মাজুলী: অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুক লৈ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্র ৰাজ্যত । আজি পহিলা ব'হাগ, মানুহৰ বিহু । গৰু বিহুৰ পৰম্পৰা ৰীতি-নীতি পালন কৰাৰ পিছত আজিৰে পৰা আৰম্ভ হৈছে পহিলা ব'হাগৰ পৰম্পৰা । অনুষ্ঠিত হৈছে বিভিন্ন খেল-ধেমালি ।
এটকা মহন্তৰস্থলী মাজুলীৰ ঐতিহাসিক সত্ৰানুষ্ঠানত উদাসীন বৈষ্ণৱৰ বোকাখেল । মাজুলীৰ ঐতিহাসিক সত্ৰানুষ্ঠানসমূহৰ উদাসীন পৰম্পৰাত বৈষ্ণৱসকলে বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল-ধেমালিৰে ৰঙালীৰ আনন্দত ভাগ লয় ।
এইসমূহৰ ভিতৰত বোকা খেল বসন্ত উৎসৱৰ অন্যতম আকৰ । মানুহ বিহুৰ দিনা সত্ৰানুষ্ঠানৰ বৈষ্ণৱসকলে পুৱাৰ ভাগৰ পৰা সকলোৱে বোকা খেল অনুষ্ঠিত কৰে । সত্ৰৰ সত্ৰাধিকাৰে বৈষ্ণৱসকলক বোকাৰ তিলক সানি বোকাখেলৰ শুভাৰম্ভ কৰে । মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ বৈষ্ণৱসকলৰ লগতে উজনি মাজুলীৰ পৰা নামনি মাজুলীলৈকে পুৰুষ-মহিলা সকলোৱে মিলি বোকা খেলত ভাগ লয় ।
ভূমিক শান্তি আৰু পৱিত্ৰতাৰ প্ৰতীক বুলি গণ্য কৰি সত্ৰৰ প্ৰতিজন বৈষ্ণৱে ইজনে সিজনৰ গাত বোকা লেপন কৰি বোকা খেলত ভাগ লয় । লোকৰীতি আৰু পৰম্পৰাৰ মাজেৰে মাজুলীত উদযাপিত বোকা খেলে বসন্ত উৎসৱৰ এক বিশেষ মাত্ৰা বহন কৰি আহিছে । মানুহ বিহুৰ এই পবিত্ৰ দিনটোত ভূমিক গাত লেপন কৰিলে সকলো ধৰণৰ চৰ্মৰোগ বছৰটোৰ বাবে আঁতৰি যায় বুলি বিশ্বাস কৰা হয় ।
ধেমালি কৰি সমূহীয়াভাৱে নৈ-বিলত গা ধুই মাজুলীবাসীয়ে আধ্যাত্মিকতাৰে সৰ্বমংগলৰ কামনা কৰাৰ লগতে জাতীয় জীৱন জিলিকাই তোলা অসমীয়াৰ প্ৰাণৰ স্পন্দন বিহুটিয়ে সকলোৰে মন-প্ৰাণ যাতে ৰঙীণ কৰি তোলে তাৰে কামনা কৰে ভগৱন্তৰ ওচৰত ।