ETV Bharat / state

৩৫ কাৰাবন্দী এন ডি এফ বি কেডাৰৰ নতুন ঠিকনা কোকৰাঝাৰ জে'ল - NDFB CADRES SHIFTED TO KOKRAJHAR

এম বাথাসহ ৩৫ এন ডি এফ বিৰ নেতা-সদস্যৰ বিৰুদ্ধে থকা এন আই এৰ গোচৰ জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতলৈ হস্তান্তৰ ।

NDFB cadres shifted to Kokrajhar
৩৫ কাৰাবন্দী এন ডি এফ বি কেডাৰৰ নতুন ঠিকনা কোকৰাঝাৰ জে'ল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 20, 2025 at 9:38 PM IST

2 Min Read

কোকৰাঝাৰ : ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ এন আই এৰ আদালতত বিচাৰাধীন তথা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা ৩৫ গৰাকী এন ডি এফ বি সদস্যক কোকৰাঝাৰ কাৰাগাৰালৈ হস্তান্তৰ ।

এন আই এৰ আদালতে মঙলবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা এন ডি এফ বিৰ এই ৩৫ গৰাকী নেতা-সদস্যৰ গোচৰ কোকৰাঝাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতলৈ স্থানান্তৰিত কৰে ৷ যাৰ বাবে মঙলবাৰে বিয়লি প্ৰায় ৩ বজাত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এসময়ৰ দুৰ্ধৰ্ষ এন ডি এফ বি নেতা এম বাথাসহ ৩৫ এন ডি এফ বি কেডাৰক কোকৰাঝাৰ জিলা সত্ৰ আৰু ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছতেই কোকৰাঝাৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় । উক্ত দলটোত এম বাথাসহ কেইবাজনো নেতা-সদস্য আছে ।

৩৫ কাৰাবন্দী এন ডি এফ বি কেডাৰৰ নতুন ঠিকনা কোকৰাঝাৰ জে'ল (ETV Bharat Assam)

আনহাতে, এই প্ৰসংগত চৰকাৰী পক্ষৰ অধিবক্তা কংকন কলিতাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে, "নিয়াৰ আদালতত এন ডি এফ বিৰ যিবোৰ গোচৰ বিচৰাধীন হৈ আছিল সেই গোচৰসমূহ অসম চৰকাৰলৈ হস্তান্তৰ কৰা হয় ৷ তাৰে ভিত্তিত ৰাজ্য চৰকাৰে এন ডি এফ বি সদস্যসকলক নিজৰ নিজৰ জিলালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেইমৰ্মে চাৰিটা গোচৰৰ ৩৫ জন এন ডি এফ বি সদস্যক আজি কোকৰাঝাৰলৈ অনা হয় ৷ ইয়াতে জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ৷"

উল্লেখ্য যে বি টি আৰ চুক্তিমৰ্মে এন ডি এফ বি সদস্যসকলৰ বিৰুদ্ধে চলি থকা গোচৰসমূহ প্ৰত্যাহাৰ কৰি সকলো সদস্যক শীঘ্ৰে মুক্তি দিয়াৰ অন্যতম দাবী আছিল ৷

লগতে পঢ়ক :পাগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ ৰাজনৈতিক যুদ্ধ - GAURAV HIMANTA FACE OFF
লগতে পঢ়ক :হৰমীত সিঙক পদোন্নতিসহ আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব - HARMEET SINGH APPOINTED AS DGP

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.