ETV Bharat / state

ঐতিহাসিক অসম চুক্তিৰ ৪১ বছৰ; কি পালে শ্বহীদ পৰিয়ালে ?

১৯৮১ চনৰ ৩১ ডিচেম্বৰৰ ৩৬ ঘণ্টীয়া পথ অৱৰোধৰ অন্যতম সদস্য় আছিল ৰূপক নাথ । পিছে এই শ্বহীদগৰাকীৰ পৰিয়ালে আজিলৈকে পালেনে ন্য়ায় ?

Shaheed Rupak Nath
শ্বহীদ ৰূপক নাথ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 9, 2024 at 7:26 PM IST

5 Min Read
Choose ETV Bharat

তেজপুৰ: ১০ ডিচেম্বৰ, এই দিনটোতেই অসমৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে জাতিৰ বাবে হেৰুৱাইছিল প্ৰাণ । এইগৰাকী ছাত্ৰনেতাৰ স্মৃতিতেই প্ৰতিবছৰে উদযাপন কৰা হয় শ্বহীদ দিৱস । অসম আন্দোলনত ৰাজ্য়ৰ ৮৫৫ গৰাকীৰো অধিক নাগৰিকে স্বদেশৰ বাবে প্ৰাণ আহুতি দিয়াৰ ফলশ্ৰুতিত সম্পাদিত অসম চুক্তিৰ ৪১ বছৰ হ'ল ৷ কিন্তু শ্বহীদ পৰিয়ালে পালেনে স্বীকৃতি তথা সন্মান । অসম চুক্তিয়ে অসমৰ ৰাইজৰ কি দিলে ? কি নাপালে সেই বিষয়ে ব্য়াখ্য়া কৰিলে এগৰাকী শ্বহীদৰ ভাতৃয়ে ।

শোণিতপুৰ জিলাৰ সদৰ তেজপুৰত অসম আন্দোলনত মুঠ ১৩ গৰাকীয়ে অকাল মৃত্যুক সাৱতি লৈছিল । তেজপুৰত বৈজয়ন্তী দেৱী, ৰূপক নাথ, অনুকূল কাকতি, মঞ্জিত দাস, ভূপেন ডেকা, দিলীপ শৰ্মা আৰু সোমেশ্বৰ শইকীয়াৰ লগতে আৰু ছয়গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল ।

শ্বহীদ ভাতৃ অলক নাথ (ETV Bharat Assam)

এই সন্দৰ্ভত অসম আন্দোলনৰ শ্বহীদ ৰূপক নাথৰ ভাতৃ তথা ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অলক নাথে ক্ষোভ প্ৰকাশ কৰি কয়, "যিখন চৰকাৰে অসম চুক্তিক অৱহেলা কৰে, অসম চুক্তিৰ আত্মাক হত্যা কৰি তাৰ বিপৰীতে 'কা' আইন প্রয়োগ কৰে সেই চৰকাৰে শ্বহীদ দিৱস পালন কৰি শ্বহীদক তথাকথিত শ্ৰদ্ধাঞ্জলি জনায় মানুহক প্ৰলোভিত কৰাৰ অধিকাৰ নাই ।"

শ্বহীদ ভাতৃ অলক নাথে ইটিভি ভাৰতক এক সাক্ষাৎকাৰত কয়, "সন্মুখৰ নিৰ্বাচনক কেন্দ্ৰ কৰি মানুহক দেখুৱাই শ্বহীদ দিৱস পালন কৰাৰ পৰা চৰকাৰে বিৰত থাকিব লাগে ।" তেওঁ কয় যে বিশেষকৈ অসম গণ পৰিষদে বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ লগতে অসম চুক্তি ৰূপায়ণৰ কোনো পদক্ষেপ গ্ৰহণ নকৰি 'কা', সমৰ্থন কৰি শ্বহীদ দিৱস পালনৰ নৈতিক অধিকাৰ হেৰুৱাইছে ।

অলক নাথে পুনৰ কয়, "এই সুদীৰ্ঘ সময়ছোৱাত শ্বহীদৰ পৰিয়ালে একমাত্ৰ বঞ্চনাৰ বাহিৰে একো পোৱা নাই । যি উদ্দেশ্যৰে সেই আন্দোলন আৰম্ভ হৈছিল পৰৱৰ্তী সময়ত চুক্তিপত্ৰতে সমাপ্ত হৈ থাকিল । সচেতন বিশ্ববাসীক চিন্তিত কৰি তুলিছিল সেইটো একেবাৰে কিঞ্চিৎ ভাৱেও হৈ নুঠিল । ১৯৮৫ চনত আন্দোলনৰ পৰিসমাপ্তিৰ দিনত চৰকাৰৰ লগত তিনিটা পক্ষই যি চুক্তি স্বাক্ষৰ হৈছিল আৰু এটা নিৰ্দেশ দিছিল । কিন্তু সেই দিনটোৰ পৰা এটা আঞ্চলিক ৰাজনৈতিক দল গঠন হ’ল,পৰৱৰ্তী সময়ত পুনৰ কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে । পিছত পুনৰ আঞ্চলিক দলে চৰকাৰ গঠন কৰিলে । কিন্তু ২০১৬ চনত পুনৰ এটা নতুন দলে অসম গণ পৰিষদৰ লগ লাগি চৰকাৰ গঠন কৰিলে আৰু এজন জাতীয় নায়কে মুখ্যমন্ত্ৰীৰ দায়িত্ব বহন কৰে । "

তেওঁ পুনৰ কয়, "অসম চুক্তিৰ দায়িত্ব অৰ্পণ কৰা হয় বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ হাতত । এইবাৰ এই দায়িত্ব পুনৰ অগপৰ সভাপতিৰ হাতত দিলে । পৰৱৰ্তী সময়ত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখনো গুৰুত্ব নিদিলে । কিন্তু এতিয়া ৰাজনৈতিক স্বাৰ্থত সেই প্ৰতিবেদন মুখ্যমন্ত্ৰীয়ে পুনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ধুমুহাৰ দৰে আৰম্ভ কৰিছে । কিন্তু প্ৰকৃততে সেই চুক্তিখনৰ সত্তাটোক বাৰে বাৰে হত্যা কৰি আহিছে ।"

তেওঁ আৰু কয়, "অসম চুক্তিৰ আত্মাক হত্যা কৰি কেন্দ্ৰই নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰি বৰ্তমান বিদেশী নাগৰিকৰ নাগৰিকত্ব প্ৰদান কৰিলে ।" তেওঁ অসম গণ পৰিষদক পোনপটীয়াকৈ দোষাৰোপ কৰি কয়, "অসমৰ ৮৫৫ জন শ্বহীদৰ আধাৰত হোৱা অসম চুক্তিক হত্যা কৰিলে ।"

"১৯৮২ চনৰ ১ জানুৱাৰী দিনা দাদা ৰূপক নাথ এবাৰ ঘৰলৈ আহিছিল । দেউতাই বজাৰৰ পৰা মাছ আনিবলৈ দিছিল আৰু তেওঁ নিজে ভাত বনাই ঘৰৰ পৰা পুনৰ ওলাই গৈছিল । তাৰ পিছত বিয়লি প্ৰায় ৪.৩০ বজাত বন্দুকৰ গুলীৰ শব্দত চৌদিশে হুলস্থুল লাগে । মই ঘৰৰ পৰা তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ গৈ জানিব পাৰো দাদাৰ গাত গুলী লাগিছে ।" অলক নাথে কয় ৷

আনহাতে, অসম আন্দোলনৰ এগৰাকী অন্যতম সদস্য শান্তনু মহন্তই কয়, "অসম আন্দোলনত নিষ্ঠাৰে অংশগ্ৰহণ কৰিছিলো, বাতৰি কাকতত লিখাৰ দৰে আন্দোলনটো শেষলৈ তেনেধৰণৰ নাছিল । ১৯৮৫ চনত কেন্দ্ৰীয় চৰকাৰৰ লগত হোৱা অসম চুক্তিখন প্ৰতাৰণা কৰিলে যাৰ বাবে এই অসম আন্দোলন ফলপ্ৰসূ হৈ নুঠিল । অসম চুক্তিৰ মূল উদ্দেশ্য আছিল বিদেশী নাগৰিকৰ বাহিস্কাৰ । কিন্তু এতিয়া 'কা' আইন প্ৰণয়ন কৰি অসম চুক্তি নস্যাৎ কৰিলে । সেই বাবেই মই এগৰাকী আন্দোনকাৰী হিচাবে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায় অসম আন্দোলন ফলপ্ৰসূ নোহোৱাৰ বাবে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিছো ।"

আন্দোলনৰ সক্ৰিয় কৰ্মীগৰাকীয়ে কয়, "একেদিনাই নগাঁৱতো কেইবাগৰাকী লোক শ্বহীদ হৈছিল আৰক্ষীৰ গুলীত । তেজপুৰত একে দিনাই ৰূপক নাথ, অনুকূল কাকতি আৰু মঞ্জিত দাস শ্বহীদ হৈছিল । ১৯৮১ চনৰ ৩১ ডিচেম্বৰ পৰা ১৯৮২ৰ ১ জানুৱাৰী লৈ ৩৬ ঘণ্টীয়া পথ অৱৰোধৰ অন্যতম সদস্য় আছিল ৰূপক নাথ ।"

সেই সময়ৰ ঘাটনাস্থলীত উপস্থিত থকা প্ৰত্যক্ষদৰ্শী নৱজ্যোতি ডেকাই কয়, "বিয়লি ৪ বজাত ৰঙাপৰাৰ পৰা তেজপুৰলৈ অহা এখন ৰে'ল অৱৰোধ কৰা হৈছিল । এখন ট্ৰাকৰ আধা অংশ ৰে'ল পথত পেলাই দিয়া হৈছিল । তাৰ পিছত ভূপেন ডেকাই ৰূপক নাথক হাতত ধৰি ঘৰলৈ উভতি আহিবলৈ জোৰ কৰিছিল । কাৰণ এক বাছ চিআৰপিএফ জোৱান সেই ঠাইলৈ আহিছিল । পৰৱৰ্তী সময়ত গুলীচালনা হয় আৰু আমিও পথাৰত শুই পৰিছিলো । সেই গুলীচালনাত ৰূপক নাথ, অনুকূল কাকতি আৰু মঞ্জিত দাস শ্বহীদ হয় ।"

লগতে পঢ়ক:শৰীৰত তেজ থকালৈকে জেহাদী ব্যৱস্থাৰ বিৰুদ্ধে গালি পাৰি থাকিম : মুখ্যমন্ত্রী - CM ON USTM ISSUE

খাদ্য আন্দোলনৰ শ্বহীদক স্মৰণ আছুৰ - Food and Economic Agitation