ETV Bharat / state

অসমৰ এখন নৈ যাৰ জলধাৰাত এতিয়া কেৱল উটি আহে এটাৰ পিছত আন এটা শৱদেহ

দুটা মাহত চহৰৰ মাজেৰে বৈ যোৱা নৈত উটি আহিল চাৰিটাকৈ মৃতদেহ । সোমবাৰে পুনৰ উদ্ধাৰ দুটাকৈ মৃতদেহ ।

body recovered from bhogdoi
ভোগদৈৰ বুকুৰ পৰা উদ্ধাৰ পুনৰ দুটা মৃতদেহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2025 at 4:39 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : খৰালি প্ৰায়ে শুকান হৈ থকা মানৱসৃষ্ট ভোগদৈয়ে বাৰিষা লৈছে কালৰূপ । যোৰহাটবাসীৰ বাবে আশীৰ্বাদ স্বৰূপ ভোগদৈ যেন কাৰোবাৰ বাবে এতিয়া হৈ পৰিছে অভিশাপ স্বৰূপ । কাৰণ জুন আৰু জুলাই মাহত ভোগদৈত পৰি বা নিখোঁজ হৈ চাৰিজনকৈ লোকে কৰুণভাৱে মৃত্যুক আঁকোৱালি ল'বলগা হৈছে ।

সোমবাৰে ভোগদৈৰ বুকত উদ্ধাৰ হয় দুজনকৈ যুৱকৰ মৃতদেহ । শনিবাৰৰ পৰা ভোগদৈৰ বুকুত নিৰুদ্দেশ হৈ থকা যোৰহাটৰ ৰয়েল ৰোডৰ জিৎ দাস (৩৬), সবাইবন্ধা ৰাজতীয়াৰ দীপাঙ্কৰ বৰা (৩০) নামৰ যুৱক দুজনৰ মৃতদেহ সোমবাৰে উদ্ধাৰ হয় ।

ভোগদৈৰ বুকুৰ পৰা উদ্ধাৰ পুনৰ দুটা মৃতদেহ (ETV Bharat Assam)

মৃতদেহ দুটা মনাইমাজি ভোগদৈ দলঙৰ ওচৰত আৰু শ'লমৰা নামৰ ঠাইৰ পৰা উদ্ধাৰ কৰে SDRF বাহিনীয়ে । তিনিদিনীয়া নেৰানেপেৰা উদ্ধাৰ অভিযানৰ অন্তত SDRF বাহিনীয়ে ভোগদৈৰ বুকুত নিৰুদ্দিষ্ট যুৱক দুজনক মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ইফালে ভোগদৈৰ বুকুত নিৰুদ্দিষ্ট হৈ দুজন যুৱকে কৰুণভাৱে মৃত্যুক সাৱটি লোৱাৰ ফলত দুয়োটা পৰিয়ালতে শোকৰ ছাঁ পৰাৰ লগতে কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক ।

উল্লেখ্য যে ৰয়েল ৰোডৰ জিৎ দাস নামৰ বিবাহিত যুৱকজনে ৰয়েল ৰোড আৰু বড়িগাঁও সংযোগী ৰে'লৱে দলঙৰ পৰা শনিবাৰে গা ধুবলৈ চেষ্টা কৰি থাকোঁতে হঠাৎ ভোগদৈৰ বুকত পৰি যায় ।

আনহাতে, সবাইবন্ধা ৰাজতীয়াৰ দীপাংঙ্কৰ বৰা নামৰ যুৱকজনে ৰাজতীয়া ভোগদৈ দলঙেৰে আহি থকা অৱস্থাতে নিৰুদ্দেশ হৈছিল । নিৰুদ্দিষ্ট যুৱক দুজনৰ মৃতদেহ তিনিদিনৰ পিছত বহু নিলগত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় ।

এই দুজন যুৱকৰ সৈতে ভোগদৈৰ বুকুত পৰি দুটা মাহৰ ভিতৰতে চাৰিজনকৈ লোকে মৃত্যুক আঁকোৱালি ল'বলগা হৈছে । এই ঘটনাই এতিয়া নৈপৰীয়া ৰাইজক চিন্তিত কৰি তুলিছে ।

লগতে পঢ়ক :মাক-দেউতাকৰ সৈতে একেলগে ৰাতিৰ ভাতসাঁজ খোৱা নহ'ল অনিমেষৰ - JORHAT MURDER
লগতে পঢ়ক :চৰম সিদ্ধান্ত লোৱা প্ৰধান শিক্ষয়িত্ৰীয়ে লিখি থৈ যোৱা এখন পত্ৰই লগাইছে হাহাকাৰ - BEHALI PRINCIPAL DEATH CASE