ETV Bharat / state

জাহ্নু বৰুৱালৈ পঞ্চদশ বাৰ্ষিক মঘাই ওজা বঁটা

গণশিল্পী মঘাই ওজাৰ জন্মস্থান যোৰহাটত দুদিনীয়া কাৰ্যসূচীৰে মঘাই ওজা দিৱস । আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱালৈ পঞ্চদশ বাৰ্ষিক মঘাই ওজা বঁটা ।

15th Annual Maghai Ojah Award to Jahnu Barua on the occasion of Maghai Ojah Diwas
জাহ্নু বৰুৱালৈ পঞ্চদশ বাৰ্ষিক মঘাই ওজা বঁটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 16, 2025 at 2:20 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: ১৫ মাৰ্চ অৰ্থাৎ শনিবাৰে অনুষ্ঠিত হয় গণশিল্পী মঘাই ওজা দিৱস । ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ঢোল বাদনৰে জাতিটোক জিলিকাই তোলা গণশিল্পীগৰাকীক স্মৰণ কৰে যোৰহাটত । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি সৌজন্যত আৰু যোৰহাট জিলা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে যোৰহাটত মঘাই ওজা দিৱস পালন কৰা হয় ।

প্ৰথম দিনাৰ কাৰ্যসূচীৰ পাছত ১৬ ডিচেম্বৰৰ দ্বিতীয় দিনা কাৰ্যসূচীত আন্তঃৰাষ্ট্ৰীয় প্ৰথিতযশা চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাক পঞ্চদশ বাৰ্ষিকী মঘাই ওজা বঁটা আৰু চুমী বৰা নামৰ শিক্ষাৰ্থী গৰাকীক তৃতীয় বাৰ্ষিক মঘাই ওজা শৈক্ষিক ন্যাস বঁটা প্ৰদান কৰা হ'ব ।

জাহ্নু বৰুৱালৈ পঞ্চদশ বাৰ্ষিক মঘাই ওজা বঁটা (ETV Bharat Assam)

ইফালে প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি যোৰহাট সদৰ থানাৰ তিনিআলিত থকা মঘাই ওজা আৱক্ষ মূৰ্তি বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জালি অৰ্পণ আৰু মাল্যাৰ্পন কৰা হয় । মঘাই ওজা প্ৰতিমূৰ্তি মাল্যাৰ্পন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে যোৰহাটৰ সমাজকৰ্মী কমল জালানে । এই কাৰ্যসূচীত সহযোগ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতাকে আদি কৰি যুৱ ছাত্র পৰিষদৰ নেতৃত্ববৃন্দই ।

আনহাতে মঘাই ওজা দিৱসৰ প্ৰথম দিনা গণশিল্পী মঘাই ওজাক স্মৰণ কৰি যোৰহাটৰ সমাজকৰ্মী কমল জালানে কয়, "জাতি আৰু সংস্কৃতি গঢ়িবলৈ হ'লে শিল্পীৰ নিতান্তই প্ৰয়োজন । যদি শিল্পী নাথাকে তেতিয়াহ'লে জাতিটো বঠাবিহীন নাৱৰ দৰে হৈ পৰিব । গণশিল্পী মঘাই ওজা এজন মাটি শিল্পী ৷ গণশিল্পীগৰাকীয়ে কুৰি টকাতেই তেওঁ সৃষ্টিৰাজি প্ৰদৰ্শন কৰিছিল আৰু ঢোলৰ কলাৰ জৰিয়তে অসম নাম বিশ্ব দৰবাত প্ৰতিষ্ঠিত কৰিছিল আৰু অসমৰ নাম প্ৰতিষ্ঠা কৰাত তেওঁ স্বাস্থ্য প্ৰতিও ভ্ৰুক্ষেপ কৰা নাছিল ।" উল্লেখ্য যে ১৯১৬ চনত যোৰহাট হাতীগড় মৌজা নাওশলীয়াত জন্মগ্ৰহণ কৰা গণশিল্পী মঘা ওজাই ১৯৭৮ চনৰ ১৫ মাৰ্চ তাৰিখে ইহলীলা সম্বৰণ কৰে ।

লগতে পঢ়ক: পৰিচালক জাহ্নু বৰুৱালৈ মঘাই ওজা স্মাৰক বঁটা - JAHNU BARUA MOGHAI OJAH AWARD

মঘাই ওজাক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে ৰাজ্য চৰকাৰে: পলাশ চাংমাই - Ganashilpi Maghai Oza Award