ETV Bharat / state

দেশৰ পিছপৰা জিলাৰ তালিকাৰ পৰা ওলাই আহিল ধেমাজি: জিলা দিৱসত শিক্ষা মন্ত্ৰী

৩৭ সংখ্যক ধেমাজি জিলা প্ৰতিষ্ঠা দিৱসটি দুৰ্গাপূজা আৰু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ বাবে অনাড়ম্বৰভাৱে অনুষ্ঠিত হয় ।

Dhemaji District foundation day
ধেমাজি জিলা দিৱস উদযাপন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 4, 2025 at 8:31 PM IST

3 Min Read
Choose ETV Bharat

ধেমাজি : ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত শনিবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত উদযাপন কৰা হয় ৩৭ সংখ্যক ধেমাজি জিলা প্ৰতিষ্ঠা দিৱস ৷ অৱশ্যে দুৰ্গাপূজা আৰু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ বাবে এইবাৰ ধেমাজি জিলা দিৱসৰ কাৰ্যসূচী অনুষ্টুপীয়াকৈ আৰু অনাড়ম্বৰভাৱে অনুষ্ঠিত হয় । এখন ৰাজহুৱা সভাৰ জৰিয়তে এইবাৰ ধেমাজি জিলা দিৱস উদযাপনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

উল্লেখ্য যে ১ অক্টোবৰ, ১৯৮৯ চনৰ পৰা ধেমাজি নগৰক সদৰ হিচাপে লৈ ধেমাজি জিলা প্ৰতিষ্ঠা হৈছিল ৷ জিলা দিৱস উপলক্ষে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত মুকলি সভাখনি এটি সমবেত সংগীতেৰে আৰম্ভ কৰা হয় ৷

ধেমাজি জিলা দিৱস উদযাপন (ETV Bharat Assam)

ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰে আদৰণী ভাষণ আগবঢ়োৱা সভাখনিত অংশ লৈ লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই ধেমাজি জিলাৰ সংক্ষিপ্ত ইতিহাস বৰ্ণনা কৰে ৷

ইপিনে ৰাজ্যৰ শিক্ষা মন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱে ৩৭ সংখ্যক দিৱসৰ দিনটোত সংকল্প ল’বলৈ আহ্বান জনাই কয়, “১ অক্টোবৰত ধেমাজি জিলা প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰিবলগীয়া আছিল যদিও শাৰদীয় দুৰ্গাপূজা আৰু জুবিন গাৰ্গৰ বিয়োগৰ বাবে ৰাজ্যবাসী শোকত ম্ৰিয়মাণ হৈ থকাৰ বাবে আমি নাপাতিলোঁ । আজি কেৱল এখন সভাৰ জৰিয়তে আমাৰ প্ৰতিষ্ঠা দিৱসটো পালন কৰিলোঁ ।"

Dhemaji District foundation day
ধেমাজি জিলা দিৱসৰ মুকলি সভাৰ এক মুহূৰ্ত (ETV Bharat Assam)

আনহাতে, ধেমাজি জিলাৰ উত্তৰণৰ কথা উল্লেখ কৰি মন্ত্ৰী ৰণোজ পেগুৱে কয়, "ধেমাজি জিলাৰ বাবে, আমাৰ বাবে বহুত ডাঙৰ প্ৰাপ্তি যে ভাৰতবৰ্ষৰ পিছপৰা জিলাৰ তালিকাৰ পৰা ধেমাজি জিলা ওলাই আহিল । ওলাই আহি মেডিকেল কলেজ ,ইঞ্জিনীয়াৰিং কলেজ, আমাৰ নিজৰ নতুন ষ্টেডিয়াম, ডিব্ৰুগড়, লখিমপুৰ আৰু মাজুলীলৈ সংযোগ হ'ল ৷ সৰ্বোপৰি বানপানীৰ পৰা ধেমাজি জিলাখনক মুক্ত কৰিবলৈ সক্ষম হৈছোঁ ৷ গতিকে ৩৭ সংখ্যক দিৱসত ৰাইজক সংকল্প ল’বলৈ আহ্বান জনাইছোঁ- কেৱল আন্তঃগাঁথনি নহয়, তাৰ লগে লগে উদ্যমিতা আৰু জীৱন-জীৱিকাত যাতে সকলোৱে মনোনিবেশ কৰো ৷ গতিকে ধেমাজিক এখন পৰিষ্কাৰ জিলা হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ ।"

উল্লেখ্য যে এই দিৱসতে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা জিলাখনৰ কেইবাগৰাকীও বিষয়া-কৰ্মচাৰীক জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷

Dhemaji District foundation day
ধেমাজি জিলা দিৱসত সমবেত সংগীত পৰিবেশন (ETV Bharat Assam)

অনুষ্ঠানত মন্ত্ৰী তথা ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভীৰৰ উপৰি আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়, জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰা আৰু বিভিন্ন চৰকাৰী বিভাগৰ শীৰ্ষ বিষয়া-কৰ্মচাৰী আৰু ভালেসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

স্মৰ্তব্য যে শাৰদীয় দুৰ্গাপূজা আৰু জুবিন গাৰ্গক লৈ ৰাজ্যজুৰি অব্যাহত থকা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে ১ অক্টোবৰ পৰিৱৰ্তে ৪ অক্টোবৰলৈ প্ৰতিষ্ঠা দিৱসটি পিছুৱাই দিয়া হৈছিল ৷

লগতে পঢ়ক :কাজিৰঙাৰ মাজেৰে চাৰিলেনযুক্ত পথ: ১৮ বছৰীয়া এক সংগ্ৰাম আৰু প্ৰত্যাশাৰ ফল
লগতে পঢ়ক :উছৱমুখৰ কোকৰাঝাৰ: কাইলৈ শপত ল'ব হাগ্ৰামাৰ নেতৃত্বত নতুন পৰিষদে