৩০০০ বিঘা জনজাতীয় লোকৰ ভূমি আৰু অসমজুৰি প্ৰতিক্ৰিয়া, কিয় ?
অসমত চিমেণ্ট কোম্পানীক ৩০০০ বিঘা ভূমি আবণ্টনক লৈ আশ্বৰ্যচকিত উচ্চ ন্যায়াধীশ, অসম জুৰি প্ৰতিক্ৰিয়া ।

Published : August 19, 2025 at 8:01 PM IST
|Updated : August 19, 2025 at 9:14 PM IST
গুৱাহাটী : অসমৰ ষষ্ঠ অনুসূচীৰ অধীনত সংবিধানে বিশেষ অধিকাৰ প্ৰদান কৰা পাহাৰীয়া জিলা ডিমা হাচাওৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ এলেকাত তিনি হেজাৰ বিঘা মাটি গতাই দিয়া হৈছে এটা চিমেণ্ট কোম্পানীক । অসমৰ 'মিনি ছুইজাৰলেণ্ড' হিচাপে পৰিচিত বা সৌন্দৰ্যৰ ৰম্যভূমি ডিমা হাচাও জিলাত তিনি হেজাৰ বিঘা পৰ্যন্ত ভূমি মহাবল নামৰ এটা চিমেন্ট কোম্পানীক গতাই দিয়াৰ ঘটনা শুনি শেহতীয়াভাৱে আশ্বৰ্য প্ৰকাশ কৰি হতবম্ব হৈ পৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠ ।
মাত্ৰ এটা চিমেণ্ট কোম্পানীক সাংবিধানে বিশেষভাৱে সুৰক্ষা দিয়া পাহাৰীয়া জিলাখনৰ ওমাৰাংচুৰ নবদী লংকু ক্ৰ' গাঁৱৰ সমীপত মহাবল চিমেন্ট প্রাইভেট লিমিটেড নামৰ কোম্পানীটোক ৩০০০ বিঘা ভূমি আবণ্টন দিয়া প্ৰক্ৰিয়াটো ন্যয়ালয়ৰ মজিয়াত পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ অসম জুৰি হাহাকাৰ লাগিছে । এয়া হৈ পৰিছে এক ৰাজনৈতিক ইছ্যুও ।

সামাজিক মাধ্যমযোগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ আক্ৰমণ কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ । ইয়াৰ বিপৰীতে গৌৰৱ গগৈৰ বিৰুদ্ধে উচ্চ ন্যায়লয়ত বিজেপি নেতা তথা অধিবক্তাৰ ।
কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত গৌতম আদানীৰ মহাবল চিমেণ্ট কোম্পানীলৈ অসমৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ (NCHAC) এলেকাধীন ৩০০০ বিঘা মাটি আবণ্টনৰ বিষয়টো পোহৰলৈ আহে । দুখন লেখ আবেদনৰ শুনানি লৈ প্ৰসংগক্ৰমে তিনি হাজাৰ বিঘা ভূমি এটি কোম্পানীৰ হাতত গতাই দিয়া বিষয়টোত আচৰিত হৈ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিয়ে চিমেণ্ট কোম্পানীটোৰ অধিবক্তাক প্ৰশ্ন কৰে ৷
যোৱা ১২ আগষ্টত দুখন লেখ আবেদনৰ হোৱা শুনানিত এই তথ্য পোহৰলৈ অহাৰ পিছত এতিয়া অসম জুৰি বিষয়টোৱে চৰ্চা লাভ কৰিছে । ন্যায়ালয়ত শুনানি লোৱা লেখ আবেদন দুখনৰ এখন আবেদন জনাইছিল মহাবল চিমেণ্ট কোম্পানীয়ে । মহাবল চিমেণ্ট কোম্পানীটোৱে ন্যায়ালয়ত আবেদন জনাইছিল যে NCHAC ৰ ডিমা হাচাও জিলাত তেঁওলোকৰ কোম্পানীক আইনগতভাৱে গতাই দিয়া ভূমিৰ পৰা তেঁওলোকক অচিনাক্তলোকে উঠাই দিছে । সেয়ে তেওঁলোকে ন্যায়ালয়ৰ পৰা সুৰক্ষা বিচাৰে ।
এই প্ৰসংগত চিমেণ্ট কোম্পানীটোৰ অধিবক্তাই তিনি হাজাৰ বিঘা ভূমি আইনগতভাৱে তেঁওলোকক ৩০ বছৰলৈ লিজত দিয়াৰ বিষয়টোও উল্লেখ কৰে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত আনখন লেখ আবেদন দাখিল কৰিছিল চিমেন্ট কোম্পানীটোক হেজাৰ হেজাৰ বিঘা মাটি গতাই দিয়াৰ পিছত কোম্পানীটোৱে মাটি দখললৈ অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত উচ্ছেদ হোৱাৰ আশংকাত সেই অঞ্চলৰ ২২ জনকৈ জনজাতীয় লোকে ।
দুয়োখন আবেদনৰ ভিত্তিত Mahabal Cement Pvt Ltd v State of Assam, Case No: WP(C)/337/2025 ৰ শুনানি গ্ৰহণ কৰি চিমেণ্ট কোম্পানীটোক ৩০০০ বিঘা মাটি প্ৰদান কৰা বিষয়টো অৱগত হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌৰভ কুমাৰ মেধিয়ে আশ্বৰ্য প্ৰকাশ কৰি ক'লে, ''তিনি হাজাৰ বিঘা ! এটা ব্যক্তিগত কোম্পানীক ! এয়া কেনেধৰণৰ সিদ্ধান্ত ? Is this some kind of joke over ? Your need is not the issue, public interest is the issue.”

”এটা চিমেন্ট কোম্পানীক তিনি হেজাৰ বিঘা মাটি লীজত দিয়াৰ সিদ্ধান্ত কোনে ল'লে ? আমি এশ বিঘা, দুশ বিঘাৰ কথা শুনিছো, কিন্তু তিনি হেজাৰ বিঘা কেনেকৈ কোম্পানীক দিয়া হ'ল ?” বুলি আচৰিত হৈ ন্যায়াধীশগৰাকীৰ শুনানিত প্ৰশ্ন ।
পঞ্জীয়ন মতে পশ্চিমবংগৰ কলকাতাৰ 7 Council Street, 2nd Floor ৰ ঠিকনাৰ মহাবল চিমেণ্ট প্ৰাইভেট লিমিটেডৰ অধিবক্তাই ন্যায়ালয়ত দেশৰ ''নাম্বাৰ ৱান চিমেণ্ট কোম্পানী'' বাবে এই ভূমি আবণ্টন পোৱা বুলি কৈ ন্যায়ালয়ক পতিয়ন নিওৱাৰ চেষ্টা কৰোতে ন্যায়াধীশগৰাকীয়ে ''আপোনালোক বহুত প্ৰভাৱশালী কোম্পানী হ’ব লাগিব (You must be very very influential company !)'' বুলিও শুনানি কালত মন্তব্য কৰে ।
লগতে, ন্যায়াধীশগৰাকীয়ে আশ্চর্য প্রকাশ কৰি উচ্চ ন্যায়ালয়ে কি নীতিৰ আধাৰত কি প্ৰক্ৰিয়াৰে তিনি হেজাৰ বিঘা মাটি চিমেন্ট কোম্পানীক আবণ্টন দিয়া হৈছে সেই সন্দৰ্ভত পৰৱৰ্তী শুনানিকালত যাৱতীয় তথ্য দাখিল কৰিবলৈ ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদলৈ নির্দেশনা প্ৰদান কৰে ।
আনহাতে, ন্যায়ালয়ে মৌখিকভাৱে ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদক প্রতিনিধিত্ব কৰা সংশ্লিষ্ট অধিবক্তাৰ প্ৰতিও প্রশ্ন উত্থাপন কৰি কয়, ''তিনি হেজাৰ বিঘা ভূমি, এয়া ধেমালি নেকি ? আপুনি জানেনে তিনি হেজাৰ বিঘা ভূমি কিমান বিশাল পৰিসৰৰ । এটা কোম্পানীক এই বৃহৎ পৰিমাণৰ মাটি কেনেকৈ আবণ্টন দিয়া হ'ল । এইক্ষেত্রত কি নীতি আছে সেয়া আমি জানিব বিচাৰো ।''
ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ে কি নীতিৰ আধাৰত এই তিনি হেজাৰ বিঘা ভূমি কোম্পানীটোক আবণ্টন দিয়া হ'ল তাৰ তথ্য দাখিল কৰিবলৈ উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদক নির্দেশ দিয়ে । ন্যায়ালয়ে লগতে কয় যে ডিমা হাচাও জিলাখন ষষ্ঠ অনুসূচীৰ অধীনৰ জিলা ।
ইয়াত বসবাস কৰা জনজাতীয় লোকসকলক অগ্রাধিকাৰ দিয়া বিষয়টোৰ ওপৰত লক্ষ্য ৰাখিয়ে কৰিয়েই এই নির্দেশ দিয়া হৈছে । অহা ১ ছেপ্টেম্বৰত হ’ব লেখ আবেদন দুখনৰ পৰৱৰ্তী শুনানী । ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদে কি নীতিৰ আধাৰত কি প্ৰক্ৰিয়াৰে চিমেন্ট কোম্পানীক তিনি হেজাৰ বিঘা মাটি আবণ্টন দিলে তাৰ তথ্য সেইদিনা গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিব লাগিব ।
কি ঘটিছিল ডিমা হাচাওৰ আবণ্টিত ভূমিত ! :
অসমৰ ডিমা হাচাও পাৰ্বত্য জিলাখন চূণ শিলৰ আকৰৰ সম্ভাৰেৰে সম্পদশালী । চিমেণ্ট কোম্পানীটোক তিনি হাজাৰ বিঘা ভূমি যে আবণ্টন দিয়া হৈছে সেয়া জ্ঞাত নাছিল তাৰ স্থানীয় পৰম্পৰাগত ভূমি ৰীতি-নীতিৰে যুগ যগ ধৰি জীৱন নিৰ্বাহ কৰি অহা ভূমিপুত্ৰ বাসিন্দাসকলে । চিমেণ্ট কোম্পানীক আবণ্টন দিয়া বিশাল অঞ্চলটো আছিল ডিমা হাচাও জিলাৰ ওমৰা’চুৰ নবদী লংকু ক্ৰ' গাঁৱৰ সমীপত ।
যেতিয়াই কোম্পানীটোৱে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ৰাজহ বিভাগৰ অতিৰিক্ত সচিবে আবণ্টন দিয়া ৩০০০ বিঘা নিজৰ দখললৈ আনিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰে তেতিয়াই ষষ্ঠ অনুসূচীৰ অধীনৰ জিলাখনৰ জনজাতীয় লোকৰ অস্তিত্বৰ সংকট আহিব বুলি স্থানীয় লোকৰ মাজত ব্যাপক ক্ষোভ, প্ৰতিবাদৰ আৰম্ভ হয় । যাৰ বাবে সাতামপুৰুষীয়া নিজা ভূমিখণ্ডৰ পৰা উচ্ছেদ হোৱাৰ আশংকাত ২২ জনকৈ জনজাতীয় লোক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ এখন লেখ আবেদন দাখিল কৰে ।

এই প্ৰসংগত আগভাগ লোৱা ডিমা হাচাওৰ এগৰাকী যুৱ সমাজকৰ্মী তথা কংগ্ৰেছ দলৰ নেতা বাপুজিৎ লাংথাছই কয়, “আমাৰ ইয়াত ঝুম খেতি কৰা হয় । সেই ঝুম খেতি কৰা ঠাইত গৈ এদিন জেচেবি গৈ আৰ্থ কাটিং আৰম্ভ কৰে । আকস্মিকভাৱে হোৱা এই কামত গাঁৱৰ মানুহবোৰ আচৰিত হৈ পৰে ।
গাঁৱৰ মানুহে কামটো ৰখাই দিয়ে । সোধাত তেওঁলোকে কয়, ''ইয়াত চিমেণ্ট ফেক্টৰী বহাব ৷ তাত মানুহবোৰ জমা হৈ গ’ল । প্ৰতিবাদ আৰম্ভ হৈ গ’ল । গাঁৱৰ মানুহৱোৰে আমাক ফোন কৰি খবৰ দিয়ে । তেতিয়া আমি ইয়াত কিয় মাটি কাটিছে ? কি চিমেণ্ট ফেক্টৰী বহাব আদি জানিবলৈ আৰটিআই মাৰিলো । আৰটিআইত তথ্য আহিছে যে তাত মহাবল চিমেণ্টৰ কাৰণে মাটি আবণ্টন কৰি দিলে । গাঁৱৰ মানুহে সেই কথা নাজানেই । গাঁৱৰ মানুহৰ বিনা অনুমতিত মাটিখিনি কাউন্সিলে আবণ্টন দি দিলে । তাৰ পিততেই গাঁৱৰ মানুহবোৰে প্ৰতিবাদ আৰম্ভ কৰে যে এই মাটি দিব নোৱাৰিব । কিন্তু আমাৰ কাউন্সিলে আমাৰ মানুহখিনিক সুৰক্ষা দিয়াৰ বিপৰীতে ভয়-ভাবুকি দিয়াতহে লাগি গ’ল ।”
৩০০০ বিঘা মাটি আবণ্টন দিওতে লেণ্ড এছেচমেণ্ট, ৰিহেবিলেচন আৰু এনভাইৰণমেণ্ট ক্লিয়েৰেন্স আদি একো নীতিয়েই মানি চলা নাই বুলি অভিযোগ উত্থাপন কৰিছে ডিমা হাচাওৰ এই যুৱ সমাজ কৰ্মী তথা কংগ্ৰেছ নেতাজনে । লাংথাছাৰ মন্তব্য, “সাংবিধানিকভাৱে ষষ্ঠ অনুসূচীৰ মাটি যদি কাৰোৱাক দিব লাগে, তেন্তে যাৰ হাতত মাটি থাকে ৷ অৰ্থাৎ মাটিৰগৰাকীয়ে সেই মাটি দিব পাৰে । ইয়াত মাটিৰ গৰাকীয়ে গম নোপোৱাকৈ কাউন্সিলেই মাটি লিজত দি দিছে । ইয়াত কোনো আইন বা নীতি অনুসৰণ কৰা হোৱা নাই । আনকি ২০১৩ৰ ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণ আইনো মানি চলা হোৱা নাই ৷ লেণ্ড এছেচমেণ্ট, ৰিহেবিলেচন আৰু এনভাইৰণমেণ্ট ক্লিয়েৰেন্স একোৱেই নাই । বেআইনীভাৱে ভূমিখিনি দিয়া হৈছে ।”
“আমি ন্যায়ালয়ৰ কাষ চাপি পিআইএল কৰিছিলো । তেতিয়া মহামান্য ন্যায়ালয়ে আমাক এই বিষয়ত গাঁৱৰ মানুহক লৈ আনি ৰিট পিটিচন কৰিবলৈ নিৰ্দেশনা দিছিল ৷ সেই অনুসৰি দুখন গাঁৱৰ মানুহে এতিয়া লেখ আবেদন কৰিছে । সেই গোচৰটোৱেই ন্যায়লয়ত চলি আছে ।” বুলিও ন্যায়ালয়ৰ দিশে বিষয়টো আগবঢ়াই দিয়া স্থানীয় নেতাজনে মন্তব্য কৰে ৷
ন্যায়ালয়ৰ ভিডিঅ’ শ্বেয়াৰ গৌৰৱ গগৈৰ : গগৈৰ বিৰুদ্ধ গোচৰ বিজেপি নেতা-অধিবক্তাৰ:
এখন ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাত অসমৰ মুখ্যমন্ত্ৰী মন্ত্ৰী বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাতে এই ৩০০০ বিঘা মাটি আদানী গ্ৰুপৰ অধীনস্থ চিমেণ্ট কোম্পানীক দিয়া বুলি সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লোকসভাৰ বিৰোধীৰ উপ দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে । এয়া মুখ্যমন্ত্ৰী শৰ্মাৰ ধৃষ্টতা বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত ন্যায়াধীশ সৌৰভ কুমাৰ মেধিয়ে ন্যায়ালয়ত কৰা মন্তব্যৰ ভিডিঅ’ৰ এক অংশ শ্বেয়াৰ কৰি উল্লেখ কৰে, “হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিমা হাছাও জিলাত ভূমি পূত্ৰসকলৰ বাবে সংবিধানে সংৰক্ষণ দিয়া ৩০০০ বিঘা মাটি গুজৰাটৰ গৌতম আদানিক চিমেন্ট ফেক্টৰী খুলিবৰ বাবে গতাই দিয়ে । অসমীয়াৰ উন্নয়নৰ কথা কৈ-কৈ সাধাৰণ অসমীয়াৰ প্ৰয়োজনক গুৰুত্বহীন কৰি নিজৰ প্ৰয়োজনক প্ৰাধান্য দিয়া হিমন্ত বিশ্ব শৰ্মাৰ ধৃষ্টতাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশৰ প্ৰতিক্ৰিয়া চাওঁক ৷”
গৌৰৱ গগৈৰ এই টিপ্পন্নীয়ে যে বিজেপি দল আৰু মুখ্যমন্ত্ৰী গৰাকীৰ মণিকোঠত যে আঘাত হানে সেয়া নিশ্চিত হয় তেতিয়া, যেতিয়া যোৱা সোমবাৰে অসম বিজেপিৰ এগৰাকী নেতা তথা অধিবক্তাই গৌৰৱ গগৈৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কৰ ওচৰত গৌৰৱ গগৈৰ এই ভিডিঅ’ শ্বেয়াৰ কৰা কাৰ্যক অপৰাধ গণ্য কৰি অভিযোগ উত্থাপন কৰে ।
সংবিধানৰ ষষ্ঠ অনুসুচীৰ অন্তৰ্গত ডিমা হাচাওৰ ৩ হাজাৰ বিঘা মাটি আদানিৰ মহাবল চিমেণ্ট কোম্পানীক গটোৱাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে শুনানিৰ মন্তব্যৰ একাংশ ভিডিঅ’ গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত আপলোড কৰাৰ পাছতে ৰাজনৈতিকভাৱেও অসমত তোলপাৰ লাগে । উন্নয়নৰ স্বাৰ্থত চৰকাৰৰ এনে ভূমিকাক লৈ ব্যাপক প্রতিক্রিয়া হয় । এনে ভিডিঅ' ৰাজহুৱা কৰাৰ অভিযোগত গৌৰৱ গগৈৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এজন অধিবক্তাই দাখিল কৰে অভিযোগ ।
কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কৰ ওচৰত অধিবক্তা জয়ন্ত কুমাৰ গোস্বামীয়ে সোমবাৰে এক অভিযোগ দাখিল কৰে । বিজেপি নেতা তথা অধিবক্তা গৰাকীৰ অভিযোগ, “কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে নিজৰ ফেচবুক একাউণ্টৰ মাধ্যমেৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লাইভ ষ্ট্ৰীম হোৱা শুনানিৰ ভিডিঅ' ৰাজহুৱা কৰি ৰাজনৈতিক স্বার্থ সিদ্ধি কৰিছে । অধিবক্তাজনৰ অভিযোগ, গগৈয়ে এই ভিডিঅ' প্রকাশ কৰিবলৈ উচ্চ ন্যায়ালয়ৰ পৰা অনুমতি লোৱা নাছিল । যাৰ ফলত কপীৰাইট আইনৰ Contempt of Court Act, 1971ৰ লগতে আৰু Information Technology Act. 2000ৰো উলংঘন কৰিছে ৷”
এই অভিযোগ উল্লেখ কৰি এই সন্দৰ্ভত প্রয়োজনীয় তদন্ত কৰি উপযুক্ত আইনগত ব্যৱস্থা গ্রহণ কৰাৰ লগতে পৰৱৰ্তী কালত এনে ঘটনাৰ পুনৰাবৃত্তি নঘটোৱাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায় অভিযোগকাৰীগৰাকীয়ে ।

