ETV Bharat / state

ঐতিহাসিক বুধবাৰ ! ভূৱন পেগুৰ দুচকুত চকুলো, মুখত মিচিং জাতিৰ জয়ধ্বনি - TEACH IN MISSING LANGUAGE

মিচিং সমাজত আনন্দৰ বন্যা । দুশখন নিম্ন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাত কৰা হ'ব পাঠদান ।

200 LP schools in Assam to teach in Missing language
দুশখন নিম্ন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাত কৰা হ'ব পাঠদান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 2, 2025 at 6:25 PM IST

2 Min Read

জোনাই: মিচিং আগম কৌবাং, টি এম পি কেৰ লগতে কেবাটাও মিচিং জাতীয় সংগঠন তথা মিচিং ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ ফলশ্ৰুতিত শেহতীয়াকৈ অসম চৰকাৰে আজিৰে পৰা 'নতুন শিক্ষা নীতি-২০২০'ৰ অধীনত অসমৰ প্ৰায় ১১ খন জিলাৰ ২০০ খন প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ত মিচিং ভাষাত পাঠদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ইয়াকে লৈ এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে জোনাইৰ মুৰ্কংচেলেক শিক্ষাখণ্ডৰ অধীনৰ ২৯ খন প্ৰাথমিক বিদ্যালয়ত ।

জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি বিদ্যালয়ে বিদ্যালয়ে উবুৰি খাই পৰে জোনাইৰ মিচিং ৰাইজ । সকলোৱে একমুখে মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীক জনাই ধন্যবাদ । নানা ৰঙেৰে ৰঙীণ কৰি তোলা বিদ্যালয়সমূহত নানা কাৰ্যসূচী গ্ৰহণ কৰা হয় । নাচি-বাগি আনন্দ কৰে মিচিং সমাজে । টি এম পি কেৰ নেতৃত্বত জোনাইত উলিওৱা হয় ধন্যবাদসূচক এক বিশাল ৰেলী । বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জোনাই সদৰত ৰেলী উলিয়াই অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ।

দুশখন নিম্ন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাত কৰা হ'ব পাঠদান (ETV Bharat Assam)

নিজৰ মাতৃভাষাৰ প্ৰতি এনে মৰম আৰু শ্ৰদ্ধাৰে এক নজিৰ দেখুৱাই মিচিং সমাজে । এনে আনন্দৰ সময়ত আপোন মানুহখিনিৰ কাষত উপস্থিত থাকে বিধায়ক ভূৱন পেগু । বুধবাৰে পুৱাই জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে কাৰ্চাং বিজয়পুৰ মিচিং প্ৰাথমিক বিদ্যালয়খন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ।

উদ্বোধন কৰি বিধায়ক ভূৱন পেগুৱে আনন্দ আৰু প্ৰাপ্তিৰ চকুলো টুকি কয়, "আজিৰে পৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা মিচিং মাধ্যমৰ এই বিদ্যালয়সমূহে আমাৰ মিচিং অধ্যুষিত অঞ্চলৰ কণ-কণ শিশুসকলক নিজ মাতৃভাষাতে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰি শিশুসকলৰ বৌদ্ধিক, শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ জৰিয়তে তেওঁলোকক ভবিষ্যতে একোজন সবল তথা সামৰ্থৱান ব্যক্তি হিচাপে গঢ়ি উঠাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।"

এই পৱিত্ৰ দিনটোত আমাৰ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ অতিকৈ আপোন নিজ মাতৃভাষাতে শিক্ষা লাভৰ সুবিধা কৰি দিয়া বাবে আনন্দৰ চকুলো বোৱাই, আৱেগ ভৰা ভাষাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক তেওঁ আন্তৰিক কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰে আৰু সমূহ মিচিং জনগোষ্ঠীয় ৰাইজলৈ এই ঐতিহাসিক ক্ষণৰ শুভেচ্ছা-অভিনন্দন জ্ঞাপন কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক: দিছপুৰত ইছৰ'ৰ অধ্যক্ষ ড০ ভি নাৰায়ণনৰে অসম চৰকাৰৰ বৈঠক - ISRO CHAIRMAN IN ASSAM

মহিলা উদ্যমিতা আঁচনি: বিশ্বনাথত ২৩,৩৬৭ গৰাকী মহিলাক চেক বিতৰণ মুখ্যমন্ত্ৰীৰ - CM HIMANTA BISWA SARMA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.