দুৰ্ভাগ্যজনক ! বিহু খাই সমাজৰ ৰোষত পৰিল 14 টাকৈ পৰিয়াল - 14 families Boycott in Mangaldoi
Boycott from society : বিহু খাই সমাজৰ ৰোষত পৰিল 14 টাকৈ পৰিয়াল ৷ মঙলদৈ চহৰৰ নিকটৱৰ্তী 1 নং মেধিপাৰা গাঁৱত সংঘটিত হৈছে এই নিকৃষ্টকাণ্ড ৷ সমাজৰ একাংশ লোকৰ নিম্ন মানসিকতাই হতাশাত ভুগাইছে এগৰীয়া পৰিয়ালকেইটাক ৷

Published : May 24, 2024 at 2:03 PM IST
মঙলদৈ, 24 মে’ : একবিংশ শতিকাত বিজ্ঞানৰ জয়জয়কাৰ সময়তো একাংশ লোকৰ নিকৃষ্টকাণ্ডই হতাশ কৰিছে সচেতন লোকক ৷ মঙলদৈ চহৰৰ নিকটৱৰ্তী 1 নং মেধিপাৰা গাঁৱৰ 14 টা পৰিয়ালক বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খোৱাৰ বাবেই সমাজে অস্পৃশ্য কৰিছে । যোৱা 26 এপ্ৰিলত গাঁওৰ খেলে সমাজচ্যুত কৰিছে পৰিয়ালকেইটিক ।
আজি এই সম্পৰ্কে গাঁওখনৰ সমাজচ্যুত পৰিয়ালসমূহ একত্ৰিত হৈ প্ৰশাসনৰ ওচৰত ন্যায় বিচৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । জানিব পৰা মতে, গাঁওখনত 350 ঘৰ পৰিয়াল আছে আৰু ইয়াৰে 14 টা পৰিয়ালক এঘৰীয়া কৰাত সমগ্ৰ অঞ্চলটোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । গাঁওখনৰ মিলন ডেকা নামৰ লোকজনে যোৱা বহাগ বিহুৰ সময়ত ভাত খাবলৈ নিমন্ত্ৰণ জনাইছিল কেইগৰাকীমান বন্ধু-বান্ধৱ লগতে নিজৰ শহুৰ, খুৰা-খুৰী আৰু পেহাকৰ পৰিয়ালক । ইয়াতে সমাজ তথা খেলৰ বৰমুৰীয়াসকল ক্ষোভিত পৰে । কিয়নো যোৱা মাঘ বিহুৰ সময়তে মিলন ডেকাক এঘৰীয়া কৰিছিল খেলে ।
মিলন ডেকাই শংকৰী পৰম্পৰাত বিশ্বাসী নিজ মামাকৰ ঘৰলৈ গৈ বিয়াত অংশগ্ৰহণ কৰিছিল । যাৰ বাবে মাঘ বিহু তথা চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই মিলন ডেকাৰ পৰিয়ালটিক সমাজে এঘৰীয়া কৰি থৈছিল । এতিয়া মিলন ডেকাৰ ঘৰলৈ সাধাৰণ বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি ভাত খোৱাৰ বাবে মিলন ডেকাৰ শহুৰৰ ঘৰৰ লগতে খুৰা-খুৰী আৰু পেহীৰ ঘৰৰ পৰিয়ালকো এঘৰীয়া কৰিলে সমাজ তথা খেলে ।
1 নং মেধিপাৰা গাঁৱৰ খেলে সমাজৰ পৰা আলাগ কৰা পৰিয়ালসমূহ হৈছে মিলন ডেকা, বিপুল ডেকা, ধিৰেন কলিতা, ভূপেন ডেকা, পাপু ডেকা, হেম ডেকা, গকুল ডেকা, সভাৰাম কেওট, অনন্ত ডেকা, উপেন ডেকা, ভাগ্য ডেকা, দুৰ্গেশ্বৰ ডেকা, কুলেন ডেকা আৰু যোগেশ্বৰ ডেকা ।
আজি এই সম্পৰ্কে ক্ষোভ ব্যক্ত কৰি মিলন ডেকাই কয়, "আজিৰ আধুনিক সমাজ ব্যৱস্থাটো এনে নিয়ম আছেনে ? ইয়ে আমাৰ সমাজখনত ভাঙোন আনিছে আৰু নৱ প্ৰজন্মৰ মাজত বিভাজনৰ বীজ ৰোপন কৰিছে । ইয়াৰ বিৰুদ্ধে প্ৰশাসনে উচিত বিচাৰ কৰি আমাক ন্যায় দিব লাগে ।"

