গুৱাহাটী : "গুৱাহাটীত এতিয়া ৪০ বা ৫০ শতাংশ চৰকাৰী মাটিত ঘৰ বনোৱা মানুহ আছে । শুনি আচৰিত যেন লাগিলেও সঁচা কথা এইটোৱে যে ৪০ নহয় ৫০ শতাংশও হ'ব পাৰে য'ত এনেকুৱা চৰকাৰী মাটি বা বিভিন্ন ধৰণৰ বেলেগ বেলেগ মাটি অনুমতি অবিহনে ঘৰ বনাই আছে ।" এই বিস্ফোৰক স্বীকাৰোক্তি গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ।
ৰূপনগৰত ভূমিস্খলন হোৱা স্থান পৰিদৰ্শন কৰি গুৱাহাটীৰ পাহাৰত চলি থকা বেদখলৰ কথা স্বীকাৰ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে কয়, "গুৱাহাটীত যেতিয়া ১৫-২০ লাখ মানুহৰ যেতিয়া ৫০ শতাংশই বিনা অনুমতিত থাকিব আপুনি কি ৫০ শতাংশক উঠাই দিব পাৰিব নেকি ? তেওঁলোকৰ ওপৰত এক্সন ল'ব পাৰিব নেকি ? গতিকে কোৱা সহজ কিন্তু কৰাটো ইমান সম্ভৱ নহয় ।"
ভূমিস্খলনত নিহত মনেশ্বৰ ৰাজবংশী
উল্লেখ্য যে গুৱাহাটীত ভূমিস্খলনৰ ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে । এইবাৰো কেইবাটাও স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । য'ত কেইবাগৰাকী লোকে প্ৰাণ হেৰুৱাইছে । তাৰ ভিতৰত অন্যতম ৰূপনগৰৰ ঘটনা । শুকুৰবাৰে নিশা হোৱা ভূমিস্খলনত সমাধিস্থ হৈছিল মনেশ্বৰ ৰাজবংশী নামৰ এজন লোক । এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু প্ৰশাসনে শুকুৰবাৰে নিশাৰে পৰা অভিযান চলাই প্রায় ১৭ ঘণ্টাৰ অন্তত শনিবাৰে আবেলি মনেশ্বৰ ৰাজবংশীৰ মৃতদেহ উদ্ধাৰ কৰে ।

দেওবাৰে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । লগতে মনেশ্বৰ ৰাজবংশীৰ পৰিয়ালক এককালীন আৰ্থিক ক্ষতিপূৰণো প্ৰদান কৰে । ইফালে ঘটনাক লৈ দুখপ্ৰকাশ কৰি তেওঁ কয়, "তেখেতৰ মৃতদেহ জিএমচিএইছত আছে । তেওঁৰ স্থায়ী ঘৰ ৰঙিয়ালৈ মৃতদেহ লৈ যাব । মই ইয়ালৈ আহি তেখেতৰ পত্নীৰ হাতত ৪ লাখ টকাৰ চেক অৰ্পণ কৰিছো ।"

গুৱাহাটীৰ পাহাৰত ভাৰতীয় ভূতাত্বিক জৰীপে চলাব ছাৰ্ভে
গুৱাহাটীৰ পাহাৰত এনেকুৱা ঘটনা পুনৰ সংঘটিত হোৱাৰো আশংকা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে । যাৰ বাবে তেওঁ এই ক্ষেত্ৰত ভাৰতীয় ভূতাত্বিক জৰীপৰ সহায় লোৱাৰ কথা উল্লেখ কৰে ।

মন্ত্ৰীগৰাকীয়ে কয়, "জিলা আয়ুক্তগৰাকীক নিৰ্দেশ দিছো যে তাৎক্ষণিকভাৱে ভাৰতীয় ভূতাত্বিক জৰীপৰ মানুহ আনিব আৰু আনি এই অঞ্চলটোৰ লগতে ইয়াৰ ওচৰ পাজৰে পাহাৰৰ দীঘলীয়া অংশটো এবাৰ ছাৰ্ভে কৰিব । তেওঁলোকে দিয়া ৰিপ'ৰ্টৰ পিছতহে আমি বাকীখিনি কথা পাতিম...। আমি বিজ্ঞানসন্মত দিশেৰে যাব লাগিব । ইয়াত ইতিমধ্যে ১৫-২০ টা পৰিয়াল আশ্ৰয় শিবিৰত আছে । কিছু সংখ্যকে গাঁৱৰ ঘৰলৈ গৈছে । আমাৰ কথাটো হ'ল ভৱিষ্যতে ইয়াত বসবাসৰ উপযোগী হৈ আছে নে নাই বা এনেকুৱা ঘটনা নঘটিবৰ বাবে কি কৰিব লাগিব...,চৰকাৰে এটা সিদ্ধান্ত ল'ব লাগিব আৰু গোটেইখিনি ছাৰ্ভে নোহোৱালৈকে আমি ক'ব নোৱাৰিম । কাইলৈৰ পৰা ছাৰ্ভে আৰম্ভ হ'ব পিছত চৰকাৰে সেই অনুসৰি সিদ্ধান্ত ল'ব ।"

লগতে মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত লোকসকলক নিয়মমাফিক সহায়ৰ আশ্বাস দিয়ে । ভাৰতীয় ভূতাত্বিক জৰীপে ৰিপ'ৰ্ট নিদিয়ালৈ সেই অঞ্চলত যাতে কোনো লোকে নাযায় তাৰ বাবেও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।
পাহাৰৰ ভূমি বেদখল
ভূমিস্খলন হ'লেই পাহাৰৰ ভূমি বেদখলৰ প্ৰসংগতো চৰ্চালৈ আহে । এইবাৰো এই প্ৰসংগটোৱে ব্যাপক প্ৰতিক্ৰিয়া লাভ কৰিছে । পাহাৰৰ ভূমি বেদখল আৰু উচ্ছেদ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ স্থিতি স্পষ্ট কৰি কয়, "কোনো মানুহে স্থায়ী ঘৰ এখন এৰি যাবলৈ ইচ্ছা প্ৰকাশ নকৰে আৰু সম্ভৱো নহয় । মানুহখিনি যাব ক'ত ? তাৰ কাৰণে চৰকাৰে কিছুমান কাম কৰিব খুজিলেও কৰিব নোৱাৰে । আমি হাই এলাৰ্ট দি সকলোকে খেদি দিব পাৰিম কিন্তু তাৰ পৰা সমস্যাটো সমাধান নহ'ব । এইবিলাক বেছিভাগে চৰকাৰী মাটি । বিভিন্নজন দখল কৰি ঘৰ বান্ধি আছে । প্ৰকাণ্ড প্ৰকাণ্ড ঘৰ নিৰ্মাণ হৈ গৈছে । চৰকাৰী মাটিত থকা ঘৰ এটা ভাঙি দিয়াৰ পিছত আমি কেনেকৈ সহায় কৰিম । আইনৰ দৃষ্টিৰে সহায় কৰিব নোৱাৰো কিন্তু মানৱীয়তাৰ দৃষ্টিৰে সহায় কৰিব লাগিব...।"

কি কৰিব চৰকাৰে ?
ইফালে গুৱাহাটীৰ পাহাৰত অট্টালিকা নিৰ্মাণ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়,"চৰকাৰী মাটিত ঘৰ বনাবলৈ কোনো অনুমতি নাথাকে । ম্যাদী মাটিত ঘৰ বনালে জিএমচি, জিএমডিএৰ পৰা অনুমতি লয়, চৰকাৰী মাটিত ঘৰ বনালে কোনো অনুমতি লোৱাৰ ব্যৱস্থা নাই । অনুমতি দিবও নোৱাৰে । ইয়াত যিমান মানুহৰ ঘৰ আছে চৰকাৰী অনুমতি লৈ বনোৱা নাই । সেই কাৰণে আমি চিন্তা কৰি আছো চৰকাৰী মাটিত যিসকলে ঘৰ বনাই তাক কেনেকৈ নিয়ন্ত্ৰণলৈ আনিব পাৰি ।"
দেওবাৰে ভূমিস্খলন হোৱা অঞ্চলত মন্ত্ৰীগৰাকীৰ সৈতে স্থানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, মেয়ৰ মৃগেন শৰণীয়াসহ কেইবাগৰাকী বিষয়া উপস্থিত থাকে । তেওঁলোকে অঞ্চলটো পৰিদৰ্শন কৰাৰ লগতে ভুক্তভোগী লোকসকলৰ ক্ষয়-ক্ষতিৰ বুজ লয় ।