ETV Bharat / state

১৭ এ পি এছ বিষয়াক আই পি এছলৈ মনোনিত

এজন দুজন নহয়, একেলগে ৰাজ্যৰ ১৭ গৰাকী এ পি এছ বিষয়াক পদোন্নতি ৷

17 APS promoted to IPS
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 17, 2025 at 9:27 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম আৰক্ষীৰ বাবে সুখবৰ । ৰাজ্যত কৰ্মৰত মুঠ ১৭ গৰাকী অসম আৰক্ষী সেৱা (এ পি এছ)ৰ বিষয়াক ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ)লৈ পদোন্নতি দিয়া হৈছে। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে শুক্ৰবাৰে এক নিৰ্দেশ যোগে অসমৰ আৰক্ষীৰ ১৭ গৰাকী এ পি এছ বিষয়াক আই পি এছলৈ পদোন্নতি দিয়ে ।

২০১৯ ৰ পৰা ২০২৩ লৈ পাঁচখন বাচনি তালিকা অনুসৰি মুঠ ১৭ গৰাকী এ পি এছ বিষয়াক আই পি এছলৈ উন্নীত কৰা হৈছে । সেই অনুসৰি ২০১৯ৰ বাচনি তালিকাত জয়শ্ৰী খেৰচা, ডেভিদ নেইথাম আৰু মুগ্ধজ্যোতি মহন্তক আই পি এছলৈ পদোন্নতি দিয়া হৈছে । একেদৰে ২০২০ৰ বাচনি তালিকা অনুসৰি বেদান্ত মাধৱ ৰাজখোৱাক আই পি এছলৈ পদোন্নতি দিয়া হৈছে ।

17 APS promoted to IPS
১৭ এ পি এছ বিষয়া আই পি এছ হ'ল (ETV Bharat Assam)

আনহাতে ২০২১ৰ বাচনি তালিকা অনুসৰি গৌতম বৰা, ৰঞ্জন ভূ‍ঞা, প্ৰণৱজ্যোতি গোস্বামী, অমৃত ভুঞা, সুধাকৰ সিং আৰু ৰাজেন সিঙক আই পি এছলৈ পদোন্নতি দিয়া হৈছে । ২০২২ৰ বাচনি তালিকাত সুবোধ কুমাৰ সোণোৱাল, মুচলেহ উদ্দিন আহমেদ আৰু মিহিৰজিৎ গায়নক আই পি এছলৈ পদোন্নতি দিয়া হৈছে । সেইদৰে ২০২৩ৰ বাচনি তালিকাত হৰেকৃষ্ণ নাথ, মানৱেন্দ্ৰ দেৱৰয়, লংনিট টেৰন আৰু প্ৰশান্ত শইকীয়াক আই পি এছলৈ পদোন্নতি দিয়া হৈছে ।

অসম আৰক্ষীৰ ১৭ গৰাকী বিষয়াৰ এই পদোন্নতিত সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে । সামাজিক মাধ্যম যোগে তেওঁ কয় - "ভাৰতীয় আৰক্ষী সেৱালৈ মনোনীত অসম আৰক্ষী সেৱাৰ বিষয়াসকলক অভিনন্দন আৰু শুভেচ্ছা জনাইছো । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো । তেখেতৰ নিৰন্তৰ প্ৰচেষ্টা অবিহনে এইটো সম্ভৱ নহ'লহেঁতেন । আশাকৰোঁ প্ৰত্যেকেই নিজকে অসম আৰু দেশৰ জনসাধাৰণৰ সেৱাত পুনৰ সমৰ্পিত কৰিব ।"

লগতে পঢ়ক: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত গুৱাহাটী ! কি কয় বিগত বৰ্ষৰ পৰিসংখ্যাই