৩৫ বছৰৰ পিছত আহিল ৰায়দান ; দোষমুক্ত হ’ল অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, শশ চৌধুৰীকে ধৰি ৩৮ জন
১৯৯১ চনতে দিছপুৰ থানাই নিজাকৈ পঞ্জীয়ন কৰিছিল গোচৰটো । সুদীৰ্ঘ ২৫ বছৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ৩৫ বছৰীয়া গোচৰটোত আদালতৰ ঐতিহাসিক ৰায়দান ।

Published : August 21, 2025 at 7:40 AM IST
গুৱাহাটী : ৩৫ বছৰৰ পিছত আদালতে দোষমুক্ত কৰিলে প্ৰাক্তন আলফা নেতা অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, শশধৰ চৌধুৰীকে ধৰি ৩৮ জনক । টাডা (TADA) গোচৰত ৩৮ জনক দোষমুক্ত আদালতৰ । ৩৫ বছৰৰ পিছত ৪৩/২০০১ নং গোচৰৰ ৰায়দান আদালতৰ । অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, শশধৰ চৌধুৰী, প্ৰদীপ গগৈ, সুনীল নাথ, কল্পজ্যোতি নেওঁগ, ৰাজু বৰুৱা, মুনিন নবিশ, অনাদৰ ঠাকুৰীয়াসহ ৩৮ জনক দোষমুক্ত কৰে আদালতে ।
১৯৯১ চনত দিছপুৰ থানাই নিজাকৈ পঞ্জীয়ন কৰিছিল গোচৰটো । ৪৩/২০০১ নম্বৰৰ গোচৰটোৰ টাডা (TADA) আদালতে গুৰুত্বপূৰ্ণ ৰায়দান দি ৩৮ জনক দোষমুক্ত কৰে । ২০০১ চনৰ পৰা টাডা আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় । সুদীৰ্ঘ ২৫ বছৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ৩৫ বছৰীয়া গোচৰটোৰ আজি আদালতে ঐতিহাসিক ৰায়দান দিয়ে । ৪৩/২০০১ নং টাডা গোচৰটোত মুঠ ৪৫ জন অভিযুক্ত আছিল ।
ইয়াৰে পৰেশ বৰুৱাসহ তিনিজন বৰ্তমান অৱস্থাত পলাতক হৈ আছে । আনহাতে ৪ জনৰ মৃত্যু হোৱা বাবে তেওঁলোকৰ নাম গোচৰটোৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে । সেয়ে আদালতে বুধবাৰে ৩৮ অভিযুক্তৰ বিৰুদ্ধে ৰায়দান কৰে । সন্ত্ৰাস সৃষ্টি কৰা, ধন দাবী আদি বিভিন্ন অভিযোগৰ ভিত্তিত দিছপুৰ থানাই ১/১৯৯১ নং গোচৰটো ৰুজু কৰিছিল । অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (UAPA) ৰ ১০(৩০) ধাৰা আৰু টাডা আইনৰ ৩/৪ ধাৰা আৰোপ কৰা হৈছিল । লগতে আইপিচিৰ বহু কেইটা ধাৰাও আৰোপ কৰিছিল গোচৰটোত ।
আদালতৰ ৰায়দানক লৈ যথেষ্ট আনন্দিত প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই কয়, "চৰকাৰে বৈধ নথি পত্ৰ দাখিল কৰিব নোৱাৰিলে যাৰ বাবে আমাক দোষমুক্ত ঘোষণা কৰিলে । লিখিত ৰায়দানৰ বাবে কিছু সময় লাগিব । ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে, থাকিব । আজি যি বিচাৰ পালো যথেষ্ট সন্তুষ্ট । আগন্তুক দিনত দেশ আৰু জাতিৰ স্বাৰ্থত নিজকে আমি উছৰ্গা কৰিম বুলি গণতান্ত্ৰিকভাৱে প্ৰতিশ্ৰুতিবদ্ধ ।" তেওঁ লগতে কয়, "আৰু এটা টাডা গোচৰ আছে । এইটোত আমাৰ বহুকেইটা সদস্য আছিল । বাকী যিটো আছে তাত আমি ১১-১২ জন মান আছোঁ ।"
আদালতে দোষমুক্ত ঘোষণা কৰাৰ পিছতে অৰবিন্দ ৰাজখোৱাই কয়, "সতীৰ্থসকলৰ বৰ্তমানৰ আৰ্থিক যিটো সমস্যাৰ মাজেৰে আইনৰ পৰা বিচাৰটো পাম বুলি ইমান দিনে অপেক্ষা কৰিছিল সেইটো সন্মানেৰে সৈতে আজি সমাধান পোৱা গৈছে । তাৰ কাৰণে আমি বিচাৰকলৈ ধন্যবাদ জ্ঞাপন কৰিছো...।"
লগতে পঢ়ক :বিজেপিৰ মুখপাত্ৰ-মন্ত্ৰী পীযুষ হাজৰীকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কংগ্ৰেছৰ, গোচৰ ৰুজু - APCC FILED CASE

