২৬ গৰাকী জিলা আয়ুক্তক একেদিনাই বদলি : দিয়া হৈছে অতিৰিক্ত দায়িত্বও - Assam Administration
DC transfer Assam : একুৰিতকৈও অধিক জিলা আয়ুক্তক বদলি কৰা হৈছে ৷ ন্যস্ত কৰা হৈছে নতুন দায়িত্বত ৷ বহুকেইগৰাকী জিলা আয়ুক্তক দিয়া হৈছে অতিৰিক্ত দায়িত্ব ৷ কোনগৰাকী প্ৰশাসনিক বিষয়াৰ নতুন দায়িত্ব কি ? চাও আহক...

Published : September 6, 2024 at 5:20 PM IST
নিউজ ডেস্ক, 6 ছেপ্টেম্বৰ : শুকুৰবাৰৰ দিনটোত দিছপুৰৰ উপৰিও ডিব্ৰুগড়তো মুখ্যমন্ত্ৰীৰ এটা বিশেষ সচিবালয় মুকলি কৰাৰ সময়তে ৰাজ্যৰ প্ৰায় একুৰিতকৈও অধিক জিলা আয়ুক্তকে ধৰি প্ৰশাসনৰ শীৰ্ষ পদবীধাৰীসকলক বদলি কৰা হৈছে ৷ কেবাখনো জিলাৰ আয়ুক্তক বিভিন্ন বিভাগৰ আয়ুক্ত অথবা সচিব পদলৈ বদলি কৰি দিছপুৰলৈ অনা হৈছে ৷ আনহাতে বহুকেইগৰাকী জিলা আয়ুক্তৰ ওপৰত ন্যস্ত কৰা হৈছে অতিৰিক্ত দায়িত্ব ৷
কাক ক’ত নিযুক্তি :
| নাম | কি দায়িত্বত আছিল | কি হ’ল নতুন দায়িত্ব |
| জ্বলী কীৰ্তি | কামৰূপৰ আয়ুক্ত | পঞ্চায়ত-গ্ৰামোন্নয়নৰ আয়ুক্ত, স্বচ্ছ ভাৰত মিছনৰ পৰিচালন সঞ্চালক |
| ৰোহন কুমাৰ ঝা | কাছাৰৰ আয়ুক্ত | বৰপেটাৰ আয়ুক্ত |
| আয়ুস গাৰ্গ | বৰপেটাৰ আয়ুক্ত | শিৱসাগৰৰ আয়ুক্ত |
| ড৹ পি. উদয় প্ৰৱীণ | গোলাঘাটৰ আয়ুক্ত | উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব |
| মৃদুল যাদৱ | কৰিমগঞ্জৰ আয়ুক্ত | কাছাৰৰ আয়ুক্ত |
| আদিত্য বিক্ৰম যাদৱ | শিৱসাগৰৰ আয়ুক্ত | মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ যুটীয়া সচিব |
| মাছান্দা মাগডালিন পাৰ্টিন | পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিব | কোকৰাঝাৰৰ আয়ুক্ত, বড়োলেণ্ড এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ সঞ্চালক |
| জাভিৰ ৰাহুল সুৰেশ | ওদালগুৰিৰ আয়ুক্ত | ধেমাজিৰ আয়ুক্ত |
| প্ৰদীপ কুমাৰ দ্বিবেদী | কোকৰাঝাৰৰ আয়ুক্ত, বড়োলেণ্ড এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ সঞ্চালক | কৰিমগঞ্জৰ আয়ুক্ত |
| নাম | কি দায়িত্বত আছিল | কি হ’ল নতুন দায়িত্ব |
| জয় শিৱানী | পঞ্চায়ত-গ্ৰামোন্নয়নৰ আয়ুক্ত, স্বচ্ছ ভাৰত মিছনৰ পৰিচালন সঞ্চালক | যোৰহাটৰ আয়ুক্ত |
| নেহা যাদৱ | বিশ্বনাথৰ আয়ুক্ত | চৰাইদেউৰ আয়ু্ক্ত |
| গায়ত্ৰী দেৱী দাস হাইলিং | লখিমপুৰৰ আয়ুক্ত | বিত্ত বিভাগৰ যুটীয়া সচিব |
| দেৱ কুমাৰ মিশ্ৰ | শোণিতপুৰৰ আয়ুক্ত | কামৰূপৰ আয়ুক্ত, গুৱাহাটী বায়’টেক পাৰ্কৰ চি ই অ’ |
| কাবেৰী বৰকাকতি শৰ্মা | মাজুলীৰ আয়ুক্ত | ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত সচিব |
| গৌতম দাস | মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ অতিৰিক্ত সচিব | বাক্সাৰ আয়ুক্ত |
| বিদ্যুৎ বিকাশ ভাগৱতী | তামুলপুৰৰ আয়ুক্ত | হোজাইৰ আয়ুক্ত |
| ৰাতুল চন্দ্ৰ পাঠক | খাদ্য আৰু অসামৰিক যোগান বিভাগৰ যুটীয়া সচিব | মাজুলীৰ আয়ুক্ত |
| পুলক মহন্ত | যোৰহাটৰ আয়ুক্ত | গোলাঘাটৰ আযুক্ত |
| নিবেদন দাস পাটোৱাৰী | চৰাইদেউৰ আযুক্ত | পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিব, ASRLMৰ পৰিচালন সঞ্চালক |
| মুনীন্দ্ৰ নাথ ঙাটে | দৰঙৰ আয়ুক্ত | বিশ্বনাথৰ আয়ুক্ত |
| পৰাগ কুমাৰ কাকতি | গোলাঘাট জিলা পৰিষদৰ চি ই অ’ | দৰঙৰ আয়ুক্ত |
| পুলক পাটগিৰি | বিদ্যালয় শিক্ষা বিভাগৰ যুটীয়া সচিব | ওদালগুৰিৰ আয়ুক্ত |
| অংকুৰ ভড়ালী | ধেমাজিৰ আয়ুক্ত | শোণিতপুৰৰ আয়ুক্ত |
| লাচিত কুমাৰ দাস | হোজাইৰ আয়ুক্ত | লখিমপুৰৰ আয়ুক্ত |
| পল্লৱ মজুমদাৰ | ধুবুৰী জিলা উন্নয়ন আয়ুক্ত | মুখ্যমন্ত্ৰীৰ সচিবালৰ যুটীয়া সচিব |
| পংকজ চক্ৰৱৰ্তী | খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ যুটীয়া সচিব | তামুলপুৰৰ আয়ুক্ত |
লগতে পঢ়ক : পুনৰ আশাৰ ৰেঙণি : অসম চুক্তিৰ ছয় নং দফা আৰু ইয়াৰ দীঘলীয়া পৰিক্ৰমা
কি কি সা-সুবিধাৰে সুসজ্জিত কৰি তোলা হ’ল মুখ্যমন্ত্ৰী সচিবালয়ৰ মিনি সংস্কৰণক ?
উজনিলৈ উপহাৰ, দিছপুৰৰ পিছত এইবাৰ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ নতুন দৰবাৰ

