এশিঙীয়া গঁড়ৰ থকা গঁড় বিচৰণস্থলী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণত সফলতা আৰু এই ক্ষেত্ৰত সন্মুখীন হোৱা চৰম প্ৰত্যাহ্বান দুয়োটাৰে প্ৰমাণ দিছে বহুজনে । তেওঁলোকৰ ভিতৰত উল্লেখনীয় হৈছে খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰথমগৰাকী বন বিষয়া মাহী মিৰি । চোৰাংচোৱাৰ বাবে স্থানীয় লোকৰ সৈতে সমন্বয় সাধন কৰা আৰু গাঁৱৰ লোকসকলক সহায় কৰিবলৈ বাৰিষাৰ বানপানীৰ সময়তো অক্লান্ত শ্ৰমৰ জৰিয়তে তেওঁৰ নিষ্ঠাবান কাম স্পষ্ট হৈ পৰিছিল ।"

58 forest workers have died while on duty from 1968 to 2024 in Kaziranga National Park
বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ টহল (KNP)

ঘোষে উল্লেখ কৰে,"তেওঁৰ এই প্ৰচেষ্টাই ১৯৩৮ চনত কাজিৰঙা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰাত যথেষ্ট অৰিহণা যোগাইছিল । সংৰক্ষণৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি চিহ্নিত কৰিছিল তেওঁ । কিন্ত দুখৰ বিষয় যে ১৯৩৯ চনত মাত্ৰ ৩৬ বছৰ বয়সত ক’লা পানীৰ জ্বৰত আক্ৰান্ত হৈ মাহী মিৰিৰ আশাব্যঞ্জক কেৰিয়াৰ আৰু জীৱনটো সমাপ্ত হৈ পৰে । ৰাষ্ট্ৰীয় উদ্যানৰ তথ্য অনুসৰি ১৯৬৮ চনৰ পৰা ২০২৪ চনলৈ মুঠ ৫৮ গৰাকী বন কৰ্মীৰ বিভিন্ন কৰ্মৰ লগত জড়িত হৈ থাকোতে মৃত্যু হয় ।"

সঞ্চালিকা ঘোষে এক আন্তঃৰাষ্ট্ৰীয় তথ্যৰ উদ্ধৃতি দি কয়,"আন্তঃৰাষ্ট্ৰীয় ৰেঞ্জাৰৰ প্ৰতিবেদনত বিশ্বজুৰি ৰেঞ্জাৰৰ হতাহতিৰ বিষয়ে গুৰুত্বপূৰ্ণ পৰিসংখ্যা উন্মোচন কৰা হৈছে । যিয়ে আমাৰ প্ৰাকৃতিক ঐতিহ্য সুৰক্ষিত কৰা ৰেঞ্জাৰসকলে বা বনকৰ্মীয়ে সন্মুখীন হোৱা চৰম বিপদৰ ওপৰত আলোকপাত কৰিছে । ২০০৬ চনৰ পৰা ২০২১ চনৰ ভিতৰত বিশ্বজুৰি ৮২ খন দেশত কৰ্তব্যৰত অৱস্থাত মুঠ ২,৩৫১ জন ৰেঞ্জাৰৰ মৃত্যুৰ ৰেকৰ্ড কৰা হৈছে ।"

58 forest workers have died while on duty from 1968 to 2024 in Kaziranga National Park
নিশাৰ ভাগতো স্নিফাৰ ডগ লৈ পহৰা বনকৰ্মীৰ (KNP)

তেওঁ কয়,"চোৰাংচিকাৰী, বিদ্ৰোহী আৰু সংগঠিত অপৰাধৰ সৈতে হোৱা মুখামুখী সংঘৰ্ষৰ ফলত হোৱা হত্যাকাণ্ড (অপৰাধপূৰ্ণ মৃত্যু) এই মৃত্যুৰ হাৰ প্ৰায় ৪২.২% ৰ ফলত ই বিশ্বজুৰি ৰেঞ্জাৰৰ মৃত্যুৰ প্ৰধান কাৰণ । দুৰ্ঘটনা (বাহন দুৰ্ঘটনা, ডুব যোৱা, অগ্নিনিৰ্বাপক, বিমানৰ কাণ্ড আদি)ৰ ফলত প্ৰায় ১৫.৫% লোকৰ মৃত্যু হৈছে । বন্যপ্ৰাণীৰ আক্ৰমণৰ ফলত প্ৰায় ১৪% লোকৰ মৃত্যু হৈছিল, সেয়া হৈছে প্ৰধানকৈ হাতী, গঁড়, বাঘ আৰু অন্যান্য বিপজ্জনক প্ৰাণীৰ আক্ৰমণত মৃত্যু ।"

তেওঁ কয়,"বৃত্তিগত অসুস্থতা আৰু অন্যান্য কৰ্মসংক্ৰান্তীয় বিপদৰ বাবেও অতিৰিক্ত মৃত্যু হয় । আঞ্চলিক তথ্য অনুসৰি এই ক্ষেত্ৰত এছিয়া আৰু আফ্ৰিকাই সৰ্বাধিক বোজা বহন কৰে, বিশ্বজুৰি ৰেঞ্জাৰৰ মৃত্যুৰ ৮০%তকৈ অধিক, এছিয়াত ২০০৬ চনৰ পৰা ২০২১ চনলৈকে ৬৪৩ জন আৰু আফ্ৰিকাত ৫৯১ জনৰ মৃত্যু হয় কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনা আৰু অসুস্থতাৰ বাবে । মানসিক স্বাস্থ্যৰ বিপদৰ প্ৰতিও মনোযোগ বৃদ্ধি পাইছে, ৰেঞ্জাৰৰ কামৰ মানসিক চাপৰ সৈতে আত্মহত্যাৰ সংখ্যা বৃদ্ধি পাইছে ।"

লগতে পঢ়ক: নিৰ্মীয়মাণ উৰণসেতুৰ তলত মৃত্যু এতিয়া সুলভ: নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ চূড়ান্ত মইমতালি

কামৰূপৰ ডামপুৰৰ পৰা গ্লবেল মঞ্চলৈ... নাজ শ্বেইখৰ প্ৰেৰণাদায়ক যাত্ৰা