ETV Bharat / state

বাজপেয়ী ভৱনত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী: ৪৪৩ গৰাকীয়ে কৰিলে যোগদান - BJP joining programme

BJP joining Programme: বাজপেয়ী ভৱনত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী ৷ বি টি আৰৰ ৫ খন জিলাৰ প্ৰায় ৪৪৩ গৰাকী লোকে এই যোগদান কাৰ্যসূচীত বিজেপিত যোগদান কৰে । বি টি আৰত পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি আশাবাদী বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ৷

BJP joining Programme
বাজপেয়ী ভৱনত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 30, 2024 at 7:17 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ৩০ জুলাই: বি টি আৰ দখলৰ লক্ষ্যৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত মঙলবাৰে অনুষ্ঠিত হয় বি জে পিৰ বৃহৎ যোগদান কাৰ্যসূচী । এই যোগদান কাৰ্যসূচীত বি টি আৰৰ ৫ খন জিলাৰ ৪ শতাধিক লোকে বিজেপিত যোগদান কৰে । অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, বিধায়ক মানৱ ডেকা, ৰূপক শৰ্মা প্ৰমুখ্যে বহু বিজেপি নেতা উপস্থিত থাকে ।

বাজপেয়ী ভৱনত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী (ETV Bharat Assam)

৪ শতাধিক লোকে যোগদান কৰে বিজেপিত:

এই যোগদান কাৰ্যসূচীত বি টি আৰৰ ৫ খন জিলাৰ ৪৪৩ গৰাকী লোকে বিজেপিত যোগদান কৰে । ইয়াৰে অধিকাংশ বি পি এফ দলৰ । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৃষ্ঠপোষকতাত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ।‌ অনুষ্ঠানত ওদালগুৰি জিলাৰ ১২৭ গৰাকী, বাক্সা জিলাৰ ১৬ গৰাকী, কোকৰাঝাৰ জিলাৰ ১৮৯ গৰাকী, চিৰাং জিলাৰ ৮৮ গৰাকী, তামুলপুৰ জিলাৰ ৩৩ গৰাকী মুঠ ৪৪৩ গৰাকীয়ে বি জে পি দলত যোগদান কৰে ।

সাংবাদিকক কি ক’লে বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই:

অনুষ্ঠানৰ পিচত সাংবাদিকক সম্বোধন কৰি ভৱেশ কলিতাই কয়, "আজিৰ যোগদানে বি টি আৰত বিজেপিক অধিক শক্তিশালী কৰিব ৷ ২০২৫ৰ ডিচেম্বৰত বি টি আৰত নিৰ্বাচন অনুষ্ঠিত হ’ব । আমাৰ চৰকাৰে পুনৰবাৰ তাত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব ৷" তেওঁ লগতে অহা ৪ আগষ্টত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব বুলিও জানিবলৈ দিয়ে ।

কলিতাই লগতে কয়, "বি জে পি এটা বিচাৰধাৰাৰ দল । এই বিচাৰধাৰাৰ প্ৰতি আকৃষ্ট হৈ অনাগত দিনত বহু লোক বি জে পিত যোগদান কৰিবলৈ ৰৈ আছে । অসমত ২০২৬ চনতো ১০০ খনৰো অধিক আসন লাভ কৰি পুনৰ বি জে পিয়ে চৰকাৰ প্ৰতিষ্ঠা কৰিব ।"

লগতে পঢ়ক: ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰিল : পুনৰ বিজেপিত যোগদান প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভাৰ - Assam BJP