ETV Bharat / state

দক্ষতাৰ সোণসেৰীয় জ্যোতিৰে জ্যোতিস্মান চিলাৰায় : বিমল বড়া

মঙলদৈত ৫১৫ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন ।

515th Mahabir Chilarai Divas
মঙলদৈত ৫১৫ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 12, 2025 at 9:34 PM IST

2 Min Read
Choose ETV Bharat

দৰং: আজি ৫১৫ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস । এই উপলক্ষে ৰাজ্য়জুৰি এইগৰাকী বিশ্ব মহাবীৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । ৰাজ্য়ৰ আন ঠাইৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত দৰং জিলা প্ৰশাসন, কোচ ৰাজবংশী উন্নয়ন পৰিষদ আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত মঙলদৈৰ গান্ধী ময়দানত অনুষ্ঠিত হয় এই দিৱসৰ কেন্দ্রীয় কাৰ্যসূচী ।

এই দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংস্কৃতিক পৰিক্ৰমা,উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই কয়, "অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ দিশত যিসকল পুৰোধা ব্যক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে সেইসকলৰ অন্যতম হৈছে বিশ্ব মহাবীৰ চিলাৰায় ।" বিশ্ব মহাবীৰ চিলাৰায় এগৰাকী বহুধা বিভক্ত গুণসম্পন্ন ব্যক্তি বুলি উল্লেখ কৰি সাংস্কৃতিক মন্ত্রী বড়াই কয়, "ভাষা,সাহিত্য,সংস্কৃতি,আধ্যাত্মিকতা আৰু সমাজিক সংস্কাৰৰ দিশত বীৰ চিলাৰায়ে দেখুৱাই যোৱা আদৰ্শ অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় ।"

মঙলদৈত ৫১৫ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস (ETV Bharat Assam)

অসমীয়া জাতিসত্তা নিৰ্মাণৰ এগৰাকী প্ৰধান খনিকৰ চিলাৰায়ে দুৰ্জেয় পৰাক্ৰমৰ সমান্তৰালকৈ জ্ঞানৰ গভীৰ সাধনা,কলা চৰ্চা আৰু অতুলনীয় সামৰ্থৰে জাতীয় জীৱনক নতুন পৰিধিৰ ব্যাপ্ত কৰি থৈ যোৱা বুলি মন্ত্রী বড়াই ভাষণত উল্লেখ কৰি কয়, "কোচ সাম্ৰাজ্যৰ সোণালী অধ্যায় চিলাৰায়ৰ কৰ্ম নিপুণতা আৰু দক্ষতাৰ সোণসেৰীয় জ্যোতিৰে আজিও জ্যোতিস্মান হৈ আছে । ইতিহাসৰ এনে এগৰাকী মহান নায়কক জন্মদিৱসত কৃতজ্ঞতাৰে স্মৰণেই হৈছে তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি ।" তেওঁ মহাবীৰগৰাকীৰ আদৰ্শৰ চৰ্চা আৰু সাধনা কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনায় ।

এই অনুষ্ঠানত মন্ত্রী বিমল বড়াৰ সৈতে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাজ্য়িক সভাপতি দিলীপ শইকীয়াই মহাবীৰ চিলাৰায়ৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে । সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰি মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কমলাকান্ত বড়াই বীৰ চিলাৰায়ৰ কৰ্ম আৰু সাধানাৰ পৰ্যালোচনা কৰে ।

ডাঃঅমৰেন্দ্ৰ নাৰায়ণ দেৱক সম্বৰ্ধনা :

উক্ত সভাত মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস,বিধায়ক ড৹পৰমানন্দ ৰাজবংশী,কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱ,প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস,দৰং জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতি উপস্থিত থাকে । অনুষ্ঠানটোত মন্ত্ৰী বিমল বড়াই কোচ ৰাজবংশৰ সু-সন্তান,বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডাঃঅমৰেন্দ্ৰ নাৰায়ণ দেৱক সম্বৰ্ধনা জ্ঞাপন কৰে ।

লগতে পঢ়ক:বিশ্ব দৰবাৰত মাদলৰ চেওঁ গুঞ্জৰিত কৰাৰ অনন্য প্ৰয়াস - ASSAM JHUMUR DANCE WORLD RECORD