ETV Bharat / state

শিৱসাগৰত ডাম্পাৰ বিস্ফোৰণত আহত ২

উজনিত পুনৰ তেল চুৰি চক্ৰ সক্ৰিয় । চোৰাং তেল সৰবৰাহ কৰিবলৈ অভিনৱ পদ্ধতি ।

Dumper explosion in Sivasagar
বিস্ফোৰণস্থলীৰ এক দৃশ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 9, 2025 at 10:01 PM IST

2 Min Read
Choose ETV Bharat

শিৱসাগৰ: দক্ষিণৰ ছুপাৰহিট ছবি নহয়, তথাপি ছুপাৰহিট ছবি 'পুষ্পা'ৰ দৰেই এক ঘটনা । দক্ষিণৰ ছুপাৰহিট ছবিখনত চোৰাং চন্দন কাঠ সৰবৰাহৰ বাবে অভিনৱ কৌশল অৱলম্বন কৰাৰ দৰে শিৱসাগৰতো ঘটিল এক তেনে কাণ্ডই ।

তেল চুৰি চক্ৰই এখন ডাম্পাৰ সাজু কৰি থকা অৱস্থাত বিষ্ফোৰণ ঘটে ডাম্পাৰখনত । শিৱসাগৰ নগৰৰ বগীদল সিংহদ্বাৰত আবুল আলী নামৰ এটা তেলচোৰে চোৰাং তেল সৰবৰাহ কৰিবলৈ অভিনৱ উপায়েৰে এখন ডাম্পাৰৰ পিচফালে প্লেইন চিট লগাই জালাই কৰি থকাৰ সময়ত সংঘটিত হয় এই বিস্ফোৰণটো । তেলচোৰ আবুলে ডাম্পাৰৰ পাছৰ অংশত কায়দা কৰি চুৰি তেল সৰবৰাহৰ বাবে এক গোপন অংশ তৈয়াৰ কৰিবলৈ পৰিকল্পনা কৰিছিল । এই কাৰ্য চলি থকাৰ সময়তেই গোপন অংশটো বায়ুৰুদ্ধ হৈ বিস্ফোৰণ সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ।

শিৱসাগৰত ডাম্পাৰ বিস্ফোৰণ (ETV Bharat Assam)

ঘটনাৰ সময়ত জালাই কাম চলাই আছিল দুজন লোকে । বিস্ফোৰণৰ ফলত মুজাক্কিৰ আলী নামৰ লোকজনৰ এখন ভৰি ভাঙি যোৱাৰ লগতে আনজন সহযোগী সামান্য পৰিমাণে আহত হয় । আহত দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । ঘটনাৰ মূল অভিযুক্ত আবুল আলী পলাতক বুলি জানিব পৰা গৈছে ।

এই সন্দৰ্ভত এজন স্থানীয় ব্য়ক্তিয়ে কয়, "আজি আবেলি ৫ মান বজাত এটা বিস্ফোৰণৰ শব্দ শুনিবলৈ পাইছিলো । এই শব্দটো শুনাৰ লগে লগে শিঙৰা চাৰিআলিৰ ফালে আহিছিলো । ইয়াতে আহি দেখিলো পুষ্পা ষ্টাইলত এখন ডাম্পাৰত তেলৰ টেংকাৰ সাজি তেল চুৰি কৰি থকা পৰিলক্ষিত হ'ল । ইয়াৰ পিচতেই আৰক্ষী প্ৰশাসনক কথাটো জনালো । তেওঁলোকে আহি প্ৰাৰম্ভিক তদন্ত কৰাত পোহৰলৈ আহিল যে ইয়াত বৃহৎ বৃহৎ টেংকী সাজি খাৰুৱা তেলৰ সাগৰ কৰি থৈছে । এই তেলচুৰি চক্ৰৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনক দাবী জনাই আহিছো যদিও কোনো প্ৰমাণ নথকাত একো কৰিব পৰা নাছিলো ।"

লগতে পঢ়ক:অ' এন জি চিলৈ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ কাৰণ দৰ্শোৱাৰ জাননী - ONGC RIG GAS LEAKAGE