ETV Bharat / state

চিকিৎসা নীতি উলংঘা; ৰাজ্যৰ ৩ জ্যেষ্ঠ চিকিৎসকক জৰিমনা - GNRC HOSPITAL GUWAHATI

চিকিৎসা নীতি উলংঘা কৰাৰ অভিযোগত জি এন আৰ চি হাস্পতালৰ সঞ্চালকসহ আন দুই চিকিৎসকক জৰিমনা ।

National Consumer Commission
প্ৰতিনিধিত্বমূলক ছবি (ANI)
author img

By ETV Bharat Assamese Team

Published : May 17, 2025 at 7:32 AM IST

2 Min Read

গুৱাহাটী : ৰোগীক চিকিৎসা প্ৰদানত কৰা গাফিলতি আৰু চিকিৎসা নীতি উলংঘা কৰাৰ অভিযোগত গুৱাহাটীৰ এখন বেচৰকাৰী হাস্পতালৰ তিনিগৰাকী চিকিৎসকক জৰিমনা বিহা হৈছে । ৰাষ্ট্ৰীয় উপভোক্তা আয়োগে গুৰুতৰ অভিযোগৰ ভিত্তিত এই জৰিমনা বিহিছে ।

ৰাষ্ট্ৰীয় উপভোক্তা আয়োগে শেহতীয়াকৈ ৰোগীক চিকিৎসা প্ৰদানত কৰা গাফিলতি আৰু চিকিৎসা নীতি উলংঘা কৰাৰ অভিযোগত ৰাজ্যৰ প্ৰখ্যাত বেচৰকাৰী চিকিৎসালয়ৰ অন্যতম সঞ্চালক তথা জ্যেষ্ঠ চিকিৎসকসহ তিনিজন চিকিৎসকক ২০ লাখ টকাৰ জৰিমনা বিহিছে ।

GNRC hospital Guwahati
ৰাষ্ট্ৰীয় উপভোক্তা আয়োগৰ নিৰ্দেশ (ETV Bharat Assam)

অৰুণাচলৰ নীৰ্জুলিৰ বাসিন্দা টাকাম জেমছ নামৰ ভুক্তভোগী লোকজনে দাখিল কৰা এটা গোচৰৰ ভিত্তিত ৰাষ্ট্ৰীয় উপভোক্তা আয়োগে এই জৰিমনা বিহিছে । ভুক্তভোগী লোকজনে দাখিল কৰা এটা গোচৰৰ ভিত্তিত ৰাষ্ট্ৰীয় উপভোক্তা আয়োগৰ বিবাদ নিষ্পত্তি আয়োগে জি এন আৰ চি হাস্পতালৰ অন্যতম সঞ্চালক ডাঃ নভনীল বৰুৱাৰ লগতে ডাঃ বিভান বিহাৰী দে' আৰু ডাঃ মনোজ আগৰৱালাক এই জৰিমনা বিহিছে । ইয়াৰ লগতে গোচৰৰ নামত ভুক্তভোগী লোকজনে কৰা খৰচ হিচাপে তেওঁক ৫০ হেজাৰ টকা আদায় দিবলৈও উপভোক্তা আয়োগে চিকিৎসকত্রয়ক নির্দেশ দিছে ।

উল্লেখ্য যে, ২০১৩ চনৰ জুলাইত দুৰ্ঘটনাত পতিত হোৱা টাকাম জেমছক চিকিৎসালয়ত কৰা চিকিৎসাৰ সময়ত হোৱা গাফিলতি আৰু অৱহেলাৰ ফলত ভুক্তভোগী লোকজনে চিৰদিনলৈ কণ্ঠস্বৰ হেৰুৱাবলগা হয় । গুৱাহাটীত কৰোৱা চিকিৎসাৰ পাছত সৃষ্টি হোৱা জটিলতাৰ বাবে পৰৱৰ্তী সময়ত তামিলনাডুৰ ভেলোৰৰ চি এম চিলৈ যোৱাত টাকাম জেমছৰ ক্ষেত্ৰত হোৱা ভুল চিকিৎসা তথা চিকিৎসকৰ গাফিলতিৰ কথা ধৰা পৰে ।

তাৰ পাছতে ভুক্তভোগী লোকজন ২০১৪ চনত উপভোক্তা আয়োগৰ কাষ চাপে । প্রায় এক দশকজোৰা আইনী যুঁজৰ পাছত অলপতে আয়োগে তেওঁৰ সপক্ষে ৰায়দান কৰে । চিকিৎসাৰ গাফিলতিত ভুক্তভোগীজন গুৰুতৰ ক্ষতিৰ বলি হ'বলগা হ'ল বুলি দাঙি ধৰা তথ্য-পাতি আৰু প্ৰমাণত আয়োগ পতিয়ন যায় ।

তেওঁৰ চিকিৎসাত চিকিৎসা পদ্ধতি আৰু নীতিৰ বহুকেইটা গুৰুতৰ উলংঘন হোৱাৰ কথাও আয়োগে ৰায়টোত আঙুলিয়াই দিছে ।

লগতে পঢ়ক :ইটিভি ভাৰতৰ দায়বদ্ধতা; প্ৰয়াত সাংবাদিক ৰাতুল ডেকাৰ পৰিয়াললৈ আৰ্থিক সাহায্য - JOURNALIST RATUL DEKA
লগতে পঢ়ক :কাৰাগাৰৰ আলহী হ'ল সাহিত্যিক ইছমাইল হোছেইন - CONTROVERSIAL COMMENTS ON FACEBOOK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.