শোণিতপুৰ জিলা দিৱস : ১৩২০ গৰাকী দিব্যাংগক প্ৰয়োজনীয় সঁজুলি প্ৰদান - SONITPUR DISTRICT FOUNDATION DAY
Special camp in Tezpur : শোণিতপুৰ জিলা দিৱস উদযাপন ৷ এইবাৰ প্ৰায় ১৩২০ গৰাকী আৰ্তজনক হুইল চেয়াৰ, ট্ৰাইচাইকেল, হিয়াৰিং এড, ক্লাছ, ৱাকাৰ, ফল্ডিং ষ্টিক, কেলিপাৰ, কৃত্ৰিম হাত, কৃত্ৰিম ভৰি আদি প্ৰয়োজনীয় সঁজুলি যোগান ধৰাৰ পৰিকল্পনা কৰা হৈছে ।

Published : August 2, 2024 at 10:37 PM IST
তেজপুৰ, ২ আগষ্ট : শাৰীৰিক বাধাগ্ৰস্ত লোকৰ বাবে এতিয়া বিপদৰ বন্ধু জয়পুৰ ফুট কেম্প । শোণিতপুৰ জিলা দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে শুক্ৰবাৰে তেজপুৰত ইণ্ডিয়ান ৰেডক্ৰ'ছ ছ’চাইটি (শোণিতপুৰ শাখা), ভগৱান মহাবীৰ বিকলাংগ সহায়তা সমিতি, উত্তৰ অসম দিব্যাং এছ’চিয়েচন (শোণিতপুৰ শাখা), টোডি ফাউণ্ডেশ্যন (আমেৰিকা)ৰ সহযোগিতাৰ লগতে জিলা প্ৰশাসনৰ প্ৰচেষ্টাত সুনীত ব্ৰুৱেৰীজ প্ৰাইভেট লিমিটেডে ছয়দিনীয়া এক বিশেষ শিবিৰ মুকলি কৰে ।
প্ৰথম দিনাই প্ৰায় ১৩২০ গৰাকী দিব্যাংগ লোকৰ অন্তৰ্ভুক্তৰে এক বিশাল শিবিৰ মুকলি কৰে জলসম্পদ ,জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাই । তেওঁ কয়," মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰৰ সমাজৰ সকলো শ্ৰেণীৰ উত্থানৰ প্ৰতি থকা দায়বদ্ধতাৰে কাম কৰিছে ।" অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰি জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয়," বিগত বৰ্ষৰ শিবিৰৰ সময়ত বিশেষ সফলতা আৰু ইতিবাচক সঁহাৰি লাভ কৰাৰ পিচত ৫২০ জন বিশেষভাৱে সক্ষম ব্যক্তিক উপকৃত কৰিছিল । এইবাৰো জয়পুৰ ফুট শিবিৰৰ আয়োজন কৰা হৈছে । এক অনুষ্ঠানৰ সমান্তৰালকৈ আন বহুকেইটা অনুষ্ঠানৰ লগতে শোণিতপুৰ জিলা দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি এই শিবিৰ ৬ আগষ্টলৈকে চলিব ।"
উল্লেখ্য় যে এইবাৰ প্ৰায় ১৩২০ জন আৰ্তজনক হুইল চেয়াৰ, ট্ৰাইচাইকেল, হিয়াৰিং এড, ক্লাছ, ৱাকাৰ, ফল্ডিং ষ্টিক, কেলিপাৰ, কৃত্ৰিম হাত, কৃত্ৰিম ভৰি আদি প্ৰয়োজনীয় সঁজুলি যোগান ধৰাৰ পৰিকল্পনা কৰা হৈছে । ইয়াৰ ভিতৰত আছে বিশ্বনাথ জিলাৰ চাহ বাগিচাৰ পৰা ৮৬ জন হিতাধিকাৰী । সম্পূৰ্ণৰূপে বিনামূলীয়া এই লোকসকলে জয়পুৰ ফুট কেম্পৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে ।
অনুষ্ঠানটোত শোণিতপুৰ জিলাৰ তিনিগৰাকী বিধায়ক ক্ৰমে পৃথ্বীৰাজ ৰাভা, কৃষ্ণ কমল তাঁতী আৰু গণেশ লিম্বুৰ লগতে বিধায়ক জিতু গোস্বামীও উপস্থিত থাকে ।
এই অনুষ্ঠানটোত ভগৱান মহাবীৰ বিকলাংগ সহায়তা সমিতিৰ সঞ্চালক পি আৰ মেহতা, ৰমেশ আগৰৱাল আৰু টোডি ফাউণ্ডেচনৰ কিৰণ আগৰৱাল, ইণ্ডিয়ান ৰেডক্ৰ'ছ ছ'চাইটিৰ অধ্যক্ষ শোণিতপুৰ জিলাত হেমেন্দ্ৰ নাথ শৰ্মা আৰু উপ-সভাপতি হেমন্ত লহকৰৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনৰ সংশ্লিষ্ট গুৰুত্বপূৰ্ণ বিষয়া উপস্থিত থাকে ।

